Posts

দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা

আমি সদায়  সুস্থ  আৰু যৌৱনময় হৈ থাকিব বিচাৰোঁ । প্ৰকৃতিৰ নিয়ম মতে সকলোৱে বৃদ্ধ/ বৃদ্ধা হ'বই  কিন্তু আমি ইয়াৰ গতিটো নিয়ন্ত্ৰণ কৰিব পাৰি । বয়সৰ চাপ পৰা বিষয়টো পৃথিৱীৰ কোনেও হয়তো নিবিচাৰে । সকলোৱে বিচাৰে নিৰোগী সুস্থ আৰু যৌৱনময় দেহ । ইয়াৰ বাবে নিয়মিত ব্যয়ামৰ লগতে আমাৰ খাদ্যাভাস সলনি কৰা । কিছুমান খাদ্য আমি সহজতে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰি যিবোৰ খালে দেহক সুস্থ আৰু যৌৱনময় কৰি ৰাখিব পাৰি । দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা- ১) খেজুৰ - খেজুৰৰ গুনাগুণৰ বিষয়ে আমি সকলোৱে অৱগত । খেজুৰত কেলছিয়াম , পটাছিয়াম , প্ৰটিন, কাৰ্বহাড্ৰেইট আদি পোৱা যায় । ইয়াৰ ওপৰিও খেজুৰে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰিব পাৰে । দেহ সুস্থ ৰাখিবলৈ প্ৰতিদিনে তিনিটা বা চাৰিটা কৈ খেজুৰ খাব ।  2) বেদেনা /ডালিম - ডালিমত যথেষ্ট পৰিমাণে আইৰণ আৰু এন্টি-অক্সডেন্ট  ভৰপূৰ । ডালিমে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰাৰ লগতে কলেজেন সৃষ্টি হোৱাত সহায় কৰে যাৰ বাবে চামৰা সদায় উজ্জ্বল আৰু যৌৱনপ্ৰাপ্ত কৰি ৰাখে ।   3) তৰমুজ- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ

ফাগুন

 ফাগুন উদাস মুহূৰ্তৰ হালধীয়া পাতবোৰ গছকি কোনোবাই  দুৱাৰত টুকুৰিয়ালে  অনুভৱৰ উত্তাপত বাগৰ সলাই কোন বুলি সোধাত কলে 'মই ফাগুন'  খিৰিকীৰে দেখিলোঁ দুহাতত ৰঙৰ সম্ভাৰ চুলিত বহুদিনৰ ধূসৰতা ওঁ‌ঠত বৰষুণৰ তৃষ্ণা শুকান কাঁইটৰ আচোৰত ফটা -ছিটা কাপোৰ  ঈশ্বৰৰ ঘৰত প্ৰৰ্থনাৰ পিছত চকুত জ্বলি উঠা বিশ্বাসৰ দৰেই দুচকুত সম্ভাৱনাময় আবেলিৰ  পোহৰ  আচৰিতভাৱে অনুভৱ কৰিলোঁ‌ সেই পোহৰৰ উত্তাপ ৰন্ধ্ৰে ৰন্ধ্ৰে দৌৰিবলৈ ধৰিলে যন্ত্ৰণাময় অনাহুত বিহ  অন্তহীন যাদুকৰী পোহৰৰ মুগ্ধতাত এতিয়া মই বন্দী এতিয়া মোৰ  প্ৰতিবাদ অৰ্থহীন অপচয় মাত্ৰ  তেওঁ‌ দুৱাৰ খুলি সোমাই আহিল ধুমুহা গতিৰে নিজ খেয়াল খুচি মতে দুগালত ৰঙবোৰ সানি দি বেৰত আউজি থিয় হৈ নিৰন্তৰ চাই ৰ'ল মোলৈ  তেওঁ‌ৰ ওঁ‌ঠে আওৰাই গল বিপ্লৱৰ গোপন মন্ত্ৰ পাবলো নেৰুদা,গুৱেভাৰাতকৈও দুৰ্দান্ত বিপ্লৱী বিপ্লৱী মানেইতো প্ৰেমিক যুগে যুগে প্ৰেমিকবোৰেই বিপ্লৱৰ ৰঙা নিচান উৰায়  ঘৰৰ প্ৰতিটো চুকত পৰি থকা নিৰ্জনতাবোৰত বাজি উঠিল বিপ্লৱৰ শ্লোগান বিষাদৰ পখিটোয়ে সাৰ পাই উৰি থাকিল এতিয়া মোৰ বুকুৰ শস্যডৰা খুটি খুটি খাব  বিপ্লৱী ফাগুনে  উকা বেৰত আউজি ৰৈ কলাফুল ওলাই থকা ভৰি দুখনলৈ চাই আছিল 

ইংৰাজৰ প্ৰথম শাসন প্ৰতিষ্ঠা আৰু ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন

১৫৯৯ খ্ৰীষ্টাব্দ । "ইষ্ট-ইণ্ডিয়া কোম্পানী" প্ৰতিষ্ঠা কৰে ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা প্ৰাচ্যৰ সতে বেহা-বেপাৰ কৰিবলৈ ১৫ বছৰৰ বাবে অনুমতি পত্ৰ লাভ কৰিছিল । কিন্তু, ভাৰতত বেহা-বেপাৰৰ বাবে মোগল সম্ৰাটৰ অনুমতিৰ প্ৰয়োজন আছিল । ১৬০৯ খ্ৰীষ্টাব্দত তেনে এক অনুমতি লাভৰ বাবে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও পৰ্টুগীজ সকলৰ প্ৰভাৱত সম্ৰাটৰ পৰা অনুমতি নাপালে । ১৬১৩ খ্ৰীষ্টাব্দত আন এজন ইংৰাজ ছাৰ থমাচ ৰোৱে জাহাংগীৰৰ দৰবাৰত তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি লাভ কৰিছিল । ১৬১৩ খ্ৰীষ্টাব্দতেই প্ৰথম কুঠী স্থাপিত হয় সুৰটত । সেই সময়তে ফ্ৰান্সিস্ ডেই নামৰ এজন ইংৰাজ বেপাৰীয়ে মাদ্ৰাজ চহৰখন কিনি লৈ তাত ফোৰ্ট চেন্ট জৰ্জ নামৰ এটা কাৰখানা স্থাপন কৰিছিল ।  পিচে চাৰ্লছে সেইখন আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক পঞ্চাশ হাজাৰ ঋণৰ বিনিময়ত হস্তান্তৰ কৰিছিল । ১৬১৬ খ্ৰীষ্টাব্দত টমাছ ৰো নামৰ এজন ইংৰাজ ৰাজনীতিজ্ঞ ইংলেণ্ডৰ দূত হিচাপে ১৬১৬ খ্ৰীষ্টাব্দত উপস্থিত হয় সম্ৰাট জাহাঙ্গীৰৰ ৰাজসভাত । জাহাঙ্গীৰৰ বাবে লৈ আহিছিল বিলাতী সুৰা আৰু বিদেশী

অপেক্ষা

  অপেক্ষা  দিনের গভীরে রাত হারিয়ে যায়  রাতের গভীরে দিন হারিয়ে যায়  তার পর মাস , বছর হারায় তার পর একটি একটি যুগ কেঁউ কাকো ধরে রাখতে পারেনা সবি সুধু হারিয়ে যায়  তবু আকাঙ্খা ফুরায় না সময়ের গভীরে  জীবনের একটা একটা পৃষ্ঠা হারিয়ে যায়  তবু আশা ফুরায় না প্রতিক্ষা ফুরায় না শুকনো ডালে একটি পাতা আকরে রাখার মতো কোনো এক অপেক্ষা  জীবনটাকে আকরে ধরে রাখে কিসের অপেক্ষা  কেনো এই অপেক্ষা  তার কোনো উত্তর নেই শুধু মাত্র অপেক্ষা রয়ে যায়  কেঁউ বহু আপোন হৈয়ে  দূরে চলে যায়  কেঁউ চখের আরালে থেকে প্রতিক্ষার  মোহর মেরে দেয় যার ফিরে আসার কথা ছিলো   সাথে চলার কথা ছিলো  ভালোবাসার কথা ছিলো  সে কোনোদিন আসে না তবুও অপেক্ষা রৈয়ে যায় । একদিন মৃত্যু এসে সব নিয়ে যায়  মৃত্যুৰ খাতায় অপেক্ষা থাকেনা সুধু শেষ লেখা থাকে ।  

উচ্ছেদ

  উচ্ছেদ  মুক্ত আকাশের নীচে খালি পায়ে হাইটা হাইটা শরীরের ঘাম মাটিত ফালায়া  জীৱনভৰ একটেকা দুইটেকা কইৰা জমায়া মাটি কিনা সপ্নের একটা ঘর করি মুহূর্তের মধ্যেই আপন হাতে গঢ়া ঘর বুলডোজার দিয়া ভাইঙ্গা দেয় ঠিকানা থাইকাও আমরা ঠিকানাবিহীন হৈ বছর বছর আমৰা মাটির খাজনা দেই সেই মাটির দলিল , মাটির খাজনা রসিদ  কিছু কাম দেয় না ,  কাগজের টুকরা হৈয়া চানাচূৰৱালাৰ হাতে যায়  তাৰ মধ্যে মানুসে চানাচূৰ খায়া  হাত মুইচা ফালায়া দেয় আমৰা বুকে থাপৰায়া , কপাল আচৰায়া  ভাগ্যেৰ লেখন বিলা মাইনা নেই । আঙ্গরে দেশ আছে  দেশের নাগৰিক অধিকার নাই আবাৰ ভোটের সময় আমৰা দেশেৰ নাগৰিক হৈ ভোটেৰ সময়  আঙ্গরে দাম ওঠে নেতারা আইসে আঙ্গরে ভোট চাইবার  ভোট গেলে আঙ্গরে ফুটবল বানায়  কেঁউ একমুরা থিকা লাথ মারে  কেঁউ আরাক মুরা থিকা লাথ মারে । বানপানীয়ে আঙ্গরে চোখের পানী ধুয়া  বোবা বানায়া থুয়া যায় আর ঠাণ্ডা আঙ্গরে হাড্ডির ভিতরে ঢুকে  স্বেতবর্ণ বক্তের সাথে মিচিল পাতে আঙ্গরে পেটে খিদায় ধর্মসভা পাতে মাইকে চিল্লায়া চিল্লায়া ভাষণ দেয়  খিদাৰ ধৰ্মসভা শোনাৰ মতো কেও থাকেনা অভিভাৱকবিহীন লাশেৰ মতো  আঙ্গোৰে জীৱনগোনা ফুটপাথে  নদীৰ কিনাৰে পইৰা থাকে ।

গোন্ধ

 ॥গোন্ধ ॥ কুৱলী ভেদি নিষ্কৃয় বেলিটি নামি আহে মেটমৰা বাহপাতেদি চাৰিআলিৰ কেকুৰীত, কাষত থিয় হৈ আছে এটি জৰাজীৰ্ণ জুপুৰি । কেকুৰীতে পোহৰবোৰক আন্ধাৰে আগভেটা দিয়ে, কি নিৰ্দয় আন্ধাৰ! জুপুৰিৰ মধুচেদি ৰাতি তৰা এটি নামে সপোনবোৰ বোকোচাত লৈ, জুপুৰিটি জীৱন্ত হয়, এৰা! জীৱন্ত, হঠাৎ কচাইখানাৰ চিৎকাৰ? জুপুৰিৰ পিৰালিয়েদি কিহৰ স্ৰোত এয়া? ৰং দেখোন ৰঙা ,আৰু  আৰু গোন্ধ ? সপোন ! মানুহ নে মানৱতাৰ ?

পাগলী

 # পাগলী            ------ ------ মহানগৰৰ পৰা পোহৰহীন চহৰলৈ পুৰণি সভ্যতা এটাৰ দৰেই পাগলিজনী ৰৈ আছে এই হাঁ‌হিছে এই কান্দিছে পাউৰুটিৰ টুকুৰাটো চিঙি এটুকুৰা এটুকুৰাকৈ ভগাইছে আমাৰ মাজত বহু যুগৰ ব্যৱধান তাই হাতখন বঢ়াই দিলে 'ভোক লাগিছে?আহা খোৱাহি ,আহা.. .' নাই,মোৰ ভোক লগা নাই 'তেন্তে টকা লাগে . . ? চৰাইৰ ঠোঁটৰ দৰে আঙুলিকেইটাই জীৰিলি মোনাৰ পৰা খুচুৰি খুচুৰি উলিয়ালে এমুঠি জীৱনৰ টুকুৰা এই এশ টকা ফুলুৰ মাকৰ এই এশ টকা জিতুৰ মাকৰ . . . . . . জানা,সিহঁতে বহুদিন হ'ল কাম কৰিব পৰা নাই বাচ্চাবোৰ নাখাই মৰিব সিহঁতক এশ টকাকৈ দিম  আৰু এই এশ টকা তুমি লোৱা এশ টকা নহয় -এটকাহে 'নহয় এশটকা,পাগল পাগল-'তাই হাঁ‌হিলে বহুত হাঁ‌হিলে,হাঁ‌হি হাঁ‌হি কান্দোঁন জুৰিলে চহৰৰ খটখটিয়েদি আহোঁতে চচমাযোৰ খুলি থৈ আহিবা,তেতিয়া .. . ইয়াত চেনিটাইজ কৰা অৰ্ধজীৱিত জীৱনৰ উশাহ লওতেও কৰ দিব লাগে তুমিও গুচি যোৱা,গুচি যোৱা ইয়াত মহামাৰী লাগিছে,ভোকৰ মহামাৰী গছে গছে ওলমি আছে কৃষকৰ শৱ  বৃদ্ধা এগৰাকী জুপুৰিৰ পৰা চিঞৰিলে  জুপুৰিটো কপি আছে ভিতৰত বেমাৰীৰ গলৰ গেৰগৰনি আৰু কেচেমা কেচেম গোন্ধ ভাহি আহিছে জুহালত চকুলোৰে ভৰিছে হবলা!