Posts

সুস্থ চিন্তা

  বৃদ্ধ আশ্ৰমৰ বাবে অকল সন্তানক দোষাৰোপ কৰি যুক্তিকৰ নহয়। কিছুমান অকল সন্তানৰ কাৰনেই হয় কিন্তু প্ৰায়ভাগৰে উৰহিৰ(  ওৰ ) বেলেগহে । এদিন বান্ধৱী এজনীৰ লগত ল'ৰা- ছোৱালীৰ কথা পাতোতে হঠাৎ কৈ উঠিল - ল'ৰাৰ লগত ফ্ৰেন্ডলী হ'ব লাগে । আজি তই যেনে ব্যৱহাৰ কৰিবি কাইলৈ সিও একেই ব্যৱহাৰ কৰিব। বৃদ্ধ আশ্ৰমবোৰ কি কাৰণে হৈছে ? সৰুতে ল'ৰা - ছোৱালীক সময় দিয়া নাই, মমতাৰে বুকুত আকোৱালী ল'ব পৰা নাই , যাৰ বাবে সিহঁৰত মাজত আত্মিকতা হোৱা নাই । শেষত কি হয় বৃদ্ধ আশ্ৰম।  সেইকাৰণে লৰা- ছোৱালীৰ লগত ভাল ব্যৱহাৰ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে।

সুস্থ চিন্তা

  1) সুস্থ সমাজ বিচাৰিলে প্ৰথমে নিজৰ মানসিকতা সুস্থ কৰক , নিজৰ ঘৰখন সুস্থ কৰক । সুস্থ মানসিকতা আৰু সুস্থ ঘৰেই সুস্থ সমাজৰ মূল ভেটি। 2) নিজৰ ঘৰখনৰ পৰিৱেশ উন্নত কৰিব বিচাৰিলে প্ৰথমে নিজৰ মনোভাৱ , নিজৰ চিন্তাশক্তিৰ উৎকৰ্ষ কৰক ।  3) এজন মানুহ বয়সত ডাঙৰ হলেই তেওঁ ডাঙৰ হৈ নাযায় , চিন্তাচৰ্চা আৰু কৰ্মইহে মানুহক সৰু বা ডাঙৰ কৰে । 4) যিয়ে নিজৰ মাকক সন্মান কৰিব নাজানে , তেওঁ পৃথিৱীৰ আন কোনো মানুহকে সন্মান কৰিব নাজানে , এনেকি নিজকো সন্মান নকৰে । এনে মানুহৰ পৰা সদায় দূৰত থকাটোৱে শ্ৰেয়। 5) মইবৰ ভবা মানুহক কেতিয়াও মানুহে সন্মান নকৰে , আনহাতে হীনমান্যতাত ভুগি নিজৰ দোষবোৰ ঢাকি থৈ আনক দোষাৰোপ কৰি থাকিলেও মানুহে তাক ভাল নাপায় , সেয়েহ সদায় নিজৰ মানসিকতা উন্নত কৰাৰ চেষ্টা কৰক ।

চৰ চাপৰিৰ জন - জীৱন আৰু অৰ্থ সামাজিক উন্নয়ন

  চৰ  চাপৰিৰ জন - জীৱন আৰু অৰ্থ সামাজিক উন্নয়ন চৰ চাপ ৰিৰ মিয়া জনগোষ্ঠীৰ জন জীৱন আৰু অৰ্থ সামাজিক দিশটো আলোচনা কৰিবলৈ হ’লে প্ৰথমে এই জন গোষ্ঠীৰ ইতিহস বা পটভূমিৰ বিষয়ে জানিব লগিব।       বৰ্তমান অসমত চৈধ্যখ্ন জিলাত 2251 খ্ন চৰ চাপৰি আছে । এই 2251 খ্ন চৰাঞ্চলত 434758 টা পৰিয়াল আছে। উক্ত পৰিয়ালত 24,90,397 জন লোক বসবাস কৰে । বৰ্তমান বসতি  কৰি থকা এই অঞ্চলসমুহ হাবি বননি আৰু পিতনিৰে ভৰা আছিল । অঞ্চলবোৰত দিন দুপৰতে বাঘ ভালুক উলাইছিল। নামনি অসমৰ ৰজা আৰু জমিদাৰ সকলোৰ চিকাৰৰ কাহিনি বোৰত তাৰেই প্ৰমাণ ।  কুৰি শতিকাৰ প্ৰথ্ম দশকৰ পৰা এই অঞ্চল সমুহত বসতি আৰম্ভ হয়। 1826 খৃষ্টাব্দত অসম ইংৰাজৰ অধিনলৈ যায়। অসমত উপনিৱেশ পাতি থকা অত্যাচাৰি মান সকল অসমৰ ৰাজহাড় প্ৰায় ভাঙি থৈ গুচি যায়। ইংৰাজ সকলে অসম দখ্ল কৰাৰ পিছতে অসমৰ নানা সম্পদ যেনে চাহ , তেল , কয়লা, কৃষিভূমি আদিলৈ নজৰ দিয়ে। ইংৰাজ সকলে প্ৰথমেই চাহ খেতিৰ ওপৰত গুৰুত্ব দিয়ে। অসমত চাহ খেতি কৰিবৰ বাবে ওপযুক্ত শ্ৰমিক আৰু ৰাজ কৰ্মচাৰী নাপাই বহিঃ ৰাজ্যৰ পৰা আমদানি কৰে। সিসতে প্ৰচুৰ শ্ৰমিক আনে । যদিও সিহতৰ বাবে খাদ্যৰ নাটনি হয়।আসমত বহুত পতিত মাটি আছিল । যদিও কৃষিকৰ

অপেক্ষা

  অপেক্ষা  দিনের গভীরে রাত হারিয়ে যায়  রাতের গভীরে দিন হারিয়ে যায়  তার পর মাস , বছর হারায় তার পর একটি একটি যুগ কেঁউ কাকো ধরে রাখতে পারেনা সবি সুধু হারিয়ে যায়  তবু আকাঙ্খা ফুরায় না সময়ের গভীরে  জীবনের একটা একটা পৃষ্ঠা হারিয়ে যায়  তবু আশা ফুরায় না প্রতিক্ষা ফুরায় না শুকনো ডালে একটি পাতা আকরে রাখার মতো কোনো এক অপেক্ষা  জীবনটাকে আকরে ধরে রাখে কিসের অপেক্ষা  কেনো এই অপেক্ষা  তার কোনো উত্তর নেই শুধু মাত্র অপেক্ষা রয়ে যায়  কেঁউ বহু আপোন হৈয়ে  দূরে চলে যায়  কেঁউ চখের আরালে থেকে প্রতিক্ষার  মোহর মেরে দেয় যার ফিরে আসার কথা ছিলো   সাথে চলার কথা ছিলো  ভালোবাসার কথা ছিলো  সে কোনোদিন আসে না তবুও অপেক্ষা রৈয়ে যায় । একদিন মৃত্যু এসে সব নিয়ে যায়  মৃত্যুৰ খাতায় অপেক্ষা থাকেনা সুধু শেষ লেখা থাকে ।

সাঁকো

  হাজাৰ ব্যস্ততাৰ মাজতো মানুহে মানুহৰ সংগ বিচাৰে,মানুহৰ মৰম বিচাৰি।প্ৰেমৰ পিছে পিছে ঘূৰিছে বিশ্ব ব্ৰাহ্মণ্ড।তথাপিও মানৱ প্ৰেমত ঘূণে ধৰিছে।যিটো সময়ত আবিদ মাষ্টৰে এক সুখী জীৱন কটাব লাগিছিল। সুখৰ জীৱন থাকিব লাগিছিল।মুক্তমনে ঘূৰি ফুৰিব লাগিছিল।অৱসৰ জীৱনটো ঘূৰি পকি তীৰ্থ ভ্ৰমণ কৰি ঘূৰাৰ সময় কিন্তু সময়ে সেয়া কাঢ়ি কৈছে। এক অস্থিৰতাই গাস কৰিছে সকলোতে। আবিদ মাষ্টৰে খিৰিকীৰ কাষত থকা বিচনাখনত টোপনি আহিবলৈ চেষ্টা কৰি আছে।ঘৈনিয়েকে ওলপ দূৰৈত মজিয়াতে বহি আধা শুকান তামোলকেইটা কাটি আছে।শকত মানুহজনী ঘামত তিতি গৈছে।বাহিৰত প্ৰখৰ ৰ'দ। গৰমো পৰিছে কিছু।হাই প্ৰেচাৰ থকা বাবে গৰমত চটফটাইছে।ওপৰত ফেনটো ঘেৰ ঘেৰাই ঘূৰিছে।বহুত পুৰণি হোৱা বাবে ঘূৰো নুঘূৰোকৈ ঘূৰি আছে।বতাহৰ গতি বঢ়াব পৰা নাই।পোন্ধৰ- বিশ বছৰ ধৰি এই ফেনটোয়ে দুয়োকে শীতল কৰি ৰাখিছে।ল'ৰাই বদলাই দিব বিচাৰিলেও বদলাব নালাগে বুলি কৈ দিয়ে।মেকাৰ এজন মাতি আনি ঠিক কৰিলে নতুনৰ দৰে নহলেও বৰ্তমান ফেনতকৈ ভাল হ'ব।মাষ্টৰৰ মতে পুৰণি বস্তুবোৰেই খাটি,বৰ্তামানবোৰত ভেজাল আছে,একেবাৰে অৰ্ডিনাৰী।  টেবুলৰ ওপৰত ফোনটো বাজি উঠিল।এই সময়ত কোনে ফোন কৰিল বুলি মনতে ভাবি বিছনাৰ

বিষ

  ৰুণাৰ কথাবোৰ ভাবি ভাবি ইবাই  জীয়েকক লগত লৈ আৰবক আহিবলৈ কোৱা ঠাইলৈ খোজকাঢ়ি গৈ আছে । নিজৰ ঘৰৰ কেকুৰীটো পাৰ হওঁতেই হঠাৎ চিঞৰ বাখৰ শব্দ পাই সেইফালে চালে । কেকুৰীটোৰ পাৰা আৰু দুঘৰ উত্তৰ ফালৰ পৰা কান্দোনৰ শব্দ শুনা গৈ আছে । ইবাই ভালকৈ লক্ষ্য কৰিলে নাহিদহঁতৰ ঘৰৰ পৰা আৰ্তনাদ শুনা গৈছে । সিহঁতৰ ঘৰলৈ মানুহেও জুম বান্ধি গৈ আছে । তাইৰ মনৰ কৰোবাত খুন্দা মাৰি ধৰিলে । তাইৰ ভৰিৰ খোজবোৰ নিজে নিজে নাহিদহঁতৰ ঘৰলৈ আগবাঢ়িল । চোতালত সোমাইয়ে দেখিলে কেইজনমান মহিলাই আৰ্তনাদ কৰি কান্দি আছে । ইবাই উৎকন্ঠা সামৰিব নোৱাৰি ওচৰৰে মহিলা এজনী ক সুধিলে । ' নাহিদ আত্মহত্যা কৰিছে ।' ইবাৰ ভৰিৰ তলৰ পৰা মাটি সৰকি যোৱা যেন অনুভৱ কৰিলে । ইমান অমায়িক, ভদ্ৰ, মৰমিয়াল ছোৱালী আত্মহত্যা কৰিব পাৰেনে ? কিহৰ যন্ত্ৰণাত তাই আত্মহত্যা কৰিলে ? কি অভাৱ আছিল তাৰ ?  নানান প্ৰশ্ন তাৰ মনত আউল লগালে । একো উত্তৰ নাপাই আকৌ মহিলাজনীক সুধিলে ' তাই কিহৰ বাবে এনে কৰিলে ?' মহিলাজনীয়ে ইফাল সিফালে চাই ইবাৰ কানৰ কাষত ফুচফুচাবলৈ ধৰিলে । ' ইমান সহজেই কোনেও আত্মহত্যা নকৰে । এই পৰিয়ালৰ মানসিক অত্যাচাৰৰ পৰিণতি এয়া ।  ইমান বছৰ পিছত তাই অন্

দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা

আমি সদায়  সুস্থ  আৰু যৌৱনময় হৈ থাকিব বিচাৰোঁ । প্ৰকৃতিৰ নিয়ম মতে সকলোৱে বৃদ্ধ/ বৃদ্ধা হ'বই  কিন্তু আমি ইয়াৰ গতিটো নিয়ন্ত্ৰণ কৰিব পাৰি । বয়সৰ চাপ পৰা বিষয়টো পৃথিৱীৰ কোনেও হয়তো নিবিচাৰে । সকলোৱে বিচাৰে নিৰোগী সুস্থ আৰু যৌৱনময় দেহ । ইয়াৰ বাবে নিয়মিত ব্যয়ামৰ লগতে আমাৰ খাদ্যাভাস সলনি কৰা । কিছুমান খাদ্য আমি সহজতে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰি যিবোৰ খালে দেহক সুস্থ আৰু যৌৱনময় কৰি ৰাখিব পাৰি । দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা- ১) খেজুৰ - খেজুৰৰ গুনাগুণৰ বিষয়ে আমি সকলোৱে অৱগত । খেজুৰত কেলছিয়াম , পটাছিয়াম , প্ৰটিন, কাৰ্বহাড্ৰেইট আদি পোৱা যায় । ইয়াৰ ওপৰিও খেজুৰে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰিব পাৰে । দেহ সুস্থ ৰাখিবলৈ প্ৰতিদিনে তিনিটা বা চাৰিটা কৈ খেজুৰ খাব ।  2) বেদেনা /ডালিম - ডালিমত যথেষ্ট পৰিমাণে আইৰণ আৰু এন্টি-অক্সডেন্ট  ভৰপূৰ । ডালিমে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰাৰ লগতে কলেজেন সৃষ্টি হোৱাত সহায় কৰে যাৰ বাবে চামৰা সদায় উজ্জ্বল আৰু যৌৱনপ্ৰাপ্ত কৰি ৰাখে ।   3) তৰমুজ- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ