হুটুঙা-হুটুঙ শব্দৰে লোহোৰা -লোহোৰ দুহাত মেলি পৰ্ণদাহ যেন দহি যায় গাওঁবোৰ,চহৰবোৰ ধুম-নাঙঠ কৰি, হিংস্ৰ মিচাইলবোৰো আকাশখন ধ্বংস কৰে। . যুদ্ধই সকলোকে মৰণবেদিত সজায় বিষ্ময়ত কপি উঠে গধূলি , ৰহস্যময় ভয়াবহতাৰ চেকা লৈ দিগন্তৰ বালিত মুৰ্চা যায় বেলি, ধ্বংসস্তুপ বতাহত ওলমি ৰয় আন্ধাৰৰ অসহায় চকুবোৰ প্ৰাৰ্থনাৰত হাতবোৰ। . কহুৱা-কোমল শিশুদেহৰ সুগন্ধি , লবনুকোমল দেহত গোলাপৰ পাহ যেন ওঁঠত হাঁহি , চাই ঈশ্বৰেও আত্মসমৰ্পণ কৰে, কিন্তু যুদ্ধই দৌৰি আহে হাঁহি আজুৰিবলৈ। যুদ্ধই নেদেখে কোন--- হিন্দু কোন -- মুছলমান কোন -- খৃষ্টান যুদ্ধই সোমাব পাৰে মদজিত,মন্দিৰ অথবা গীৰ্জাত। . হিৰোচিমাৰ পৰা পেলেষ্টাইনলৈ কাৰ্গিলৰ পৰা চিৰিয়ালৈ আফগানৰ পৰা আমেৰিকালৈ কত কাল কত দেশ ঘূৰি নাপালোঁ যুদ্ধই দিয়া শান্তিৰ বতৰা, মাথোঁ বিষ্ফৰণত কপি উঠিল মোৰ বিপ্ৰলব্ধ বিলাপ। . যুদ্ধৰ আখৰা কৰা সীমান্তৰ সৈনিকজনে কয় 'শতৰুৰ বুকু ভেদি আগবাঢ়ি যাম' সেই সৈনিকজনক কোনে কব মৃত্যুয়ে মৃত্যুৰ কথা কয়, কোনে দিব সেই মাতৃজনৰ বাৰ্তা ? যাক স্বাধীনতাৰ নামত উপহাৰ দিয়ে এটা কাঠৰ বাকচ, যাৰ মাজত যুদ্ধত ৰক্তাক্ত...