সন্দেহযুক্ত নাগৰিক

পুৱাৰ ঠাণ্ডাৰ মাজতে লোহা কটা কৰতখনেৰে সৰ্বশক্তি প্ৰয়োগ কৰি লোৰ ৰ’ডবোৰ টুকুৰা টুকুৰ কৰি ল’লে নজৰুলে৷ লোৰ টুকুৰাবোৰ প্ৰয়োজনমতে ভাজ কৰিবলৈ হাতুৰিৰে সঘনাই কোব পেলাব ধৰিলে সি৷ হাতুৰীৰ কোববোৰ লোৰ ৰ’ডৰ ওপৰত যিমান যোৰকৈ আঘাত পৰিছে তাতকৈ যে বেছি তাৰ কলিজাত আঘাত পৰি আছে সেয়া তাৰ লক্ষণীয় নহয়৷ কংক্রিটৰ চহৰখনৰ চৌদিশে পুৱাৰ নিয়ৰযুক্ত বতাহে পৰিৱেশ ঠাণ্ডা কৰি ৰাখিছে৷ নহ’লে চহৰখন সাৰ পাই চহৰৰ যান্ত্ৰিকতা আৰম্ভ হ’লেই হিয়া জুৰ পেলোৱা বতাহজাক নোহোৱা হ’ব৷ গ্ৰীষ্মৰ দিনবোৰতো আৰু অসহ্যকৰ৷ গৰমৰ বাবে গ্ৰীলত থকা যেন লাগে৷ ধনী শ্ৰেণীৰ বাবে কোনো অসুবিধা নাই৷ সিহঁতৰ সকলো ঠাইতে এচি লগোৱা থাকে৷ মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ বাবেহে যন্ত্ৰণাদায়ক৷ তদুপৰি দুৰগোন্ধযুক্ত লেতেৰা বানপানী৷ সেয়েহ এই জাৰকালিটোৱে হয়তো চহৰৰ বাবে বৰদান, যদিও হাড় কঁপোৱা ঠাণ্ডাই দুখীয়াৰ ঘৰ কঁপাই যায় তথাপি সিহঁতে যন্ত্ৰণাময় দিনবোৰৰ কথা ভাবি এই ঠাণ্ডাতেই সুখ অনুভৱ কৰে৷ কৰ্মব্যস্ততাৰ বাবে ঠাণ্ডা অনুভৱ কৰিবলৈও কিছুমানৰ সময়ৰ অভাৱ৷ জীৱনৰ বাটত নজৰুলো তেনে এজন জীৱন যোদ্ধা৷ কুঁৱলী ভৰা বতাহতো নজৰুলে ঘামি গৈছে৷ নিজৰ সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি ঘাম নিগৰাই আবেগবোৰ ধুৱলৈ যত্ন কৰিছে সি৷ এয়া যে ব্যৰ্থ চেষ্টা মাথোঁঁ সিয়ো জানে শৰীৰৰ ঘাম নিগৰাই নিজৰ ওপৰত লগা কলংঙ্কৰ দাগ কেতিয়াও ধুৱ নোৱাৰে, যেনেকৈ পূৰ্বপুৰুষেও নিজৰ ঘাম মাটিত পেলাই, হাড়বোৰ মাটি কৰিও কলঙ্কৰ দাগ ধুবলৈ ব্যৰ্থ হৈছে৷ এদিন সিও ব্যৰ্থ হ’ব৷ এনেকৈয়ে চলি থাকিব যুগ-যুগান্তৰ৷ অকল সিয়ে নে তাৰ দৰে হেজাৰ হেজাৰ মানুহ এই যন্ত্ৰণাৰ স’তে জীয়াই আছে৷ বিদেশি চিনাক্তকৰণৰ নামত চৰকাৰে ৩-৪ বছৰ ধৰি ‘এন আৰ চি’ৰ কামতো কৰি আছে ৰাজনীতি, কাম আৰম্ভ হোৱাৰ পৰাই নিৰ্দিষ্ট এটা জনগোষ্ঠীৰ ওপৰত চলি আছে মানসিক, শাৰীৰিক, আৰ্থিক যাতনা৷ কিমানে যে ‘ডি’ ভোটাৰৰ নামত মাটি-বাৰী বিক্রি কৰি দিনৰ পিছত দিন আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি স্বদেশী বুলি প্ৰমাণ হ’ল৷ কিন্তু হেৰুৱা মান-সন্মান, সম্পত্তি কোনে দিব? এইবোৰ ভাবিয়ে বহুতে আত্মহত্যাৰ পথ বাচি ল’লে৷ বহুতে আকৌ স্ফদেশীৰ তথ্য পাতি থাকিও অৰ্থৰ অভাৱত ডিটেনশ্বন কেম্পত বন্দী হৈ ৰ’ল, এনেকি ৯০ বছৰৰ ডেউনা পাৰ কৰা বৃদ্ধ-বৃদ্ধাও কেম্প বোলা জে’ললৈ যাব লগা হ’ল৷ ‘ডি’ ভোটাৰৰ তালিকাৰ পৰা দেশৰ প্ৰতি সেৱা আগবঢ়োৱা আৰ্মী যোৱানৰ নামো বাদ নপৰিল, তেন্তে নিৰক্ষৰ মানুহৰ কি গতি যিসকলে নিজৰ জন্মৰ চাৰ্টিফিকেট বা আন লাগতীয়াল তথ্য পাতিৰ গুৰুত্ব কোনো কালেই উপলব্ধি কৰিব পৰা নাছিল, যাৰ বাবে সেইবোৰ সংৰক্ষণ কৰা নাই বা কৰিলেও কিছুমানৰ বানপানীত উটি গৈছে, আন কিছুমানৰ আকৌ উঁয়ে খালে৷ কি যে হ’ব এই মানুহবোৰৰ তথাপি আমি ধৈৰ্য্য ধৰিব লাগিব, নিজৰ কৰ্ম নিজে কৰি থাকিব, দি থাকক কোনে কিমান বুকুত শেল হানি দিব পাৰে৷ দেশৰ আইন ব্যৱস্থাৰ ওপৰত আজিও আস্থা আছে৷ মাকৰ কথা এটা তাৰ আজিও মনত পৰে৷ সৰুতে মাকে কৈছিল— ‘যি জাতিয়ে শ্ৰমিকক সন্মান নিদিয়ে, উপকাৰীৰ উপকাৰ পাহৰি যায় সেই জাতি কালৰ গতিত ধ্বংস হৈ গৈ থাকে৷’

নিজৰ মনক শানা দি আকৌ হাতুৰীৰে কোবাব ধৰিলে৷ বেলিয়ে পাতল উৰণীৰৰ আঁৰৰ পৰা মিচিকিয়াই হাঁহিলে৷ নৱ নিৰ্মিত ফ্লেটৰ গৰাকীজনে মাজতে আহি কিছুসময় কামৰ নিৰীক্ষণ কৰি কৰি দুই এটা কথা পাতিলে শ্ৰমিকসকলক উৎসাহ দিয়াৰ বাবে৷ ইহঁতৰ চালাকি নজৰুলে ভালদৰে বুজি পায়৷ আনদিনৰ দৰে নজৰুলে বিশেষ একো নোকোৱা দেখি তেওঁ তাক উদ্দেশ্যি ক’লে— ‘নজৰুলে আজি বেচ মনোযোগ দিছে কামত, চা ঠাণ্ডাতো ঘামি গৈছে’

লগে লগে আন এজনে ঠাট্টা কৰি ক’লে— ‘ছাৰ, তাৰ শৰীৰত চৰ্বি বেছি হৈছে৷’

ফ্লেটৰ গৰাকী প্ৰতীক ডেকা কিছুসময় কাম চাই গুচি গ’ল দামি গাড়ীখনত উঠি, তাক কোনে বুজাব শৰীৰৰ ঘাম নিগৰাওতে কিমান কষ্ট হয়? কিমান তেজ পানী হয়? অলপ আগতে মিঠা মিঠা মাত মাতি যোৱা প্ৰতীক ডেকাহঁতে বুজিবনে? কেতিয়াও নুবুজে, মাথোঁ প্ৰয়োজনত ব্যৱহাৰ কৰে আমাৰ দৰে শ্ৰমিকসকলক৷ নহ’লে আমাৰ সপক্ষে থিয় হৈ মাত নামাতে কিয়? আজি প্ৰয়োজন আছে সহায় কৰিছে, কাইলৈ প্ৰোয়োজন শেষত অপবাদ দিয়া সকলৰ লগতেই সুৰ মিলাব৷ এবাৰো ইহঁতে নাভাৱে এই অট্টালিকাবোৰৰ প্ৰতিটো ইটাৰ লগত আমাৰ ঘাম মিহলি হৈ আছে৷ আমাৰ তেজেৰে নিৰ্মিত চহৰৰ প্ৰতিটো অট্টালিকা, তথাপি আমাৰ তেজৰ গোন্ধ ইহঁতে কেতিয়াও নাপাব, কাৰণ ইহঁত একো একোজন স্বাৰ্থপৰ যন্ত্ৰ৷ 

: ‘আপোনাৰ কি হৈছেনো, এনেকৈ ঘামি গৈছে কিয়? অথনিৰ পৰা গেদাই কান্দি আছে, মই মাতি আছোঁ, একোতে কানসাৰ নাই দেখোন৷’ —ঘৈণীয়েকে গাত হেচুকি দিয়াতহে তাৰ ভাৱনাৰ আঁত চিঙিল৷

নজৰুলৰ ঘৈণীয়েক চকিনা খাতুনে অথনিৰ পৰা কেইবাবাৰো মাত দি সঁহাৰি নোপোৱাত চিমেণ্ট কঢ়িওৱা কাঢ়াইৰ চিমেণ্ট মিক্সাৰ মেচিনত ঢালি দি কাঢ়াই হাতত লৈ আগবাঢ়ি আহি গাত হেচুকি দিলে৷ তাৰ ঘৈণীয়েকেও এই বাউণ্ডাৰীতে বালি-চিমেণ্ট, ইটা কঢ়িওৱা কাম কৰে৷ নজৰুলে ৰ’ড কটা-লগোৱা আদিৰ লগতে গাঁথনিৰো কাম কৰে অৰ্থাৎ ৰাজমিস্ত্ৰীৰ কাম৷ সিহঁতৰ লৰা-ছোৱালী নাতিদূৰৈত থৈছে৷ ৪ বছৰীয়া কেচুৱাটি ২ বছৰীয়া কেচুৱাটিৰ কাষত থাকি ৰক্ষণা-বেক্ষণ কৰি আছে৷ মাকে আকৌ তিনি মহীয়া গৰ্ভৱতী৷ তথাপি ভোকৰ তাড়ণাত, সপোনবোৰ বাস্তৱ কৰাৰ বাবে স্বামীৰ লগত ওলাই আহিছে চহৰত কৰ্ম কৰিৱলৈ৷ দুয়োজনে এল.পি. স্কুলৰ ডেউনা পাৰ কৰিছে৷ নজৰুলৰ পঢ়াৰ ইচ্ছা আছিল যদিও বানে সিহঁতৰ সৰ্বস্ব উটুৱাই লৈ যোৱাৰ পিছত দেউতাকৰ প্ৰায়ে বেমাৰ হৈ থকা হ’ল৷ এনে অৱস্থাত সংসাৰৰ সমস্ত ভাৰ তাৰ ওপৰতে পঢ়িল৷ ফলত পঢ়া বাদ দি ককাই-ভাই কেইজনে মিলি আনৰ মাটি আধিয়াৰ লৈ খেতি আৰম্ভ কৰিলে৷ ঘৰৰ পৰা বিয়া পাতি দিলে, ল’ৰা ছোৱালীও হ’ল৷ ল’ৰা-ছোৱালীক পঢ়ুৱলৈ হ’লে আনৰ মাটিত খেতি কৰি থাকিলে নহ’ব বুলি ভাবি চহৰলৈ ওলাই আহিছে৷ সিহঁতৰ দৰে আৰু বহুতে আহিছে এই যুদ্ধক্ষেত্ৰত৷ নাহিনো কি কৰিব, চৰৰ প্ৰায় প্ৰত্যেকৰে ভেটি মাটি নৈয়ে উটুৱাই লৈ গৈছে৷ দৰিদ্ৰতাৰ মোচৰ সহিব নোৱাৰি বহু সপোন লৈ ওলাই আহে চহৰলৈ৷ এৰা সিহঁতে নাজানে যান্ত্ৰিক চহৰত মানুহৰ অভাৱ সিহঁতক মানুহ বুলি ভাবিবলৈ৷ তেল পেৰা মেচিন সিহঁত আঢ্যবন্ত সমাজৰ৷ 

: ‘ক’ত মোৰ কি হোৱা দেখিলি? গেদাই কান্দি আছে তাক ধৰগৈ অলপ যা৷’ —অলপ খঙত কথাষাৰ ক’লে বাবে চকিনাই একো নকৈ কেচুৱাটিৰ কাষ পালে৷ স্বামীৰ প্ৰতি চিন্তা বাবেইহে তাক সুধিছে, তাতে ইমান খং কৰিব লাগেনে? তাইৰো ওলপ বেয়া লাগিল যদিও তাই বুজি পালে কালিৰ ঘটনাই তাক খুলি খুলি খাই আছে৷ সি এতিয়াও কালিৰ ঘটনা পাহৰিব পৰা নাই৷ শৰীৰতো জখমবোৰ কলা হৈ আছে৷ শৰীৰৰ জখমতকৈ মনৰ জখম বৰ কষ্টদায়ক৷ বিশেষকৈ যেতিয়া আত্মসন্মানত আঘাত লাগে৷ দুখীয়াৰ অৰ্থ নাথাকিব পাৰে আত্মসন্মান আছে৷ 

ভাবি ভাবি চাকিনাই কেচুৱাটিক কোলাত লৈ পিয়াহ দিলে৷ ভোকত কান্দি থকা কেছুৱাটি মাকৰ পিয়াহ পাই শান্ত হ’ল৷ এই সৰু কেচুৱা লৈ কালি মুখামুখি হোৱা বিপদৰ কথা ভাবি তাইৰ গা শিঁয়ৰি উঠিল৷ 

ৰাতি প্ৰায় আঠমান বাজিছে৷ কামৰ সঁজুলি-পাতি গোটাই থৈ মুখ হাত ধুই ১০-১২ জনীয়া গ্ৰুপটো যাত্ৰা কৰিলে হাতীগাঁৱলৈ৷ সকলোৰে ঘৰ ধুবুৰী জিলাৰ ভিতৰুৱা চ’ৰ এটাত৷ কেইমাহ আগতে আহিছে গুৱাহাটীলৈ কামৰ সন্ধানত৷ ইয়াৰে কেইজনমান আগতেই আহিছে, সিহঁতৰ সাহসতে বাকীকেইজনে আহিছে৷ আগৰ কেইজনৰ চিনাকি থকা বাবে কাম বিচাৰি হাবাথুৰি খাব লগা হোৱা নাই, কাম পাইছে৷ প্ৰত্যেকে মিলি একেলগে কাম কৰে এজন ঠিকাদাৰৰ তলত৷ একেলগে হাতীগাঁৱৰ বস্তি এটাত ভাৰাও থাকে৷ ৰাতিপুৱা শুই উঠি চকু মোহাৰি ৰাতিৰ বাহী ভাত খাইয়েই সিহঁতৰ যাত্ৰা কৰ্মস্থলীলৈ জনশূন্য পথেৰে, আকৌ ৰহস্যময় ৰাতি জনসমুদ্ৰৰ মাজেৰে সিহঁতে ওভতে কৰ্মস্থলীৰ পৰা৷ হাড় কপোৱা ঠাণ্ডাত সৰু সৰু ল’ৰা-ছোৱালীক লগত লৈ ঘূৰি ফুৰে সিহঁতৰ ভৱিষ্যতক অনিশ্চয়তাৰ মাজত থৈ৷ কালিও লৰী এখনেৰে উভতিছিল৷ হঠাৎ লৰীখনৰ সন্মুখত থিয় হ’ল এটা সংগঠনৰ উগ্ৰ যুৱক কেইজন৷ ধৰ্মৰ নামত সংগঠন চলোৱা ইহঁত আচলতে ধৰ্মৰ নামত কলঙ্ক৷ লৰীখন যোৰকৈ ব্ৰেক মাৰি থিয় হ’ল৷ পিছফালে থিয় হৈ থকা পুৰুষ-মহিলা, কেচুৱাসহিত হাউলি এজনে আনজনৰ লগত খুন্দা লগাত মহিলা কেইজনীয়ে গাড়ী চালকৰ ওপৰত খং কৰিলে৷ চিঞৰি গালিও দিলে দুই-এজনে৷ সৰু ল’ৰা-ছোৱালী কেইজন মাকৰ ভৰি বা কোমৰ সাৱটি ধৰিলে৷ চকুৰ পলকতে যুৱককেইজন হাতে হাতে লাঠি লৈ পিছফালে গৈ সিহঁতক উদ্দেশি চিঞৰিলে— ‘ঐ মিঞা বাংলাদেশী কুকুৰহঁত নাম গাড়ীৰ পৰা, তহঁতক আজি শিক্ষা দিহে এৰিম, চাল্লা বাংলাদেশী৷’

ঃ ‘চাওঁক আমি বাঁলাদেশী নহয়, আমি অসমৰে৷ আমাৰ ঘৰ ধুবুৰীত৷’ —প্ৰথমে নজৰুল গাড়ীৰ পৰা নামিল৷ লগে লগে আৰু দুই তিনিজন যুৱক নামিল৷ 

: ‘চাল্লা তহঁতৰ বাপেকৰ অসম পাইছ?’ —যুৱক কেইজনে সকলোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ সিহঁতক প্ৰহাৰ কৰি একপ্ৰকাৰ চোঁচৰাইয়ে ৰাস্তাৰ দাঁতিত গছ এটাৰ তলত লৈ গৈ গছৰ লগত বান্ধিলে৷ শিশু-মহিলাসহ সকলোকে লৈ গ’ল দুৰ্ব্যৱহাৰ কৰি৷ লগে লগে পুলিচ আহি হাজিৰ৷ এয়া আগৰ পৰাই পৰিকপ্লিত আছিল৷ নজৰুলে নিজৰ পৰিচয় দি সিহঁতক বিনাদোষত অত্যচাৰ কৰিলে বুলি পুলিচক কৈ এৰি দিবলৈ অনুৰোধ কৰিলে যদিও পুলিচে একো নুশুনি গাড়ীত তুলি লৈ গ’ল৷ দিনটো প্ৰায় অনাহাৰে থকা শিশুবোৰ ভোকত কান্দি থকা দেখিও পুলিচে নিৰ্দয়ভাৱে সিহঁতক থানাত ভৰাই থলে৷ নজৰুলে পুলিচক অনুৰোধ কৰি ঘৰৰ আত্মীয়ক প্ৰমাণ-পত্ৰ আনিবলৈ ক’লে আৰু প্ৰতীক ডেকাক ফোন কৰিলে৷ লগে লগে জুইৰ দৰে বিয়পি পৰিল৷ বৰ্তমান চ’ছিয়েল মিডিয়াৰ যুগ৷ সিহঁতৰ চৰৰ সচেতন যুৱক এজনে সিহঁতৰ ভোটাৰ আই ডি কাৰ্ড, ভাৰতীয় নাগৰিকত্বৰ নথি পত্ৰ চ’ছিয়েল মিডিয়াত ভাইৰেল কৰি দিলে৷ প্ৰায় ১১ মান বজাত প্ৰতীক ডেকা থানাত গৈ সিহঁতৰ হৈ সকলো বিৱৰি কোৱাত আৰু মিডিয়াত প্ৰমাণ-পত্ৰ দেখুৱাত ১১.৩০ বজাত সিহঁতক এৰি দিলে৷ কেচুৱাকেইটা ভোকত কান্দি কান্দি মাকৰ কোলাতে টোপনি গ’ল৷ ভোকৰ লগতে শৰীৰত আঘাত আৰু এবুকু লাঞ্চনা লৈ ভাৰা ঘৰলৈ উভতিল৷ 

: ‘ঐ চকিনা কিমান পৰ বহি থাকিবি, এতিয়া অলপ কাম কৰ৷’ —সিহঁতৰ ঠিকাদাৰ ৰৌচন আলীৰ মাতত চকিনাৰ সন্মুখত চলি থকা কালিৰ চিত্ৰবোৰ আঁৰ হ’ল৷ কেচুৱাটিক ভনীয়েকৰ কাষত বহুৱাই দি আকৌ কৰ্মত ব্যস্ত হ’বলৈ সাজু হ’ল৷ চকিনাই নজৰুলৰ কাষেৰে যাওঁতে তালৈ চালে৷ তাৰ চকুৰ সাগৰ ৰঙা-নীলাৰে মিশ্ৰণ হৈ আছে৷ ঘৈণীয়েকৰ প্ৰতি অসহায় চাওঁনি৷ সেই চাওঁনিত চকিনাৰ বুকু ধপধপাই উঠিল৷ কলিজাৰ এচুকত বিষ অনুভৱ কৰিলে, তথাপি ম্লান হাঁহি এটা মাৰিলে৷ সেই হাঁহি হয়তো তাৰ প্ৰেৰণা জীয়াই থকাৰ, এবকু সপোন লৈ আগবঢ়াৰ, কিন্তু সপোনবোৰ যে কিমান দিঠক হ’ব সেয়া অনুমেয়, তথাপি সপোনবোৰেই যে জীৱনৰ শক্তি৷
@ Begum Asma

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু