ৰ'দে ধোৱা প্ৰেমিক
ৰাতিৰ জোনাক
বিছনাত নীৰৱতাৰ ভীৰ
সৰি পৰা চন্দ্ৰফুলৰ
মদিৰা পি
আগবাঢ়িছো দিগন্তলৈ . .
বনৰ পথত হেৰাই যোৱা
অক্লান্ত যাত্ৰাত
হৃদয়ত অন্তহীন তৃষ্ণা . .
কুঁৱলীৰ আৱেশত
নিদ্ৰাহীন শেৱালি
আৰু . . .
সেউজীয়া শস্যৰ গোন্ধ,
মাঘ মাহৰ শস্যৰ ঘ্ৰাণত
আগভেটি ধৰে
পথাৰৰ সুঘ্ৰাণ মিশ্ৰিত
ৰ'দে ধোৱা প্ৰেমিক
ওঁঠত প্ৰেমৰ এটি নিশা
গুন গুনাই গীত এটি গাইছে
দুচকুত কি যে অভিবাদন
এক মায়াবী শিহৰণ
মৃত্যুয়ো প্ৰাণ উজাৰে তাত,
তোৰ(তাৰ) সুঠাম বুকু
মোৰ দেশৰ
প্ৰথম ৰ'দ পৰা
সেউজীয়া পথাৰ,
য'ত বাৰ বাৰ মৰিও
আকৌ জন্ম লোৱাৰ হেঁপাহ।
Comments
Post a Comment