নিষিদ্ধ প্ৰেম
ঘড়ীয়ে টিং টিং টিং কৈ ৰাতি দহটা বজাৰ সংকেত দিলে৷ বাহিৰত ধুমুহা বৰষুণৰ আগজাননি দি বতাহজাকে বাৰ বাৰ খিৰকীত কোবাই গৈছে৷ খিৰিকীৰ কব্জাবোৰ বাৰ বাৰ কেৰকেৰাই উঠিছে৷ আনদিনা হ’লে জিয়াই ভয়ত প্ৰথমে খিৰিকী বন্ধ কৰি ললেঁহেতেন৷ আজি জিয়াৰ সেইফালে ধ্যান নাই ৷ জিয়াই গাৰুত মূৰ গুজি শুই আছে৷ আবেলিৰ পৰা তেনেকৈয়ে আছে৷ জিয়াই গুৱাহাটী কটন কলেজৰ ছাত্ৰী৷ ঘৰ ধুবুৰীত৷ জিয়াৰ দেউতাক এজন শিক্ষক৷ জিয়া পঢ়া শুনাত বৰ ভাল৷ হায়াৰ চেকেণ্ডাৰীত ৯০% পাই উত্তীৰ্ণ হৈছে৷ ডাঙৰ পৰিয়াল চলোৱা দেতাকৰ এটা চাকৰিৰ টকাৰে ডক্টৰ, ইঞ্জিনিয়ৰ আদি পঢ়াতকৈ চাইঞ্চত অনাৰ্চলৈ পঢ়াই ভাল বুলি গুৱাহাটী ঢাপলি মেলিলে৷ প্ৰায় তিনিবছৰে হ’ল জিয়াই ঘৰ এৰি এই হোষ্টেলত থকা৷ জিয়া বৰ ভাবুক ধৰণৰ, অমায়িক৷ কথাও খুব কম কয়৷ প্ৰয়োজনত কথা কয় নহলে কথা কমে কয়৷ অৱশ্যে গুৱাহাটি অহাৰ পিছত বহুখিনি পৰিবৰ্তন হৈছে৷ হোৱাটো স্বাভাৱিক৷ গুৱাহাটি মহানগৰীৰ মায়াজালত পৰিলে সকলোয়ে পৰিবৰ্তন হয়৷ এটা সময়ত মানুহৰ আগত কথা ক’বলৈ লাজ কৰা ছোৱালিজনী সকলোৰে লগত হাঁহি মাতি কথা ক’ব পৰা হ’ল৷ অকলে ক’ৰবালৈ যাব লাগিলে যাব পৰা হ’ল৷ প্ৰথমে প্ৰথমে ঘৰত যাবলৈ হ’লে দেউতাকে আহি লৈ গৈছিল৷ এতিয়া জিয়াই অকলে ঘৰল...