স্বীকাৰউক্তি
: ঐ কি হ’ল এনেকৈ বহি আছা যে?
: নাই এনে কিবা ভাবি
আছিলোঁ৷
: মই জানোঁ তই কি
ভাবিছ ….. কৈ আগন্তুকে হাঁহিলে৷
: কি জানিলি?
: তই প্ৰেমত পৰিলি,
নহলেনো ইমান ভিৰৰ মাজত অকলে বহি ভাবি থাকনে?
: নাই নাই মই প্ৰেমত
পৰা নাই৷ কাৰোবাৰ চকুৱে আমনি কৰি আছে, কথা পাতি আছে , হাঁহি আছে৷ সেয়া প্ৰেম নে আকৰ্ষণ
নে মোৰ ভুল?
:চকু হ’ল মন সাগৰৰ
ঢৌ, সাগৰত ঢৌ উঠিলে চকুত দেখাটো নিচ্ছিত৷ চকুয়ে কেতিয়াও মিছা কথা নকয়৷ তয়ে সুধি চা৷
: ঠিক আছে এতিয়াই
গৈ কলাৰত ধৰি সুধিমগৈ ….. ধেমালিৰ সুৰত কৈ ৰিতিমাই হাঁহিলে৷
নিজে নিজে হাঁহি
আগন্তুকৰ ফালে চকু ঘূৰাই চালে৷ নাই কোনো নাই , তাৰ মানে ইমান সময় ৰিতিমাই নিজৰ প্ৰতিবিম্বৰ
লগতে কথা পাতি আছিল৷
: ধেৎ .. কৈ নিজৰ
মূৰত হাতেৰে লাহেকৈ খুন্দা মাৰি নিজে নিজেই হাঁহিলে৷ ৰিতিমাই চাৰিওফালে ঘূৰি চালে ওচৰত
কোনো নাইতো৷ নাই নাই কোনো নাই৷ বিয়াঘৰত মানুহৰে
ভৰা যদিও এই ৰুমত কোনো নাই বৰ্তমান সকলোৱে বাহিৰৰ পেণ্ডেলত৷ তাইয়ো বাহিৰত ওলাল৷ বাহিৰত
ওলাওতে সেই দুটি চকুয়ে আগভেটি ধৰিলে৷ এতিয়াই কথাষাৰ সুধিম বুলি মনস্তাপ লৈয়ে এখোজ দিওতেই
ৰৈ গ’ল৷ ‘চকুৰ ভাষা মই কিয় পঢ়িব যাম? তাৰ চকুত যদি মোৰ ছবি তেন্তে প্ৰকাশ কৰক৷ পুৰুষ হৈ যদি নিজৰ
মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে সেয়া কেনে প্ৰেম?’
স্বভিমানেৰে ভৰি
পৰিল ৰিতিমাৰ বুকু৷ নিজকে নিজে বুজনি দি তাক আওকান কৰি ৰিতিমাই কইনাজনীৰ ওচৰলৈ গ’ল৷ তেতিয়া
আকাশত সন্ধ্যা তৰাই ভুমুকি মাৰিছে যদিও কৰবাৰ পৰা মেঘৰ টুকুৰাবোৰ আহি জমা হৈ আছে আকাশত৷
ৰিতিমাৰ তৰাভৰা আকাশখন ভাল পায় তথাপিও আজি তাইৰ মেঘবোৰকো ভাল লাগিল৷ তাই মনে মনে বৰষুণ
নামি অহা কামনা কৰিলে৷ বৰষুণ ৰিতিমাৰ বৰ প্ৰিয়৷ বৰষুণ তাইৰ প্ৰিয় বন্ধু৷ বিয়া বা সভাত
বৰষুণ আহিলে কিয়ে আলাই অথনি হয় সেয়া ৰিতিমাই জানে তথাপিও কিয় বৰষুণৰ কামণা কৰিলে কব
নোৱাৰে৷ ভাবি থাকোতেই শুনিবলৈ পালে এঘন্টা পিছত দৰাঘৰ আহি পাব৷ সকলোৱে সাজোঁন কাচোঁনত
ব্যস্ত হৈ পৰিল৷ ৰিতিমায়ো ঘৰত গৈ সাজু হৈ অহাৰ কথাই ভাবিলে৷ ৰিতিমাৰ ঘৰ বিয়াঘৰৰ পৰা
অলপ দূৰত৷ তাই সৰু ছোৱালী এজনী লগত লৈ ওলাল৷ সন্মুখত পৰিল সাগৰৰ ঢৌ খেলি থকা দুচকুৰ
গৰাকি আৰ্শিদ৷ ওঁঠত হাঁহি, চঞ্চল দুচকু, বতাহৰ লগত ঢৌ খেলি থকা বাদামি ৰঙৰ চুলি, সুদৰ্শন
চেহেৰাৰ ডেকা ল’ৰা৷ গাভুৰুৰ বুকু ভেদ কৰিব পৰা দুচকুৰ চাওঁনি৷ সেই চাওঁনিৰ মোহতে কিজানি
আৰ্শিদক মাতিলে লগত যাবলৈ৷ আৰ্শিদ হাঁহিৰে সহমত জনাই আগবাঢ়ি আহি কলে – ব’লা৷
ৰিতিমাৰ অজান আনন্দত
মন ভৰি পাৰিল কিন্তু প্ৰকাশ নকৰিলে৷ কিয়জানো ৰিতিমাৰ মনে বিছাৰিলে আৰ্শিদে অকলসৰীয়াকৈ
মনৰ কথা প্ৰকাশ কৰক আজিয়েই৷
: এতিয়া ঘৰত কিয়
যাব লাগে? – ৰিতিমাই ভাবি থাকোতেই আৰ্শিদে প্ৰশ্ন কৰিলে৷
: অলপ ৰেডি হৈ আহোঁ৷
: এনেই ধুনীয়া আৰু
সাজোঁন কাচোঁন নকৰিলেও হ’ব৷
: জানোঁ নহয় কিমান
ধুনীয়া, মিছা কথা কব নালাগে৷
: মই ক’ত মিছা মাতিলোঁ৷
: হ’ব হ’ব…৷
এনেকৈয়ে সিহঁতৰ মাজত
কথা বাঢ়ি গ’ল৷ খোজবোৰো আগবাঢ়ি গ’ল৷ ঘৰ পাই তাইৰ ৰুমতে বহিব দি হাতমুখ ধুবলৈ ওলাই গ’ল৷
সৰু ছোৱালীজনী আন এটা ৰুমত গৈ ঘৰৰ এলবাম চাব ধৰিলে৷ ৰিতিমাই হাত মুখ ধুই আহিয়ে চালে
আৰ্শিদ তাইৰ বিচনাৰ সোমাজত বহি থকাৰ পৰাই দুহাত মেলি শুই আছে৷ সুঠাম দুবাহুৰ মাজত উমাল
বুকুৰ উত্তাপে তাইক চুই গ’ল৷ তাই একো নকৈ আইনাৰ সন্মুখত থিয় দিলে৷ আয়নাত চাওঁতেই দেখলে
আৰ্শিদ তাইৰ পিছফালে৷ ৰিতিমাই কোনো কথা কোৱাৰ আগতেই আৰ্শিদে তাইলৈ লক্ষ্য কৰি কলে-
আয়নাক সুধি চোৱা তুমি কিমান ধুনীয়া৷
: আয়নাক সুধিব নালাগে,
মই জানোঁ নহয়৷ – ধেমালিৰ সুৰত কথাষাৰ কৈ তাৰ পৰা যাব ধৰাত আৰ্শিদে ৰিতিমাক বাধা দিলে৷
হাতত ধৰি টানি আনিলে নিজৰ কাষলৈ৷ ইমান কাষত যে আৰ্শিদৰ বুকুৰ স্পন্দন শুনিবলৈ পালে৷
ৰিতিমাই লাজতে তলমুখ কৰি আছিল৷ ‘ মোৰ চকুত চোৱাচোন তুমি কিমান ধুনীয়া৷’ কৈ আৰ্শিদে
ৰিতিমাৰ গালত আলফুলে ধৰি বাধ্য কৰিলে তাৰ চকুত চাবলৈ৷ ৰিতিমা একো উত্তৰ দিবলৈ সাহস
নাপালে নিশব্দে ৰৈ মাথোঁ দুচকুৰ গভীৰলৈ ডুবি গৈ থাকিল৷ আৰ্শিদে নিৰৱতা আতৰাই আকৌ কলে-
মোৰ চকুৰ ভাষাবোৰ পঢ়ি চোৱা , মই তোমাক কিমান ভালপাওঁ বুজিবা৷ দুয়োৰে বুকুৰ স্পন্দন
তীব্ৰ হৈ পৰিল ৷ দুয়োৰে চকুৰ ভাষা দুয়ো বুজি উঠিল৷ ৰিতিমাই আনন্দত দুচকু জপাই আৰ্শিদৰ
বুকুৰ মাজত মুখ গুজি দিলে৷ আৰ্শিদে তাইক সুঠাম দুবাহুৰ মাজত সাৱটি ধৰিলে৷
: বা আপোনাৰ ওলোৱা
হৈছেনে? – সিটো ৰুমৰ পৰা সৰু ছোৱালীজনী মাত দিয়াত ৰিতিমাই উচপ খাই উঠল৷ তাই পিছফালে
ঘূৰি চালে আৰ্শিদ সেই একে ঠাইতে শুই আছে৷ তাৰমানে ইমান সময় ভাৱনাত বিলিন হৈ আছিল৷ ৰিতিমাৰ
মন সেমেকি উঠিল৷ এইবোৰ মিছাই কিয় ভাবি আছে? ৰিতিমাই নিজৰ মনকে প্ৰশ্ন কৰিলে৷ সন্মুখৰ
আইনাই চিঞৰি চিঞৰি উত্তৰ দিলে- তুমি প্ৰেমত পৰিছা, তুমি প্ৰেমত পৰিছা৷
ৰিতিমাই আয়নাৰ সন্মুখৰ
পৰা আতৰি গ’ল৷ ইতিমধ্যে ৰিতিমাৰ দেউতাই আগবাঢ়ি আহি সোণকালে বিয়াঘৰৰ পৰা ঘূৰি আহিব কলে৷
ৰিতিমাৰ দেউতাৰ গা ভাল নহয় বাবে আৰু নাযায়৷ মাক আৰু ককায়েকৰ লগত সোণকালে ঘূৰি আহিব
কলে৷ ৰিতিমাই হ’ব বুলি কৈ তিনিও ওলাল যাবলৈ৷ ৰিতিমাই হঠাৎ ঘূৰি ৰুমত সোমাল৷ সকলোৰে
অজানিতে হাতত মুঠি মাৰি কিবা লৈ আহিল৷ চাৰিওফালে ঘৰ অন্ধকাৰ৷ নিৰ্জন বাটেৰে তিনিও আগবাঢ়িল৷
আৰ্শিদৰ হাতত মোবালৰ লাইট৷ কিছুদূৰ গৈ ৰিতিমাই নিজৰ হাতত কি চাব বিচাৰিলে৷ তাই জানে
হাতত কি তথাপিও আৰ্শিদৰ মনৰ কথা বুজিবলৈ শেষ চেষ্টা এটা কৰিলে৷ লাইটৰ পোহৰ পৰিল ৰিতিমাৰ
হাতত৷ অষ্ট্ৰিন ডায়মন্ড লগোৱা কানৰ দুল এটা জ্বলিকি উঠিল৷
: মোক দিয়া মই থৈ
দিও৷ – আৰ্শিদে কলে৷
: নালাগে থাকক৷
– কৈ ৰিতিমাই হাত তলফালে দি আগবাঢ়ি গৈ থাকিল৷ আন্ধাৰৰ মাজত আৰ্শিদে ৰিতিমাৰ হাতখন ধৰিলে৷
মৰমৰ স্পৰ্শই ৰিতিমাৰ মনত শিহৰণ জগাই তুলিলে৷ হঠাৎ মেঘৰ গজনিত ৰিতিমা দিঠকৰ শিলত ঠেকা
খাই দুখ পালে৷ ৰিতিমাই একো নামাতি খৰধৰকৈ বিয়াঘৰ পালে৷ ইতিমধ্যে বৰষুণ আহি পালে৷ ৰিতিমা
কয়না ৰেহেনাৰ ওচৰত গ’ল৷ ৰেহেনা ৰিতিমাতকৈ কিছু ডাঙৰ যদিও দুয়ো বান্ধৱী৷ একে লগে খেলা-ধূলা,
ফুৰিবলৈ যোৱা এইবোৰত দুয়ো সংগী আছিল৷ ৰেহেনাৰ কাষত কিছুসময় থাকি বিয়া আহে নাকি খৱৰ
লবলৈ বাহিৰত ওলাল৷ ইতিমধ্যে বৰষুণ আহিছে৷ তিৰ্ফালৰ চাল থকা বাবে পদুলিত বৰষুণ পৰা নাই
কিন্তু জমা হৈ এফালে দি বেছিকৈ পৰি আছে৷ সেইফালে দৃষ্টি ঘূৰাওতেই চালে আৰ্শিদ তাই পিন্ধা
কলা ৰঙৰ চেলৱাৰ চুইটৰ লগত ৰং মিলাই কলা ৰঙৰ স্লিম ফিট সাৰ্ট এটা পিন্ধি তাইলৈ চাই আছে৷
সেই তীখ্ন চাওঁনিত তাইৰ বুকুত আঘাত কৰিলে৷ তথাপিও তাই আতৰি আহিল এবুকু অভিমান লৈ৷ কি
নাম এই চাওঁনিৰ? যদি মৰমৰ চাওঁনি সুযোগ পায়ো প্ৰকাশ নকৰিলে কিয়? ময়ো তাৰ আগত ধৰা নিদিও৷
সচাঁকৈয়ে যদি মৰমৰ চাওঁনি এদিন নহয় এদিন প্ৰকাশ কৰিবই৷ ৰিতিমাই নিজকে বুজনি দিলে যদিও
তাইৰ মন অস্থিৰ হৈ থাকিল৷ বিয়া শেষ হোৱালৈকে কোনোমতে থাকি গুচি আহিছিল৷ সেই ৰাতি উজাগৰে
পাৰ হ’ল ৰিতিমাৰ৷ নতুন পুৱাই আন্ধাৰবোৰ বুকুত সামৰি লোৱাৰ দৰে ৰিতিমায়ো আগৰ কথাবোৰ
সামৰি থৈ দিলে৷ তাৰ পিছত দুই তিনিবাৰ কিছুসময়ৰ বাবে আৰ্শিদক লগ পালে কিন্তু কোনেও একো
প্ৰকাশ নকৰিলে৷ কিছুদিন পিছত হঠাৎ বান্ধৱীজনীৰ মুখত শুনিবলৈ পালে আৰ্শিদে কয়না চাই
আছে৷ এজনীৰ লগত কথাবৰ্তা চলি আছে৷ আৰ্শিদৰে মাহীৰ ছোৱালী৷ কথাষাৰ শুনাৰ পিছতে
নিস্তব্ধ হৈ পৰিল ৰিতিমা৷ সেই নিশা আৰ্শিদ শুই থকা ঠাইখিনিত বহুত সময়লৈকে বৰষুণ পৰিল৷
ৰিতিমাই বৰষুণৰ পানীৰে সকলো স্মৃতি ধুই দিলে৷ মাথোঁ এটা প্ৰশ্ন মনৰ মাজত চিৰদিনলৈ গুজি
থাকিল – সেই দুচকুৰ চাওঁনিত জানোঁ প্ৰকৃত মৰমে উশাহ লৈ আছে?
পিছদিনা শুনা পালে
আৰ্শিদৰ ঘৰৰ পৰা তাইলৈ বিয়াৰ প্ৰস্তাৱ দিছে৷ ৰিতিমাই পাৰিলেহেঁতেন আৰ্শিদক নিজৰ কৰি
ল’ব৷ কিন্তু ৰিতিমাই এনে সম্পৰ্ক নিবিচাৰে য’ত প্ৰেম নাই৷ মনত কষ্ট হ’লেও ৰিতিমাই লগে
লগেই মানা কৰি দিলে৷ মাথোঁ দুচকু বন্ধ কৰি মনতে আওৰালে- আপুনি সুখি হওঁক……………………………….৷
Comments
Post a Comment