চ’ৰ চাপৰিত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ
যাদু বিদ্যা, তন্ত্ৰ মন্ত্ৰ বিদ্যা এক অতি প্ৰাচীন বিদ্যা৷ ই যিহেতু অসমৰ সমাজত চলি আহিছে গতিকে ইয়াক অসমৰ একধৰণৰ কু সংস্কাৰ বা পৰম্পৰা বুলি কব পাৰি৷ পিছে বহুতে ইয়াক সাহিত্যৰ অংশ বুলিও কব খোজে৷ হিন্দু ধৰ্ম্মাৱলম্বী বা আন আন ধৰ্ম্মাৱলম্বী সকলোৰ লগতে মুছলমান সকলোৰ মাজতো যাদু বিদ্যা অতীতৰে পৰা চলি আহিছে৷ মুছলমান সমাজত বিষেশকৈ চ’ৰ চাপৰি বা ভিতৰুৱা গ্ৰাম্য অঞ্চলবোৰত ইয়াৰ প্ৰভাৱ বেচি ৷ বৰ্তমান কিছু শিক্ষাৰ প্ৰভাৱ পৰাৰ বাবে তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ কমিছে যদিও নিৰ্মূল হোৱা নাই৷ বৰ্তমানো কিছু ভণ্ড বেজৰ তন্ত্ৰ মন্ত্ৰ সমাজত চলি আছে কিন্তু ককা আইতা সকলে কোৱাৰ দৰে আগত মানুহ মাৰিবলৈ বা কোনো খতি কৰিবলৈ বান( যাদু) যেনে- নাৰী কটা বান, বৰষী বান আদি দেখিবলৈ পোৱা নাযায় ৷ আজিকালি এইবোৰ শুনা নাযায়৷ অৱশ্যে কাৰবাক প্ৰতিশোধ লবলৈ বা হিংসা কৰি বহু ধৰণৰ ক্ষতি কৰাৰ প্ৰৱনতা এতিয়াও আছে বুলি বহুতেই কয়৷ চিকিৎসাৰ ক্ষেত্ৰত যিবোৰ তন্ত্ৰ মন্ত্ৰ চলিছিল সেইবোৰ এতিয়াও চলি আছে মানুহৰ অজ্ঞতাৰ আৰ লৈ৷ বৰ্তমান সমাজত যাদু শিক্ষাক তন্ত্ৰ-মন্ত্ৰৰ পৰা পৃথক কৰি , যাদুক কলা হিচাপে লৈ মনোৰঞ্জন...