প্ৰেম পত্ৰ ৪

১৩ তোমাৰ সেউজ উপতক্যাত সন্ধিয়াক গভীৰ কৰা কেঁচা পোহৰৰ ঠিকনা সেই ঠিকনা বিচাৰি নিৰ্জন বাকৰিৰে নিয়ৰ গচকি আগবাঢ়োঁ ১৪ তোমাৰ বুকুত ৰজনীগন্ধা ফুলিছেনে? আহ !কিযে উষ্ম সুবাহ জপনাখন খুলি দিয়া সুবাহত আকাশ গলি সৰিব কেকটাচৰ আচৰত চটফটাই থকা মৰুত পলস পৰিব৷ ১৫ আকাশো ধৰাৰ আজন্ম প্ৰেমিক দুবাহু মেলি নিতে প্ৰেম নিবেদন কৰে ধৰাই নগ্ন বুকু উৎসাহিত কৰে আকাশ গলি সৰে আকাশৰ উষ্ম আলিংগনত হৃদয়ে সেউজীয়া ৰহণ সানে ৷ ১৬ বিশ্বাসে পুৰঠ কৰা তোমাৰ আঙুলিবোৰত কি যে ব্যাকুল স্নেহাকৰ্ষণ মাথোঁ এক স্পৰ্শত প্ৰেমৰ মূৰ্ছনা বাজে ভায়েলিনৰ তাৰবোৰত৷