প্ৰেম পত্ৰ ৫

১৭ লিহিৰি কোমল আঙুলিবোৰ ভায়লিনৰ এটি এটি তাৰ তাৰবোৰ টৌ তুলে চুলিৰ ভাজত স্তব্ধ হৈ ৰয় সময় মৃদু ৰাগ এটিয়ে হৃদয় জুৰায়৷ ১৮ হৃদয়ৰো আছে এটি মন সেউজ ঘৰ এটি বিচাৰে নিতান্তৰ নিজে জ্বলিও আনক পোহৰ দিয়া কাঁইটৰ আচোৰত তেজ নিগৰাই হাঁহিত ৰং বুলোৱা হৃদয়ৰো বদ অভ্যাস৷ ১৯ কমলা ৰঙী আবেলিৰ বেলিটি নেমুজোপাৰ ডালত বহিছে তাতেও তোমাৰ আবেশ আৱৰন খুলি বুকুত সামৰিলোঁ সন্ধ্যাৰাগিৰ্ নেমুফুলৰ সুবাস৷ ২০ সময় চৰাইৰ ডেউকাত বহিল হাতত হাত থৈ চকুত চকু থৈ জামুনৰঙী আমাৰ প্ৰেমালাপ এতিয়াও আধৰুৱা হৈ ৰ’ল.....