প্ৰেম পত্ৰ ৬

২১
কিয় লাগে প্ৰেমৰ বাবে নিদৃষ্ট দিন
প্ৰেমৰ বাবে
প্ৰতিটো মুহূৰ্তই দেখোন প্ৰেমৰ উৎসৱ
প্ৰেম এনেকুৱায়
নিৰ্জন মূহুৰ্ততো উৎসৱৰ মৃদাং বজায়৷
২২
পাৰ হোৱা সময়বোৰ আছিল
এটি ভাটৌ চৰাই
যি গুছি গ’ল আৰু উভতি নাহে
ধোৱা খুলিয়া ধৈয়াল নৈখন
উঠাই লৈ যায় সোনোৱালী নাওঁখন৷
২৩
আকাশত প্ৰেমৰ আবিৰ চটিয়াই
নৈৰ বুকুৰে সোণোৱালী নাওঁত উঠি
যাওঁ ব’লা সাগৰৰ দিগন্তলৈ
মাতাল সন্ধ্যাৰাগত তোমাৰ বুকুত শুই
উৎযাপন কৰিম বহু প্ৰেমৰ
দইবআ নিশা৷
২৪
নিৰ্জন দিগন্তত প্ৰেমৰ আবিৰ সানি
সাগৰৰ বুকুত মিলিছে আকাশ
আহানা আমিওঁ কবিতাৰ চাদৰ উৰি
দিগন্তত হেৰাই যাওঁ
আমাৰ উশাহৰ ভৰত পাৰ হওঁক শতিকা৷
(আগলৈ.