#ডায়েবেটিছ_আৰু_ইফতাৰ_২(#diabetes and efter)
#ডায়েবেটিছ_আৰু_ইফতাৰ_২ ✍️ ডাঃ জাহিদ আহমেদ মুছলমান সকলৰ অন্যতম পবিত্ৰ মাহ ৰমজান, এই মাহত সম্পূৰ্ণ দিনটো ৰোজা (ছিয়াম) পালন কৰি সন্ধিয়া ইফতাৰৰ সময়ত আমি পৃথিৱীৰ সমস্ত খাদ্য বস্তুৱেই যেনে মূহুৰ্ততে খাই পেলাম এনেকুৱা এটা ভোকাতুৰ মানসিক অৱস্থা হয়গৈ। সেয়ে ধনী দুখীয়া সকলোৱে কমছেকম ইফতাৰৰ সময়ত যথাসম্ভৱ সুস্বাদু খাদ্য বস্তুৰ যোগাৰ কৰিবলৈ কেতিয়াও কৃপনালি নকৰে। কিন্তু ইফতাৰৰ নামত যিকোনো সুস্বাদু আৰু লোভনীয় খাদ্য খাবলৈ যোৱাৰ আগতে নিজৰ স্বাস্থ্যৰ ফালে লক্ষ্য কৰিবলৈ পাহৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৱান মানুহ এজনে ইফতাৰৰ সময়ত সুস্বাদু খাদ্য গ্ৰহণ কৰোঁতে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই যদিও ডায়েবেটিজ বেমাৰত ভূগি থকা মানুহৰ কাৰণে ইফতাৰৰ সময়ত বহু চিন্তা কৰিবলগীয়া আছে। মই কোনো ডায়েবেটিজ বেমাৰৰ বিশেষজ্ঞ নহয় তথাপিও এটা কথা সদায় সকলোকে কওঁ যে ডায়েবেটিজ বেমাৰত ভূগি থকা মানুহে ৰোজা ৰাখিবলৈ ইচ্ছা কৰিলে সদায় এজন বিশেষজ্ঞ চিকিৎসকৰ লগত আলোচনা কৰিহে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোজা ৰাখিব। আৰু যদি আপুনি নিয়মিত ইনছুলিন লৈ আছে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ তো কেতিয়াও ৰোজা নাৰাখিব। আমি যে...