পাগলী

মহানগৰৰ পৰা পোহৰহীন চহৰলৈ
পুৰণি সভ্যতা এটাৰ দৰেই
পাগলিজনী ৰৈ আছে
এই হাঁহিছে এই কান্দিছে
পাউৰুটিৰ টুকুৰাটো চিঙি
এটুকুৰা এটুকুৰাকৈ ভগাইছে
আমাৰ মাজত বহু যুগৰ ব্যৱধান
তাই হাতখন বঢ়াই দিলে
'ভোক লাগিছে?আহা খোৱাহি ,আহা.. .'
নাই,মোৰ ভোক লগা নাই
'তেন্তে টকা লাগে . . ?
চৰাইৰ ঠোঁটৰ দৰে আঙুলিকেইটাই
জীৰিলি মোনাৰ পৰা খুচুৰি খুচুৰি
উলিয়ালে এমুঠি জীৱনৰ টুকুৰা
এই এশ টকা ফুলুৰ মাকৰ
এই এশ টকা জিতুৰ মাকৰ . . . . . .
জানা,সিহঁতে বহুদিন হ'ল কাম কৰিব পৰা নাই
বাচ্চাবোৰ নাখাই মৰিব
সিহঁতক এশ টকাকৈ দিম
আৰু এই এশ টকা তুমি লোৱা
এশ টকা নহয় -এটকাহে
'নহয় এশটকা,পাগল পাগল-'তাই হাঁহিলে
বহুত হাঁহিলে,হাঁহি হাঁহি কান্দোঁন জুৰিলে
চহৰৰ খটখটিয়েদি আহোঁতে
চচমাযোৰ খুলি থৈ আহিবা,তেতিয়া .. .
ইয়াত চেনিটাইজ কৰা অৰ্ধজীৱিত জীৱনৰ
উশাহ লওতেও কৰ দিব লাগে
তুমিও গুচি যোৱা,গুচি যোৱা
ইয়াত মহামাৰী লাগিছে,ভোকৰ মহামাৰী
গছে গছে ওলমি আছে কৃষকৰ শৱ
বৃদ্ধা এগৰাকী জুপুৰিৰ পৰা চিঞৰিলে
জুপুৰিটো কপি আছে
ভিতৰত বেমাৰীৰ গলৰ গেৰগৰনি আৰু
কেচেমা কেচেম গোন্ধ ভাহি আহিছে
জুহালত চকুলোৰে ভৰিছে হবলা!
ৰৈ থাকোতেই টহলদি থকা সৈনিকে এজনে
টানি চোচৰাই নি তুলিলে কাঠগৰাত
কৰ্কশ কন্ঠে বিচাৰকে চিঞৰি ৰায় দিলে
সুস্থ মানৱ হোৱাৰ অপৰাধত অপৰাধী মই
মোক কাৰাবন্দী কৰি থোৱা হ'ল
আন্ধকাৰত চটফটাই আত্মহত্যা কৰিলোঁ
এতিয়া আপোনালোকে প্ৰাৰ্থনা কৰক
মোৰ আকৌ জন্ম হওঁক
তাইৰ দৰেই এজনী পাগলী হৈ . . .।