কি যে প্ৰহেলিকাময় জীৱন(#life)!কেতিয়াবা অসমাপ্ত সপোনবোৰৰ পিছে পিছে দৌৰি ভাগৰি পৰোঁ ,কেতিয়াবা ভগ্ন সপোনবোৰে মোক টানি নি আন্ধাৰৰ মাজত পেলাই দিয়ে ।আন্ধাৰৰ মাজত থকা কাঁইটবোৰে হানি খুচি চিৰাচিৰ কৰে,তেজবোৰ বৈ যায় অন্ধকাৰ সুতিয়েদি।জীৱনটো এক সাথৰ।জীৱনৰ বাট কেতিয়াবা উজু কেতিয়াবা কঠিন।আচলতে উজু বুলিবলৈ একো নাই, সেয়া আমাৰ ভ্ৰম।জীৱন বাটটো বহুত কঠিন।তাৰ বাবে প্ৰতিপল আমাৰ বাবে ৰৈ থাকে নতুন নতুন সংগ্ৰাম।ঠিক পানীত উপঙি থকা পদুম ফুলৰ দৰে।পুখুৰীৰ পানীয়েই তাৰ জীৱন।পুখুৰীৰ দুটি পাৰ যেন জীৱন আৰু মৃত্যু। তাৰ মাজতেই জীয়াই থাকিবলৈ সংগ্ৰাম কৰি যায়।ৰ'দ ধুমুহা,বৰষুণে কোমল পাতবোৰত বাৰে বাৰে আঘাত কৰে।পদুম ফুলে সেই আঘাত সহ্য কৰি জীয়াই থাকিবলৈ নিৰ্ভয়ে সংগ্ৰাম কৰে।ময়ো সংগ্ৰাম কৰিবলৈ ভয় নকৰো।মই এগৰাকী সংগ্ৰামী।সংগ্ৰাম কৰি আছো জীয়াই থাকিবলৈ।মাজে মাজে ক্লান্ত হৈ পৰোঁ।কেতিয়াবা ভাব হয় যুদ্ধক্ষেত্ৰৰ পৰা পলাই যাওঁ কনো দূৰ দেশলৈ।য'ত কোনো নাই,জীৱন সংগ্ৰাম নাই,সপোন নাই,হেঁপাহ নাই,সপোন মৃত্যুৰ চিৎকাৰ নাই।আছে মাথোঁ এজাক চৰাই,পখিলা,পাহাৰ,জলপ্ৰপাত,নৈ ।ফুলৰ সুবাহ কঢ়িওৱা মৃদু বতাহ।য'ত বতাহক মই চুই চাম, সুধিম তাৰ উদা...