উই পৰুৱাটো
উই পৰুৱাটোৱে টানিলৈ যায় মোক
আপ্লাছ পৰ্বতৰ শিখৰলৈ
আকাশখনলৈ হাত মেলোতেই
শিলা বৃষ্টি এজাকে
খৰশ্ৰতা নৈত পেলই দিয়ে
নৈয়ে দলি মাৰি দিয়ে
মহাসাগৰৰ নীলাভ শলিলৰাশিত,
ক্লান্ত নেত্ৰপল্লৱ
টানি তুলিয়েই দেখো
চৌপাশ শ শ শৱদেহ
শিলাঘাতত ৰক্তাক্ত দেহৰ ঘ্ৰাণ পাই
শৱবোৰ জীয়াই উঠে
মোক ঘেৰি ধৰে গিলিবলৈ,
সিহঁতে মোক টানি লৈ যায় গভীৰলৈ
মোৰ উশাহ ক্ৰমাৎ চুটি হয়
হঠাৎ পাখিকটা উই পৰুৱাটোয়ে
চুলিত ধৰি টানি আনে পাৰলৈ
আকৌ চোচৰাই লৈ যায় . . .।