Posts

Showing posts from February, 2021

তোমাৰ বাবেই কবিতা লিখিম

Image
 তোমাৰ বাবেই কবিতা লিখিম ------------------------------------------- তোমাৰ বাবেই কবিতা এটা লিখিম  তুমি চোৱা মোলৈ মোৰ বুকু কপি যোৱাকৈ তোমাৰ দৃষ্টিৰ চমকত ধুমুহা উঠক মোৰ হৃদয়ত পাহাৰবোৰ খহি পৰক মোৰ বুকুত সু উচ্চ চুনামী উঠি আহক মোৰ বুকুলৈ বোকাত পোতগৈ মোৰ মৃত্যু হওঁক পুৱতি সূৰ্যৰ পোহৰত  বুকুত গজি উঠিব চিৰ উজ্জীৱিত ঘাহনি ডৰা হৃদয়েৰে বৈ যাব এখনি নৈ চকুত চেৰি ফুলবোৰ ফুলিব তেতিয়া মই লিখি যাম তোমাৰ নামত এটি অন্তহীন কবিতা কবিতাৰ মাজত পৃথিৱীৰ সমস্ত নৈ  জলপ্ৰপাত   প্ৰকৃতিৰ সংগীত আকাশৰ নীলা সন্ধিয়াৰ মেঘমালা ৰামধেনুৰ ৰংবোৰ  ফুলৰ সৌৰভ সাগৰ গভীৰৰ মণি মুকুতা -এই সকলোবোৰ শব্দৰে গুথিম কবিতাটি নিৰলে শুনাম তোমাক তুমি পূৰ্ণিমাৰ নিশাত মৃদু খোজেৰে গোপনে আহিবা মোৰ কোঠালৈ কপি থকা পৰ্দাবোৰ ৰোমাঞ্চকৰ হৈ ৰৈ আছে তোমাৰ স্বাগতমৰ বাবে দুৱাৰ খিৰিকীও খোলা আছে আন্ধাৰৰ পোচাকযোৰ খুলি থৈ ৰজনীগন্ধাৰ পোচাক পিন্ধি মৃদু সুৰে গুনগুনাম এটি কবিতা আমাৰ ওপৰত এটি এটি কৈ  সৰিব জোনাকৰ ফুলবোৰ মই টোপনি গলেও জগাই তুলিবা জগাই ৰাখিবা চিৰদিনৰ বাবে জোনাক নিশিৰ মৃদু বতাহত তুমি মোৰ কাষতে বহিবা ওৰে নিশা মই শু...

এদিন যাম তোমাৰ চহৰত

Image
এদিন যাম তোমাৰ চহৰত যিদিনা তোমাৰ চহৰত ফাগুন আহিব শিমুল ফুলবোৰ ফুলিব নৈখনলৈ জোনটি নামি আহিব আমি নৈ পাৰৰ শিমুল তলতে বহিম তোমাৰ হাতত হাত থৈ , বুকুত মূৰ গুজি পাৰ কৰিম প্ৰেমৰ হেজাৰ যুগ । এদিন যাম তোমাৰ চহৰত যিদিনা তোমাৰ চহৰত কপাহী তুলাৰ দৰে বৰফ সৰিব বাটবোৰ বৰফে ঢাকি দিব চেৰি ফুলৰ পাহিবোৰ ঠাণ্ডাত কপি উঠিব সেইদিনা বৰফৰ চাদৰখন উৰি তোমাৰ বুকুত শুই পৰিম । এদিন আহিম তোমাৰ চহৰত যিদিনা তোমাৰ চহৰত  বসন্ত আহিব ডাল ভৰি ভৰি মদাৰ ফুলিব ন বৰষুণে মাটিৰ সুবাস বিলাব কুহিপাতেৰে অৰণ্যখন সেইজীয়া হ'ব সেইদিন অৰণ্যৰ মাজৰে যোৱা অন্তহীন বাটত আমি হেৰাই যাম । এদিন যাম তোমাৰ ...........।

শূন্য

             শূন্য এটা বৃহৎ শূন্য যাৰ মাজত মই সোমাই পৰিলোঁ‌ মানুহে কয় শূন্যৰ পৰিধিত মাথোঁ শূন্যতা মই দেখিলো প্ৰাচীন নগৰ এখন তাত উজ্জীৱীত হয় প্ৰতিটো দিৱসৰ উৎসৱ তাতেই আছে যুগ যুগ ধৰি প্ৰাৰ্থনাৰত এখন অৰণ্য তাৰ মাজেৰে হেজাৰ হেজাৰ খটখটি খটখটিবোৰদিয়ে তললৈ নামি গলোঁ‌ মই যিমনেই নামিলো আন্ধাৰে বৰকৈ গুনগুনালে ইয়াত নাই কোনো পুৱা নাই কোনো গধুলি ইয়াত আছে মাথোঁ‌ অন্ধকাৰ বুকুত ধাৰন কৰা কিছু গছ, শিপাবোৰে মোৰ নাকে কানে সোমাই মগজু শুহিবলৈ ধৰিলে পোহৰ বিচাৰি হাহাকাৰ কৰিলোঁ‌ পোহৰ ইয়াত নিষিদ্ধ শস্যৰ সুবাসিত পথাৰ বা সেউজীয়া গল্প ইয়াত সাধুকথা, দূৰৈত ৰিনি ৰিনি বাঁ‌হীৰ  সুৰ সুৰৰ লহৰত খোজ কাঢ়ি গৈ থাকিলোঁ বহুবছৰৰ ক্লান্তিকৰ যাত্ৰাৰ অন্তত দেখিলো এখনি নৈ যাৰ কোনো শব্দ নাই নাই কোনো তৰংগ নৈ পাৰতে পাৰ কৰিলোঁ‌ বহু দিবস হঠাৎ দেখিলোঁ‌ ঘন কলা চুলিৰ ৰহস্যময় যুৱক চকু তাৰ সপ্নীল চকুলৈ চালেই সঞ্জীৱিত হয় হৃদয় আতৰি যায় সৰ্ব ক্লান্তি ওঁ‌ঠত বসন্ত সম্ভাৰ বুকুত মাঘৰ শস্যময় পথাৰৰ সুবাস মই কলো  কতো যুগ ধৰি তোমাক বিচাৰি আছো হা হা কৰি হাঁ‌হি গ'ল সি ...