চ’ৰ চাপৰিৰ আ-অলংকাৰ ( #অসমীয়া গহণা )
চ’ৰ চাপৰিৰ আ-অলংকাৰ (অসমীয়া গহণা )
অসমৰ চ’ৰ –চাপৰিৰ অধিকাংশ লোকেই কৃষিজীৱি৷ অতীতৰ পৰা এইসকল মানুহে
নাঙলৰ ভৰত নিজৰ মেৰুদণ্ড কেতিয়াও পোনাব পৰা নাই৷ বৰ্তমানো ইয়াৰ ব্যতিক্ৰম নহয়৷ যিসময়ত
মানুহে চন্দ্ৰত বসবাসৰ কথা ভাবি আছে সেই সময়ত চ’ৰ চাপৰিৰ মানুহে অন্ন-বস্ত্ৰ-বাসস্থানৰ
তাগিদাত চহৰত গৈ দিন হাজিৰা, ঠেলা চালক, ৰিক্সা চালক মিস্ত্ৰি আদি বিভিন্ন কামত নিয়োজিত
হৈ আছে৷ চ’ৰ-চাপৰিৰ বহু নাৰী চহৰলৈ ওলাই আহি শ্ৰমিকা,যোগালি,বাচন-বৰ্ত্তন,কাপোৰ ধোৱা
আদি কামত নিয়োজিত হৈছে৷ চ’ৰ- চাপৰিৰ মহিলাই পুৰুষৰ কান্ধত কান্ধ মিলাই কৃষি কৰ্ম কৰাৰ
লগতে বাঁহ-বেতৰ কাম যেনে-বিছনী,চালনী,ঢাৰি,পাচি,ধিয়াৰ আদি বনায়৷ ইয়াৰ ওপৰিও ৰচী,কাঁথা,শিকিয়া,জাল
আদি তৈয়াৰ কৰি বিক্ৰী কৰি পোৱা টকাৰে দৈনন্দিন লাগতীয়াল সামগ্ৰী কিনাৰ লগতে নিজৰ সপোন,হেঁপাহ
পূৰণ কৰে৷ প্ৰতিজন নাৰীৰ নিজকে সজাই পৰাই ৰখা আৰু বিভিন্ন আ-অলংঙ্কাৰ পিন্ধি নিজৰ শোভা
বৰ্ধন কৰিব বিছাৰে৷ চ’ৰ-চাপৰিৰ প্ৰত্যেক গৰাকী নাৰীয়েই নিজৰ সাধ্যমতে বিভিন্ন ধৰণৰ
গহণা পিন্ধা দেখা যায়৷ চ’ৰ চাপৰিত বিয়াত কইনা ঘৰৰ পৰা লগতে দৰাঘৰৰ পৰাও আ-অলংকাৰ দিয়া
পৰম্পৰা অথবা বাধ্যতামূলক৷ সেয়েহ বিভিন্ন লোকগীত ,বিয়ানাম আদিতো আ-অলংকাৰ নাম তথা নাৰীৰ
সৌন্ধৰ্য্যৰ বিষয়ে উল্লেখ পোৱা যায়৷ যেনে-
‘ বিয়াৰ সাজনী সাজো কন্যালো
বিয়াৰ সাজনী সাজো
বইসো দেখি সোণাৰ ময়না গয়না দিয়া গায়
এমন সাজোন সাজাবো যেন মুনিৰ মন ভৰায়
…..৷’
চ’ৰ-চাপৰিৰ
নাৰীয়ে গহনা-গাঁঠৰি সৌন্ধৰ্য্য বৰ্ধনৰ লগতে বিপদৰ আৰু ভৱিষ্যতৰ সম্বল বুলি মানি আহিছে,
অৰ্থাৎ কোনো বিপদ-আপদ,বেমাৰ-আজাৰৰ সময়ত কামত আহিব বাবেও সংৰক্ষণ কৰি থৈ দিয়ে৷ আমাৰ
সংসবিধানত বা মুচলিম লো কোৰাণ শ্বৰিফত নাৰী সকলৰ সম্পত্তিৰ অধিকাৰ আছে যদিও চ’ৰ চাপৰিৰ
নাৰী সকল সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ স্বামী বা পিতৃগৃহৰ পৰা আ-অলংকাৰৰ
বাহিৰে কোনো সম্পত্তি নাপায়৷ তাৰোপৰি চ’ৰ-চাপৰিৰ নাৰীৰ উপাৰ্জনৰ বা কৰ্ম সংস্থাপনৰ
কোনো ব্যৱস্থা নাই৷ এনে ক্ষেত্ৰত ভৱিষ্যত লৈ শংকাত থাকে৷ যি পুত্ৰ বা কন্যাই মাতৃগৰাকীক
বৃদ্ধা অৱস্থাত সেৱা যত্ন কৰিব, অলংকাৰবোৰ তেওঁৰে হ’ব৷ নাইবা পৰিয়ালৰ কাৰো যিহেতু ভাল
উপাৰ্জন নাই এনে ক্ষেত্ৰত কোনোবাৰ ডাঙৰ বেমাৰ আজাৰ হ’লে গহণা বিক্ৰী কৰি চিকিৎসাৰ কামত
আহিব৷ বানত ঘৰ দুৱাৰ উঠি গলেও শেষ সম্ৱল গহনাবোৰ৷এই ধাৰণা বৰ্তমানো চ’ৰ-চাপৰিত প্ৰচলিত,সেয়েহ
নাৰীয়ে চেষ্টা কৰে গহণা বনাই সংৰক্ষণ কৰিবলৈ৷
চ’ৰ চাপৰিৰ নাৰীসকলে প্ৰতিটো মূহুৰ্ততে জীৱন
যুদ্ধত অৱতীৰ্ন যদিও নিজৰ দেহ সজোৱাৰ বাবে যত্নপৰ৷ দেহ সজ্জাৰ বাবে চ’ৰ চাপৰিৰ নাৰীসকলে
অতীতৰে পৰা বিভিন্ন ধৰণৰ আ-অলংকাৰ পৰিধান কৰি আহিছে৷ আ-অলংকাৰ লৈ চ’ৰ চাপৰিত কিছু লোক
কথাও প্ৰচলিত ৷ সেইদৰে চৰ চাপৰিৰ মিঞা মহিলা সকলে সৌন্ধৰ্য্য বৰ্ধনৰ গহনা কনেকৈ আৰু
কেতিয়াৰ পৰা নাৰী সকলে পিন্ধা আৰম্ভ কৰিলে তাকলৈ মিঞা সমাজত প্ৰবাদো আছে৷জনশ্ৰুতি মতে
বহু বছৰ আগত এজন মানুহে বিয়া পাতিলে কিন্তু কইনাজনী সিমান ধুনীয়া নহয়,কলা বৰণৰ৷ বিয়াৰ
কেইবছৰ যোৱাৰ পিছত মানুহজনৰ পত্নীৰ প্ৰতি অনিহা আহি গল৷ মানুহজনে তাইক থৈ আন এজনী সুন্দৰী
ছোৱালী বিয়া পাতি আনিলে ৷ তাৰ পিছৰ পৰা তাইলৈ ঘূৰিও নচোৱা হল ৷ এদিন ৰাতি কলা মহিলা
গৰীকীয়ে আল্লাহ তালাৰ ওচৰ হাত তুলি বহুত কান্দা কটা কৰিলে ৷ তাই একান্ত মনে কৰা পাৰ্থনাত
আল্লাহ সন্তুষ্ট হৈ তাইক সুন্দৰ কৰি দিয়াৰ লগতে আল্লাহৰ হুকুমত অকলে নাক কান ফুটা হৈ
তাত সোণৰ গহনা পিন্ধা পালে ৷ হাত , ডিঙি , ভৰিতো গহণাৰে সজাই দিয়া হ’ল ৷ ৰাতিপুৱা যেতিয়া
তাই টোপনিৰ পৰা উঠি দুৱাৰ খুলি বাহিৰত ওলাইছে ,তেতিয়া তাইৰ ৰূপৰ চমকত স্বামীয়ে দৃষ্টি
আতৰাব পৰা নাই ৷সেই তেতিয়াৰ পৰাই মানুহৰ মাজত গহনাৰ প্ৰচলন হৈছে ৷
চ’ৰ-চাপৰিত
পিন্ধা অলংকাৰবোৰৰ চমু বিবৰণ তলত দাঙি ধৰিলোঁ-
১) নাকত পিন্ধা অলংকাৰ-
চ’ৰ চাপৰিৰ মিঞা সমাজত নাকৰ অলংকাৰৰ প্ৰধান্য
অধিক , এনেকি নাকৰ অলংকাৰ অবিহনে ছোৱালী বিয়া নহয়৷ দৰাৰ ঘৰৰ পৰা বাকী অলংকাৰ নিদিলেও
নাকত পিন্ধা অলংকাৰ এটা দিবই লাগিব বুলি অতীতৰ পৰা প্ৰচলিত হৈ আহিছে, এনেকি বিবাহিত
মহিলা এগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছতে নাকফুলি খুলি দিয়াৰ নিয়ম৷ বিধোবা মহিলাই নাকৰ
অলংকাৰ পিন্ধা মানা বুলি অতীতৰে পৰা প্ৰথাৰ দৰে সকলোৱে মানি আহিছে৷ সেয়া স্বামীয়ে বিয়াৰ
সময়ত দিয়ে আকৌ স্বামাৰ মৃত্যুৰ পিছত নাকফুলেৰেই শ্ৰদ্ধাঞ্জলি দিয়ে৷ অৱশ্যে বৰ্তমান
কিছু মহিলাক দেখা যায় স্বামীৰ মৃত্যুৰ পিছত নাকফুল পিন্ধা৷
নাকত অলংকাৰ পিন্ধোৱাৰ বাবে শিশু অৱস্থাতে
ছোৱালীক কিছু নীতি নিয়মেৰে নাক বিন্ধা কৰা অভ্যস্ত গাঁওৰ কোনো মহিলাৰ দ্বাৰাই নাক বিন্ধা
কৰি দিয়া হয়৷ মিহি বেজি-সূতাৰে এই বিন্ধা কৰি দিয়ে৷ কিছুদিন সুতা বান্ধি ৰাখি ঘা শুকালে
মিহি শুকান দিয়া শলাইৰ কাঠি বা আন কোনো কাঠি সোমাই দি থোৱা হয়৷ নাকৰ বিন্ধা শুকালে
‘ বিছমিল্লাহ’ কৈ সোনৰ বা ৰূপৰ নাকফুলি পিন্ধাই দিয়া হয়৷নাকত পিন্ধা অলংকাৰক (নাকফুলি)বিভিন্ন
নামেৰে জনা যায়৷ বিভিন্ন ধৰণৰ ফুলৰ বিপৰীত ফালে সুক্ষ্ম নলী লগোৱা থাকে৷ নলটো নাকৰ
ফুটাৰে সোমুৱাই দি তাম বা ৰূপৰ খিলাৰে লগাই দিয়া হয়৷ তাৰে কিছুমান নাকফুলৰ পৰিছয় তলত
উল্লেখ কৰিলোঁ-
১) ডাইল- এইবিধ মুচুৰ ডালিৰ আকৃতিৰ সৰু এটা
নলীৰ লগত লগোৱা থাকে৷ যাৰ বাবে ইয়াক ডাইল নাম৷( চ’ৰ চাপৰিত ডালিক ডাইল বুলি কয়)
২) তাৰাফুল- এই নাকফুলবিধ তৰাৰ আকৃতিৰ হয়৷
মাজত এটা পাথৰ লগোৱা থাকে৷ (চ’ৰ চাপৰিত তৰাক তাৰা কয় বাবে নাকফুলবিধকো তাৰাফুল বুলি
কয়৷)
৩)এছফুল-এই নাকফুলবিধ ইংৰাজী লেটাৰ ‘S’ ৰ
আকৃতিৰ বাবে এছ বুলি কয়৷
৪)গেন্দা ফুল বা সাতদানা-এই নাকফুলবিধ নাৰ্জিফুলৰ
দৰে আকৃতিৰ৷ নাৰ্জিফুল চ’ৰ চাপৰিত গেন্দা ফুল
নামে জনাজাত৷
৫)চিতি ফুল- পখিলাৰ আকৃতিৰ হয় এই নাকফুল৷
চ’ৰ চাপৰিত বহুতেই পখিলাক চিতি বুলি কয়৷
ইয়াৰ ওপৰিও চ’ৰ-চাপৰিৰ মহিলা সকলে নাকৰ ভিতৰৰ
নতিত ফুটা কৰি বিভিন্ন আকৃতিৰ অলংকাৰ পিন্ধা দেখা যায়৷যেনে-
১)পালিশপাত- গোলাকৃতিৰ ৰিং এটাৰ লগত এটা দানা
বা চিৰাৰ আকৃতিৰ সোণৰ দানা বহুৱাই সজা গহণা৷
২)নলক বা বেল্লাক- এই নলক বিধো বালিৰ(ৰিং)লগত
অলপ ডাঙৰকৈ চিৰা আকৃতিৰ বা ডালিম ফুলৰ আকৃতিৰে লগাই সজা গহণা৷
৩) নাকঠশা- এইবিধ দুটা ডাঙৰ দালিৰ আকৃতিৰ
সজোৱা হয়,এটাৰ লগত সংলগ্ন সুক্ষ্মনলী থাকে,আনটোৰ লগত নলীত সোমাই খাপ খোৱাকৈ খিলা থাকে৷
এটা এফালৰ পৰা দি আনটো আনফালৰ পৰা দুয়োটা লগাই থোৱা হয়৷
২ ) কপালত পিন্ধা অলংকাৰ: সেওঁতাৰ মাজেৰে
কপালত পৰাতকৈ এইবিধ গহণাক মিঞা সমাজত সিতাপাটি বুলি কয়৷ চুলিৰ ফালে থকা অংশ ক্লিপৰ
দৰে ভাজ থাকে বাবে চুলিত গাথি থয় আৰু কপালত থকা অংশ বিভিন্ন আকৃতিৰ হয়৷ সাধাৰণতে সিতাপাটি
কইনাকহে পিন্ধোৱা হয়৷ অসমৰ লোক গীতত সিতাপাটিৰ উল্লেখ পোৱা যায় ৷ যেনে -
আইলাম ৰে ভাই এই বাড়ী
পাছদুৱাৰে কলাগাছ গাৰী
কলাগাছে ধলা ফুল,
নাৰীৰ মাথায় লম্বা চুল
সেই নাৰী চুল বান্ধে সিটি-পাটি মাথায় বান্ধে৷
৩)কাণত পিন্ধা অলংকাৰ: নাকৰ দৰে কানতো শিশু
কালতেই গাঁওৰ অভিজ্ঞ মহিলাৰ দ্বাৰা ফুটা কৰি নাকৰ দৰে একেই পদ্ধতিৰে কানত গহনা পিন্ধাই
দিয়াৰ নিয়ম৷ চ’ৰ-চাপৰিৰ কিছুমান পুৰুষো কানত বালি পিন্ধা দেখা যায়,বিশেষকৈ যিয়ে মাক
দেউতাকৰ প্ৰথম সন্তান বা এজনেই সন্তান,সেই কান ফুটা কৰি বালি পিন্ধাই দিয়ে৷ প্ৰবাদ
মতে, সন্তানৰ বাধা বিঘিনি বা মচিবত কানত বালি দিলে সেইবোৰ কাটি যায়৷তাৰোপৰি যি মাৰ
দেউতাকৰ সন্তান জন্মৰ পিছত মৃত্যু হয় অৰ্থাৎ সন্তান জীয়াই নাথাকে, কেইবাটাও সন্তানৰ
মৃত্যুৰ পিছত এজন জীয়াই থাকিলে তাক ‘মল্যাৰ’ বুলি কোৱা হয়৷ এই ‘মল্যা’ কাটিবলৈ অৰ্থাৎ
সেই সন্তান জীয়াই থাকিবলৈ কাণ ফুটা কৰি বালি বা টপ পিন্ধাই দিয়া হয়৷ এই প্ৰচলন অতীতৰ
পৰা বৰ্তমানলৈকে সমাজত প্ৰচলিত হৈ আছে৷ চ’ৰ চাপৰিৰ লোকগীতত বা বিয়ানামত কানৰ অলংকাৰৰ
বিষয়ে উল্লেখ আছে এইদৰে -
‘সত্তা সাজাইতে আৰো কিছু নাগেলো
বিষুমতি ৰাইয়ো,ফুলমতি ৰাইয়ো
সাত্তা সাজাইতে কাণেৰ মাকৰী নাগেলো……৷’
চ’ৰ-চাপৰিৰ নাৰীসকলে পিন্ধা কিছুমান আ-অলংকাৰৰ
বিষয়ে তলত উল্লেখ কৰিলোঁ-
ক) পাশা-এই গহনাবিধ মূলতে আমৰ আকৃতিৰ হয়,কিন্তু
চেপেটা৷ইয়াৰ লগত সংলগ্ন এটা হূকৰ দৰে থাকে,যাক কানৰ বিন্ধাৰে সমোৱাই দি আকৌ পাশাৰ লগত
লগাই দিয়া হয়৷
খ) মাকৰি- মাকৰি সাৰধাৰণতে দুই ধৰণৰ,এবিধ
হ’ল পাতা মাকৰি,আনবিধ টেপা মাকৰি৷
:পাতা মাকৰি-এইবিধ গহনা গোলাকাৰ আকৃতিৰ পাতৰ
দৰে চেপেটা ৰিং বিশেষ৷ ওপৰফালে বিভিন্ন ধৰণৰ ফুলৰ ডিজাইন বনোৱা থাকে৷ৰিঙৰ লগতে ওপৰফালে
কানত সমুৱাই দিবলৈ মিহি হূক থাকে৷
:টেপা মাকৰি-এবিধ আকৌ ভিতৰফালে ফোপলা হৈ মাজ
অংশত ফুলি থাকে বাবে ইয়াক টেপা মাকৰি কোৱা হয়৷ইয়াৰো বাহিৰফালে বিভিন্ন ধৰণৰ ফুলৰ ডিজাইন
বনোৱা থাকে৷
গ)অন্তি- এইবিধ অতি পুৰণা গহণা৷এই গহণা প্ৰায়
এটা কড়ি গুটিৰ নিচিনা৷ভিতৰ অংশ ফোপোলা আৰু কানৰ লতিৰ তলত এটা ফুটা কৰি ফুটাৰ মাজেৰে
তামৰ খিলা সমোৱা হয় আৰু সেই খিলাত অন্তি ওলোমাই ৰখা হয়৷
ঘ)শিতাদুল- এই গহনাত কানত সমুৱাই দিয়া ডাটৰ
ওপৰত এটা ফুলাকৃতিৰ থাকে,তাৰ লগত সংলগ্ন দুফালে দুটা চেইন তললৈ ওলমাই মাজত অলপ ডাঙৰ
ফুলাকৃতিৰ ডিজাইৰ লগত সংলগ্ন থাকে৷তাৰ পৰা তলৰ ফালে ঝুল লগোৱা থাকে৷
ঙ)চান্দবালি- এইবিধ গহনা কানত সমুৱাই দিয়া
ডাটৰ ওপৰত এটা ফুলাকৃতিৰ থাকে.তাৰ লগত ওলমাই এটা অৰ্ধ চন্দ্ৰ আকৃতিৰ ডিজাইন সংলগ্ন
থাকে৷তাৰ মাজত বিভিন্ন কাৰুকাৰ্য্য খোদিত থাকে৷ কিছুমানত তলৰ ফালে ঝুল দিয়া থাকে৷
ইয়াৰ ওপৰিও ৰানিদুল,উনকি,ঝুমকা,বাউটি,ৰিং,টপ
আদি গহনা চৰ চাপৰিত জনপ্ৰিয়৷কানৰ লতিৰ ওপৰৰ অংশতো বহুতে ফুটা কৰি গহনা পিন্ধে,সেইবো
হ’ল-কান ঠশা,মাচি পাত আদি৷
৪) গলত পিন্ধা অলংকাৰ-অতীতৰে পৰা গলত বিভিন্ন
আকৃতিৰ আ-অলংকাৰ নাৰীয়ে পিন্ধি আহিছে,সেয়া ৰূপ,সোণ বা অন্য ধাতুৰো হয়৷ এনেকি পৃথিৱীত
এনে কিছুমান জনজাতি মানুহ আছে,সিহঁতে ডিঙি দীঘল কৰিবলৈ এক প্ৰকাৰৰ বিশেষ অলংকাৰ পিন্ধে৷
দীঘল গলৰ নাৰী বেচি সৌন্ধৰ্যৰ গৰাকী বুলি বিশ্বাস৷সেইদৰে চৰ চাপৰিৰ মিঞা মহিলা সকলে
সৌন্ধৰ্য্য বৰ্ধনৰ বাবে বিভিন্ন ধৰণৰ গহনা পৰিধান কৰি আহিছে৷
২: তাৰাখুটি : ই অতি পুৰনা গহনা৷ জাপিৰ দৰে
গোলাকৃতিৰ আৰু ওপৰফালে শিৰথকা জোঙা আবৃতিৰে তৈয়াৰ কৰা হয়৷ কলা বা ৰঙা সুতা বা সৰু সৰু
ফুতিৰ মাজত এটা এটাকৈ তাৰাখুটিবোৰ লগাই ডিভিত পিন্ধা হয়৷
৩: ধান তাবিজ : এইবোৰ গহনাও পুৰানি৷ এই গহনাবিধ
ধানৰ আকৃতিৰ দুফালে জোভা মাজত শকত কিন্তু অলপ ডাভৰ৷ ঢোলবিৰিত কৈ সৰু৷ ধান তাবিজবোৰ
সুতা বা সৰু ফুতি বা ক্ৰাইষ্টইলৰ মাজে মাজে এটাকৈ লগোৱা হয়৷
৪: চন্দ্ৰাহাৰ : এইবিধ হাৰ অৰ্ধ চন্দ্ৰাকৃতিৰ৷
পৰিমানমতে ক্ৰমে সৰুৰ পৰা ডাঙৰলৈ তিনিখন হাৰ একেলগে জোৰা লগাই ডিঙিত পিন্ধা হয়৷
৫: বিচৃছাহাৰ : ৰূপৰ পাতি গুনাৰ দৰে তৈয়াৰ
কৰি প্ৰায় এক ছেঃ মিঃ দীঘলকৈ বনাই লগ লগাই বিচাহাৰ তৈয়াৰ কৰা হয়৷
৬: গোটাহাৰ : সোনৰ বা ৰূপৰ মিহি চেপেটা পাতি
সৰু গোলকৈ তৈয়াৰ কৰি এটা এটাকৈ লগ লাগাই গোটাহাৰ বনাই গলত পন্ধা পয়৷
৭: বাহুত পিন্ধা অলংকাৰ : চ’ৰ চাপৰিৰ মহিলাসকলে
সৌন্ধৰ্য্য বৰ্দ্ধনৰ বাবে বাহুত বিভিন্ন আকৃতিৰ অলংকাৰ পিন্ধে৷ সেইবোৰ ৰূপ বা সোনেৰে
বিভিন্ন কাৰু কাৰ্য্য খোচিত বিভিন্ন নক্সাৰে তৈয়াৰ কৰা হয়৷ চেপেটা ডিজাইনৰ নক্সাৰে
বনোৱা অলংকাৰবিধ সুতা বা সোন , ৰূপৰ চেইনৰ সহায়ত বাহুত বান্ধি ৰখা হয়৷ এইবোৰক বাজু
বুলি কয়৷ বাজু আকৌ কেইবা প্ৰকাৰৰ৷ সেইবোৰ হল :- কাটা বাজু , ছিপ বাজু , তামলেট , বাদামি
বাজু৷
৮:
হাতত পিন্ধা অলংকাৰ : হাতত পিন্ধা অলংকাৰ নাৰীৰ সৌন্ধৰ্য্য বৰ্ধনৰ অনত্যম৷ নাৰীসকলে
হাতত বিভিন্ন ধৰনৰ আ-আলংকাৰ পিন্ধা দেখা যায়৷ চ’ৰ – চাপৰিৰ নাৰীসকলেও ইয়াৰ ব্যতিক্ৰম
নহয়৷ চ’ৰ-চাপৰীত ছোৱালীক সৰুৰে পৰাই পিন্ধাই দিয়ে হাতখন চিকু, ধুনীয়া হোৱাৰ কৱে৷ তাৰোপৰি
চ’ৰ – চাপৰিত হাতৰ খাৰু অবিহনে থকা কুলক্ষনৰ চিন৷ প্ৰবাদ মতে বিবাহিত মহিলাই হাতত খাৰু
নিপিন্ধিলে , হাত খালি কৰা ৰাখিলে স্বামীৰ আয়ু কমে৷ এনে প্ৰবাদ বৰ্ওমান সমাজতো প্ৰচলিত৷
চ’ৰ - চাপৰিৰ মহিলাহকলে পিন্ধা অলংকাৰবোৰ হল – শাখা ,পালিস পাত ,চুৰ , বয়লা , গামখাৰু
, মুঠাখাৰু , ঝুৰিখাৰু , বাউটি , বসন্ত বাহাৰ , মিসৰীদানা , পলা , যাগৰি কাটা আদি৷
হাতত সৌন্ধৰ্য্য বৰ্দ্ধনৰ বাবে আভুলিত পিন্ধা আভুঠি অন্যতম৷
১) বাউটি : সোন বা ৰূপৰ বিভিন্ন ধৰনে কাম
কৰা খাৰু বিশেষ৷ তামৰ খাৰুৰ ওপৰত সোন বা ৰূপ গলাই দিয়া হয়৷
২) বয়লা : বয়লা বিভিন্ন কাৰু কাৰ্য্য খোদিত
পাইপৰ দৰে মাজত ফোপলা কিন্ত গোলাকাৰ৷ ফোপালা বয়লাৰ মাজত চাচ গলাই সনুৱাই দিয়া৷ বয়লা
দুই প্ৰকাৰৰ খল বয়লা আৰু নতা বয়লা৷ খল বয়লাৰ ওপৰত বিভিন্ন ডিজাই খোদি নাথকে কিন্তু
নতা বয়লা ওপৰত লতাৰ দৰে পাত ফুল বিভিন্ন ধৰনে খোদিত কৰা থাকে৷
৩) মুঠাখাৰু : প্ৰায় এমুঠি বহল চেপেটা সোন
বা ৰূপৰ খাৰু ,মুঠাখাৰু আৰু গাম খাৰুৰ আকৃতি একেই৷ মুঠামাৰি পিন্ধিব লাগে বাবে ইয়াক
মুঠা খাৰু কয়৷
৪) বসন্ত বাহাৰ : বসন্ত বাহাৰ খাৰুৰ কামবোৰ
অতি সুক্ষ্ম আৰু পিতল বা সোনেৰ শলাৰে মুখ বন্ধ কৰা হয়৷ এই খাৰুবিধ প্ৰায় গাম খাৰুৰ
আকৃতিৰ বিন্তু এৰে নহয়৷
৫) শাখা : তামৰ বা ৰভা , বগা চাচৰ ওপৰত বিভিন্ন
কাৰু কাৰ্য্য খোদিত সোনৰ ডিজাইন বনাই লগাই দিয়া হয়৷
৬) ককাল বা কোমৰত পিন্ধা অলংকাৰ : ককালত পিন্ধা
অলংকাৰ ককালৰ বেল্ট বিশেষ৷ এই অলংকাৰ বিভিন্ন আকৃতিৰ ডিজাইনেৰে বনোৱা হয়৷ ডিজাইন হিচাপে
বিভিন্ন নাম আছে , সেইবোৰ হল – মাঞ্জাহাৰ , পানাহাৰ , কেকাৰ বিছা , মাঞ্জাৰ গোট আদি৷
সৰু লৰা ছোৱালীবোৰক ককালত জুনুকাৰ দৰে বান্ধি কিছু অলংকাৰ দেখা যায়৷এইবোৰ বিশেষকৈ সৰু
লৰা ছোৱালীৰ গতি বিধি লক্ষ্য কৰিবলৈ পিন্ধাই দিয়ে৷কাৰণ চ’ৰ চাপৰিত ঘৰৰ চাৰিওপিনে বেছিভাগ
সময়ে পানী থাকে৷মাকেও কামত ব্যস্ত থাকে৷
৭) ঠেঙত পিন্ধা অলংকাৰ : অতীতৰে পৰা ঠেঙত
বিভিন্ন ধৰণৰ অলংকাৰ পিন্ধি আহিছে মহিলা সকলেও ইয়াক অতীতৰে পৰা পিন্ধি আহিছে৷ চ’ৰ
– চাপৰিত ছোৱালিবোৰাক খোজকঢ়া শিকাৰ পিছতে পিন্ধাই দিয়া দেখা যায় কাৰন সেই অলংকাৰৰ শব্দত
সৰু ছোৱালীজনিৰ হতিবিধি লক্ষ্য কৰে৷ কাৰন বছৰৰ
বেচিভাগ সময়ত পানিৰে ভৰি থাকে চ’ৰ চাপৰি৷ তেনেকৈ ল’ৰাক কমৰত সুতাৰ সৈতে জুনুকা পিন্ধাই
দিয়া হয়৷ অৱশ্যে চ’ৰ – চাপৰিৰ কিছু মহিলাই
( যি সকলে কোৰান পঢ়ে , নামাজ পঢ়ে ) জুনুকা থকা অলংকাৰ নিপিন্ধে কাৰন খোজ কাঢ়িলে শব্দ
হয়৷ ভৰিত পিন্ধা অলংকাৰৰ ভিতৰত ‘পায়েল’ অন্যতম৷ পিছে অতীতৰ অলংকাৰবোৰ ৰিছু ভিন্ন আছিল৷
সেইবোৰ হল – ঠেংখআৰু , বাঘখাৰু , আদি৷
১] ঠেংখাৰু : ৰূপেৰে বনোৱা মোটা বয়লাকৃতিৰ
ভিতৰ অংশ ফোপলা৷ খাৰুৰ ভিতৰত সাই জাতিয় সৰু গুটি দিয়া হয়৷ কইনাই খোজ কাঢ়ি গলে লৰে ঠৈংখাৰুৰ
শব্দৰ পৰা কইনাৰ গতিবিধি জানিব পৰা যায়৷ ইয়াক গোল খাইৰা বা ভেলাখাৰু বুলিও কয়৷
২] বাঘখাৰু : ভৰিৰ গোৰোহাৰ চাৰি আভুল ওপৰত
ইউ ‘U’ আকৃতি দৰে দুই মুৰত চেপি পিন্ধা হয়৷
- ইয়াৰ ওপৰি ভিৰৰআঙুলিবোৰত ৰূপৰ আঙঠি পিন্ধা হয়৷ ভৰিৰ আঙঠিবোৰক চুটকী বুলি কয়৷
চুটকী বিভিন্ন আকৃতিৰে ডিজাইন বনোৱা হয়৷
- আলংকাৰৰ ক্ষেত্ৰত চ’ৰ চাপৰিৰ বহুত জাক জমক আছিল৷ সোণৰ তুলনাত ৰুপৰহে প্ৰধান্য
বেছি৷ অৱশ্যে এয়া আৰ্থিক অনাটনৰ বাবে৷ সৰুৰে পৰা ছোৱালীবোৰে গহনা পিন্ধে৷ বিয়াত কইনা
ঘৰৰ পৰা লগতে দৰাঘৰৰ পৰাও গহনা দিয়া পৰম্পৰা অথবা বাধ্যতামূলক৷ সৌন্ধৰ্য্য বৰ্ধনৰ বাবে
অলংকাৰ পৰিধান কৰাৰ লগতে ৰোগ ব্যাধি উপশম হয় বুলি চ’ৰ চাপৰিৰ মানুহে বিশ্বাস কৰে৷ চ’ৰ
চাপৰিত জন জীৱনত ব্যৱহাৰ কৰা বহু ধৰণৰ অলংকাৰৰ ডিজাইন বৰ্তমান চহৰ অঞ্চলত প্ৰধান্য
বিস্তাৰ কৰা দেখা যায়৷ কিছুমান অলংকাৰ আৰু কিছুমান ডিজাইন সময়ৰ সোতত হেৰাই গৈছে৷কিয়নো
অতীতৰ বস্তুৰ সংৰক্ষণৰ ব্যৱস্থা নাই৷ তাৰোপৰি লুইতৰ গৰা খহনীয়াই চ’ৰ চাপৰিৰ ঐতিহ্যময়
সকলো বস্তুৱে গ্ৰাস কৰিছে৷
Comments
Post a Comment