আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p-4
নিজক কেনেকৈ ভাল পাব? (# how to love yourself) #self love
আমি প্ৰত্যেকেই সুখৰ পিছে পিছে দৌৰি ফুৰো কিন্তু আমি নিজক ভাল পাব নাজানো ৷ কিন্তু সুখৰ প্ৰধান চাবি কাঠিয়েই হৈছে নিজক ভাল পোৱা ৷ নিজক সুখি ৰাখিব বিচাৰিলে প্ৰথমে নিজক ভাল পাব লাগিব । নিজক নিজে ভাল নাপালে আন হেজাৰজনে আপোনাক ভাল পালেও আপুনি সন্তুষ্ট তথা সুখি হ'ব নোৱাৰিব , আনহাতে নিজক নিজে ভাল পালে আন হেজাৰজনে আপোনাক বেয়া পালেও মনোকষ্ট নাপায় । আপুনি নিজক বহুত ভাল পাবলৈ হলে নিজৰ সৈতে সময় কটাব লাগিব , দৈনিক কমেও দহ মিনিটৰ পৰা এঘন্টালৈ নিজৰ সৈতে নিজে কথা পাতিব পাৰিব লাগিব। নিজৰ সময়খিনিত আনে মাতিলে বা কথা পাতিব বিছাৰিলে কোনো দ্বিধাবোধ নকৰাকৈ না বুলি কব পাৰিব লাগিব৷ নিজে ভাল নপোৱা কথা ,কাম বা আন কিবা নহওঁক কিয় বিনাদ্বিধাই না কৰিব পাৰিব লাগিব ৷ নিজক সুখি ৰখাৰ কাৰণে , প্ৰকৃতি বা আনক ভাল পাবলৈ হলেও প্ৰথমে নিজক ভাল পাব লাগিব। নিজক বুজিব লাগিব । নিজৰ স্বত্তাটো উপলব্ধি কৰিব পাৰিব লাগিব। আপুনি কলা হওক , বগা হওঁক বা বিকলাংগই নহওঁক কিয় আপুনি নিজক ভাল পাব জানিব লাগিব । অকল বগা বৰণৰ বা সু গঠণ থাকিলেই যে অকল ধুনিয়া বুলি ভাবি নিজক ভাল পাব আৰু ক’লা বৰণৰ হলে যে নিজক বেয়া পাব - এই ধাৰণাটো মনলৈ কেতিয়াও নানিব , কাৰণ পৃথিৱীত সৃষ্টি হোৱা সকলো মানুহেই ধুনীয়া । ধুনীয়া অকল মুখমণ্ডলৰ সৌন্ধৰ্য্যকে নুসূচায় । কোনোবাই ধুনীয়া হৈয়ো কুচিৎ দেখি , কোনোবা ক’লা হৈয়ো ধুনীয়া । ইয়াৰ কাৰণ হ'ল মানুহৰ মন বা অন্তৰ আত্মা । মানুহৰ অন্তৰ আত্মা পবিত্ৰ হলে সেই পবিত্ৰতাৰ প্ৰতিবিম্ব তাৰ মুখমণ্ডলতো পৰে , সেয়েহ অন্তৰ আত্মা পবিত্ৰ কৰাটো জৰুৰী ।
তাৰ বাবে প্ৰতি ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই উঠিয়ে হাতমুখ ধুই প্ৰথমে ঈশ্বৰৰ উপাসনা কৰক , তাৰ পিছত অন্তত পাঁচ দহ মিনিট নিজক দিয়ক। এই সময়খিনি আপুনি ব্যাম , খোজ কাঢ়িবলৈ যোৱা অথবা ভাল লগা কিবা এটা কৰক , তাৰ মাজতেই দাপোনৰ সন্মুখত যাবলৈ নাপাহৰিব। দাপোনৰ সন্মুখত নিজক চাই ইতিবাচক চিন্তা কৰিক আৰু আপোনাক ধুনীয়া কৈ সৃষ্টি কৰাৰ বাবে ঈশ্বৰক কৃতজ্ঞতা জ্ঞাপন কৰক । এইখিনি কৰাৰ পিছত চাব আপোনাৰ মাজত পজিটিভ এনাৰ্জি ভৰি পৰিছে ।
ৰাতিপুৱা উঠিয়ে মোবাইল টিভি লৈ বহি নাযাব , এইবোৰে আপোনাক নেগেটিভ এনাৰ্জি দিব , দিনটোৰ প্ৰথমে যেতিয়া আপোনাৰ মন - মগজুত নিগেটিভ এনাৰ্জি ভৰি পৰিব তেতিয়া দিনটোও সেই নিগেটিব এনাজৰ্টিয়ে কাম কৰিব , যাৰ বাবে দিনটো আপোনাৰ ভালে ভালে পাৰ নহব , বেলেগ কথা চিন্তা কৰিলেও মন- মগজুত সেই নিগেটিভ কথাবোৰে ঘূৰি থাকিব। সুস্থ্য শৰীৰ যিদৰে সুস্থ মনৰ বাবে জৰুৰী তেনেদৰে সুস্থ মগজু সুস্থ মনৰ বাবে জৰুৰী। ধৰি লওক আপোনাক ফেচবুকত কোনোবাই বেয়াকৈ কমেন্ট কৰিছে আপুনি দিনটো তাকে ভাবি থাকিব , তাৰ বিৰুদ্ধে এটা নিগেটিভ চিন্তা কৰিব , মনে সেইটোকে শুদ্ধ বুলি ৰায় দিব , লগে লগে তাকো ওলোটাই আক্ৰমণ কৰিব , যাৰ বাবে আপুনি দিনটো মানসিক অশান্তিত ভুগিব লাগিব । এনেও হ'ব পাৰে ফেচবুক আৰু হোৱাটচ আপত বেয়া খৱৰ এটা দেখিলে , সেইটো লৈয়ে দিনটো অশান্তিত কটাবলৈ আৰম্ভ হৈ যায় ।
যাৰ বাবে পুৱা উঠিয়েই মোবাইলটো হাতত লৈ নবহিব। পুৱাই পুৱাই নিজক সময় দিয়ক , মেডিটেশন কৰক বা ঈশ্বৰৰ প্ৰাৰ্থনা কৰক, দিনটোৰ বাবে আপোনাৰ মন আৰু মগজু ৰিচাৰ্জ হ'ব পজিটিভ এনাৰ্জিৰে ।
এতিয়া দিনটোৰ কামৰ পৰিকল্পনা কৰি লওক। কাৰণ পৰিকল্পনা অবিহনে কোনো কামেই ভাল নহয়৷ পৰিকল্পনা কৰাৰ পিছতহে কামত হাত দিয়ক, সেইমতেই ব্যস্ত হৈ পৰক দিনটোৰ বাবে ৷ তাৰ মাজতে খোৱা খাদ্যৰো ধ্যান দিব ৷ আহাৰ গ্ৰহণৰ নামত অত্যধিক আহাৰ নাখাব । শৰীৰৰ প্ৰয়োজন অনুসাৰে আৰু সময়মতে আহাৰ গ্ৰহণ কৰিব । নিজৰ শৰীৰটো সুস্থ থাকিলেহে কামত মনযোগ দিব পাৰিব , গতিকে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক । তাৰ বাবে সদায় কিছুসময়ৰ বাবে ব্যাম কৰিব । শৰীৰ ভালে থাকিলে মনটোও ভাল থাকে । আপোনাৰ স্বাস্থ্য বেয়া হলে অৰ্থাৎ শৰীৰ অসুস্থ থাকিলে মনটো কেতিয়াও ভাল হৈ নাথাকে । আমি পঢ়িবলৈ পাই আহিছোঁ সুস্থ্য দেহতহে সুস্থ মন থাকে । যিকোনো কাম বা কামৰ পৰিকল্পনা কৰিবলৈ হলে সুস্থ্য মনৰ প্ৰয়োজন।
আমি কাম কৰাৰ আগতে পৰিকল্পনা কৰি লোৱাটো জৰুৰী । ঘৰুৱা বা অফিচৰ কামৰ বাহিৰেও আপুনি কি কাম কৰি ভাল পায় বা কৰিব পাৰে তাৰ পৰিকল্পনা কৰি লব । সেয়া হাতৰ কামে হওক , শিল্প কলাই হওঁক , বৃক্ষ ৰোপনে হওঁক বা আনক সহায় কৰা কামেই হওঁক। মুঠতে নিজৰ প্ৰতিভা বিকাশৰ বাবে কাম কৰক। গঠণমূলক কাম কৰক৷
এটা কথা সদায় মনত ৰাখিব আমাৰ প্ৰত্যেকৰে মাজত কম বেছি পৰিমাণে কিবা নহয় কিবা প্ৰতিভা সুপ্ত হৈ থাকে । তাক আপুনিয়ে চিনাক্ত কৰি আপুনিয়েই বিকশ কৰিব লাগিব। কোনেও আপোনাক কৈ নিদিয়ে যে আপোনাৰ মাজত প্ৰতিভা আছে আপুনি উলিয়াই আনক । যিজনে নিজৰ মাজৰ শক্তিখিনি চিনাক্ত কৰিব পাৰে , তেওঁক সাফল্য প্ৰাপ্তিৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে । আপুনি আপোনাৰ মাজত থকা শক্তি আৰু প্ৰতিভা চিনাক্ত কৰি তাৰ উৎকৰ্ষৰ বাবে লাগি পৰক। নিজৰ প্ৰতিভা নিজে বিকাশ কৰাৰ পিছতহে আনে আপোনাৰ প্ৰতিভাৰ প্ৰশংসা কৰিব । এটা কথালৈ সদায় মনত ৰাখিব - আনৰ প্ৰসংসাৰ উদ্দেশ্যে বা আনক দেখাবলৈ কাম নকৰিব , নিজৰ সফলতা প্ৰাপ্তিৰ বাবে কাম কৰক । প্ৰথম প্ৰথম যিকোনো কামত বহুতেই ঈৰ্ষা কৰিব , নিন্দা কৰিব , মানুহৰ নিন্দালৈ কান নিদিব । আপুনি প্ৰতিদিনে আপোনাৰ কামত 100% দিয়ক , চাব এদিন নহয় এদিন সফল হ'বই ।
জীৱন চলা পথত মাজে মাজে বাধা আহিব পাৰে , পৰাজয়ো হ’ব পাৰে ৷ পৰাজয়লৈ ভয় নকৰিব ,জীৱনত জিকিবলৈ হলে কেতিয়াবা কেতিয়াবা পৰাজয় হোৱাটোও জৰুৰী। পৰাজয়ে আপোনাক বহুত অভিজ্ঞতা প্ৰদান কৰিব । ভুলবোৰ আপোনাৰ সন্মুখত স্পষ্ট হ'ব। জীৱনত জয়ী হ'বলৈ হলে পৰাজয় আৰু নানা ৰিক্স ল'বই লাগিব। ধৰি লওক আপুনি জাহাজ এখনৰ নাবিক । আপুনি এটা দেশৰ পৰা আন এটা দেশলৈ জাহাজখন লৈ যাব লাগে নিদৃষ্ট সময়ৰ ভিতৰত। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ পিছতেই সামুদ্ৰিক ধুমুহাৰ আগজাননী দিলে । ধুমুহাৰ আগজাননী পাইয়ে ভয়ত ঘূৰি অহিলে আপুনি ঠিক সময়ত গন্তব্য স্থান নাপাব। কিন্তু যদি আপুনি ভাবে নাবিকৰ বাবে সামুদ্ৰিক ধুমুহা গতানুগতিক কথা , সাগৰ আছে মানেই ধুমুহা থাকিবই । গতিকে ধুমুহালৈ ইমান ভয় নকৰি সাহসেৰে আগবাঢ়ি যায় তেন্তে সফল হোৱাটো নিশ্চিত । বিফল হলেও কথা নাই । আপোনাৰ অভিজ্ঞতা হ'ব , সেই অভিজ্ঞতাৰে নতুনকৈ যাত্ৰা আৰম্ভ কৰিব । সেই অভিজ্ঞতাই অপোনাক আৰু শক্তিশালী কৰি তুলিব৷ কৰ্ম কৰাৰ আগতেই যেতিয়া আপুনি মন - মগজুত দুশ্চিন্তা সোমাবলৈ দিয়ে তেতিয়া সেই দুশ্চিন্তাই আপোনাক দূৰ্বল আৰু ভীৰু কৰি তুলিব৷ সেয়েহ নিজৰ মন মগজুত দুশ্চিন্তা প্ৰৱেশ কৰিবলৈ নিদিব , কেতিয়াবা যদি দুচিন্তা আহি যায় গঠনমূলক কামত নিজক মনোনিৱেশ কৰক । গঠনমূলক কামে আপোনাক মনবল মজবুত কৰি তুলিব । তাৰ বাবে সদায় নিজৰ প্ৰতি বিশ্বাস আৰু ভালপোৱা থাকিব লাগিব ।
আপুনি ৰাতিপুৱা কামৰ আখৰা আৰম্ভ কৰাৰ আগত সদায় তিনিটা কথা মনে মনে ক'ব , মই পাৰিম , মই কৰিম , মই সফল হমেই কাৰণ ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস আছে । মই ভাগ্যাশালী , ঈশ্বৰে মোক অপাৰ প্ৰতিভা দিছে , শক্তি দিছে , গতিকে মই সকলো পাৰিম।
কেতিয়াবা ভাগৰ লাগিলে বা মন বেয়া লাগিলে নিজৰ পছন্দৰ গানবোৰ শুনিব । পছন্দৰ কিবা কাম কৰিব ৷ যিটো কথা বা যিটো বিষয়ে আপোনাক মন কষ্ট দিয়ে সেইবোৰ এৰাই চলক । এনেকি যিজন মানুহে আপোনাক অকল দুখ কষ্ট দিয়ে তাক এৰাই চলাৰ চেষ্টা কৰিব , এইটো কোৱা নাই তাক বেয়া পাব বা হিংসা কৰিব তেনে নহয় । আপুনি তাৰ পৰা দুৰে দুৰে থাকক , দেখিও নেদেখাৰ দৰে চলি থাকক চাব আপোনাক কোনেও দুখ দিব নোৱাৰে । আচলতে আমি যেতিয়া নিজতকৈ আনক বেছি প্ৰধান্য দিওঁ তেতিয়া সৰু সৰু কথাতে আমি মনোকষ্ট পাওঁ , কিন্তু আমি যদি প্ৰথমে নিজকে প্ৰধান্য দিওঁ তেতিয়া আমি ইমান মনোকষ্ট নাপাম।
নিজৰ মনক স্বাধীন ৰখাৰ চেষ্টা কৰক । স্বাধীন মনে নিজৰ বাবে যিকোনো পৰিস্থিতিত যিকোনো সিদ্ধান্ত লব পাৰে । যিটো আপোনাৰ বাবে ভাল, কাৰণ বিবেকেৰে চালি জাৰি লোৱা সিদ্ধান্ত ভুল নহয় । খেতিৰ হালৰ দৰে জীৱনৰ হাল নিজৰ হাতৰ মুঠিত ৰাখক । যিসকলৰ নিজৰ জীৱনৰ হাল নিজৰ হাতত থাকে সিহঁতে সঠিক ভাৱে পথাৰ উৰ্বৰ কৰিব পাৰে। নিজৰ সিদ্ধান্ত নিজে লৈ কোনো উপযুক্ত ব্যক্তিৰ পৰামৰ্শ লোৱাটো বেয়া নহয় , কিন্তু কথায় কথায় আনৰ পৰামৰ্শৰ বাবে ৰৈ থকা, আনৰ কথাত উঠা বহা কৰা মানুহ জীৱনত উন্নতি কৰিব নোৱাৰে , এটা নিদৃষ্ট সীমাৰ ভিতৰতে ৰৈ যায় । কাৰণ তাৰ চিন্তাশক্তি সীমিত কৰি ৰাখে , নিজৰ চিন্তাশক্তিক কামত নলগাই আনৰ চিন্তাশক্তিৰ ওপৰত ভৰষা কৰে । এনে মানুহৰ মানসিকভাৱে পঙ্গু হৈ পৰে আৰু আত্মবিশ্বাসো কমি আহে। নিজক ভাল পাব নাজানে । আনৰ প্ৰতি ভালপোৱা জহাই ফুৰে। এটা কথা সদায় মনত ৰাখিব যিজনে নিজক ভাল পাব নাজানে সি আনকো ভাল পাব নাজানে।
নিজৰ যত্ন কৰা আৰু নিজক ভালপোৱা অবিহনে আপুনি আপোনাৰ চাৰিওফালে থকা মানুহৰ যত্ন বা ভাল পাব নোৱাৰে । ধৰক আপুনি এজন বিজনেচ মেন , নিজৰ যত্ন নকৰাকৈ আপোনাৰ পৰিয়ালৰ কথা চিন্তা কৰে বাবে দিন ৰাতি অকল অৰ্থ উপাৰ্জনৰ কথাই ভাবি থাকে ,কিয়নো অৰ্থ উপাৰ্জন কৰিলেহে সকোলোৰে প্ৰয়োজনীয় বস্তুবোৰ দিব পাৰিব , কিন্তু এটা কথা আপুনি ভাবিব নোৱাৰে প্ৰয়োজনীয় বস্তুৰ অভাৱতকৈ আপোনাৰ সময়ৰহে অভাৱ অনুভৱ কৰে পৰিয়ালে , লগতে এটা কথা ভাবিবই নোৱাৰে- মোৰ কিবা এটা হলে বা বেমাৰ হলে পৰিয়ালৰ কি হ'ব? গতিকে প্ৰথমে নিজৰ যত্ন কৰক , নিজক সুস্থ ৰাখক , তেতিয়াহে প্ৰকৃততে আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্ববান বুলি কব পাৰিব। যিকোনো বস্তুৰ দৰে জীৱনটোও অশৃঙ্খলিতভাৱে চলাই গলে তাৰ ফলাফল ভাল নহব, শৃঙ্খল জীৱনহে সুখৰ সন্ধান দিয়ে ।
নিজক ভাল পাবলৈ হলে আৰু কেইটামান কথাত মন দিব লাগিব , প্ৰথমে - বেয়া অভ্যাস থাকিলে তাক বাদ দিয়ক , নিজৰ অভ্যাস পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, নিজৰ চিন্তা শক্তিৰ উৎকৰ্ষ সাধন কৰক । মনত ৰাখিব যিসকলে নিজৰৰ চিন্তাধাৰা বিকাশ কৰাতকৈ বাহ্যিক সৌন্ধৰ্য্যত গুৰুত্ব দিয়ে তেওঁলোক জীৱনত সফল হ'ব নোৱাৰে।
দ্বিতীয়তে নিজৰ সকলো কথা আনৰ আগত আলোচনা নকৰিব , এনে কোনো ভুলো নকৰিব যাৰ বাবে আপুনি গোটেই জীৱন কাৰোবাৰ আগত তলমূৰ কৰি কথা কব লগা হয় । নিজক সদায় সজ পথত ৰাখিব আৰু অন্যায়ৰ প্ৰশ্ৰয় কেতিয়াও নিদিব৷ ইয়ে আপোনাক নিজৰ প্ৰতি ভালপোৱা দৃঢ় কৰিব৷
তৃতীয়তে নিজকে যান্ত্ৰিকভৱে গঢ়ি নুতুলিব৷ আজিকালি ডিজিটেল যুগ , সেই কথা ভাবি আমি প্ৰতিদিনে নিজকে যন্ত্ৰ গঢ়াৰ চেষ্টা কৰি আছোঁ। আমি যে মাটিৰ মানুহ , আমাৰ যে মন আছে সেয়া পাহৰিয়ে পেলাইছোঁ। সৃষ্টিকৰ্তাই আমাক মাটিৰে তৈয়াৰ কৰিছে যাৰ বাবে আমাৰ মনে প্ৰকৃতিৰ সৌন্ধৰ্য্য ভাল পায় । প্ৰকৃতিৰ সৌন্ধৰ্য্যৰ মাজত থাকি ভাল পায় , কিন্তু আমি নিজকে আতৰাই ৰাখিছো প্ৰকৃতিৰ পৰা আৰু নিজকে মোবাইল , টি ভি ত আবদ্ধ কৰি ৰাখিছোঁ মনৰ শান্তিৰ বাবে । আমাৰ মনক যোৰকৈ বুজাই আছোঁ মই সুখী , নাইবা মই সুখী নে দুখী সেই অনুভৱ কৰাৰ শক্তিও হেৰুৱাই পেলাইছে , কাৰণ যান্ত্ৰিকতাৰ মাজত সোমাই পৰি নিজকে পাহৰি পেলাইছে । দিন ৰাতি পাৰ হৈ আছে সেইটোৱে যথেষ্ট, কাৰণ আপোনাৰ ভাৱনা শক্তি ইতিমধ্যে মোবাইল আৰু টিভিয়ে শূণ্য কৰি পেলাইছে । উদাহৰণস্বৰূপে পাপজি খেলি থকা লৰা এজনৰ কথাই ধৰক । মোবাইলত গেম খেলি খেলি এনেকুৱা নিশা হৈ পৰে যে তাৰ আশে পাশে কি হৈ আছে , ভোক লাগিছে নে নাই, তাৰ কি লাভ হৈ আছে ,এইবোৰ ভাবিৱৰ শক্তি তাৰ নাথাকে , মাত্ৰ নিশাগ্ৰস্থৰ দৰে খেলি খেলি অবাৱত সময়বোৰ নষ্ট কৰে । এটা সময়ত নিজৰ জীৱন অন্ধাকাৰৰ মাজত পৰি ককবকায় , তেতিয়া তাৰ পৰা উঠি অহাৰ কোনো ৰাস্তাই নাপায় , যাৰ বাবে ভুল ৰাস্তাত আগবাঢ়ি যাবলৈ বাধ্য হয়।
ৰাতি টোপনি যোৱাৰ আগলৈকে মোবাইল বা টিভি চাই থকা আমাৰ অভ্যাস । এই বদ অভ্যাসটোযে আমাৰ কিমান ক্ষতি কৰি আছে সেয়া আমি কল্পনাই কৰিব নোৱাৰোঁ । ধৰি লওক শোৱাৰ আগলৈকে কোনো চিনেমা চালে বা ফেচবুকত নানা ধৰণৰ পোষ্ট দেখিলে ৰাতি 12 বজালৈকে । 12 বজাত মোবাইটো থৈ চকু মুদিলে ঠিকে কিন্তু আপোনাৰ মাইন্ড মোবাইল , টিভিত দেখা কথাবোৰে পাগুলিয়াই থাকে , বা সপোনতো তেনে ধৰণৰে সপোন দেখে । আপুনি টোপনি যোৱা বুলি অনুভৱ কৰিলেও আপোনাৰ মগজু জাগ্ৰত হৈয়ে থাকে , যাব বাবে টোপনিৰ পৰা সাৰ পোৱাৰ পিছতো নিজকে ভাগৰুৱা অনুভৱ কৰে । ইয়াৰ একমাত্ৰ কাৰণে হ'ল আপোনাৰ টোপনি আধৰুৱা হোৱা , যি মগজুৱে আপোনাৰ গোটেই দেহটো পৰিচালনা কৰে ক্ষন্তেকো জিৰণী নোলোৱাকৈ , সেই মগজুকে যদি আপুনি ৰেষ্ট দিব নোৱাৰে তেন্তে মগজুয়ে বেছি দিনলৈকে আপোনাৰ শৰীৰক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰিব। যাব বাবেই বৰ্তমান বেমাৰ আজাৰ বৃদ্ধি , অকাল বাধ্যক্য । জীৱনৰ সঠিক সিদ্ধান্ত লব পৰা শক্তি লোপ পোৱা , নেতিবাচক চিন্তাধাৰাৰে সমাজ বিপদগামী হোৱা আদি কাৰকবোৰ দেখা দিছে।
সেহেহ নিজক ভাল পাবলৈ হলে প্ৰথমে চোচিয়েল মিডিয়া , টিভি , মোবাইলৰ মাজতে ব্যস্ত নাথাকি , নিজক সময় দিয়ক , নিজৰ সতে কথা পাতক , নিজৰ লক্ষ্য ঠিক কৰি লওক আৰু মোবাইল গেমত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ জীৱনৰ গেমত মনযোগ দিয়ক। বিশ্বাস কৰক জীৱনৰ সফলতা প্ৰাপ্তিৰ বাবে খেলা খেলখনত বেছি সুখ অনুভৱ কৰিব , আৰু সেই সুখ দীৰ্ঘম্যাদী।
আগলৈ.........
@Begum Asma
( বি .দ্ৰ.- আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p- 4 খণ্ডটো আগতে টাইপ কৰা আছিল বাবে আগতেই দিলে , part -3 কেইদিনৰ ভিতৰতে টাইপ কৰি আপোনালোকৰ বাবে আগবঢ়়াম৷)
Comments
Post a Comment