অবিভক্ত গোৱালপাৰা জিলা ইতিহাস
অবিভক্ত গোৱালপাৰা জিলা ইতিহাস উজনিৰ আহোম ৰাজ্যত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসন চলি থকাৰ সময়তে ১৭৬৫ চনত অবিভক্ত গোৱালপাৰা ইংৰাজৰ অধীনলৈ যায়৷ তাৰ আগৰ প্ৰায় তিনি বছৰ আহোমৰ অধীনত আৰু এশ বছৰ গোৱালপাৰা মোগলৰ অধীনত আছিল৷ ১৭৭২-৮৫ চনত গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছে জিলা নিৰ্ধাৰণ কৰোতে গোৱালপাৰাক ৰংপুৰ জিলাৰ মেপৰ ভিতৰুৱা কৰে৷ ৰংপুৰ মানে বৰ্তমান বাংলাদেশৰ গুৰুত্বপূৰ্ণ নগৰ৷ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছৰ দিনত (১৭৮৬-৯৩) গোৱালপাৰাত থানা প্ৰতিষ্ঠা কৰা হয়৷ সেয়াই আধুনিক নগৰ পট্টনৰ লেখৰ আৰম্ভণি৷ ১৮২২ চনত ধুবুৰীৰপৰা গাৰোপাহাৰলৈকে ধৰি গোৱালপাৰাক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হয়৷ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছত গোৱালপাৰাক অসম প্ৰদেশৰ লগত সংযুক্ত কৰা হয়৷ ১৮৬৪ চনত ইংৰাজে ভূটান দুৱাৰ জয় কৰাৰ পৰৱৰ্তী দুবছৰৰ পাছত গোৱালপাৰাৰ লগত পূব দুৱাৰ সংযুক্ত কৰা হয় আৰু কোচবিহাৰ কমিচনাৰৰ অধীনলৈ নিয়া হয়৷ তাৰ দুবছৰৰ পাছত গোৱালপাৰাৰ আইনী কামকাজ অসম প্ৰদেশলৈ অনা হয়, কিন্তু প্ৰশাসন কোচবিহাৰৰ পৰাই চলি থাকে৷ ১৮৬৯ চনত গাৰোপাহাৰক গোৱালপাৰাৰপৰা আঁতৰাই পৃথক জিলা ঘোষাণা কৰা হয়৷ ১৮৭৪ চনত অসমক বেংগল প্ৰভিন্সৰপৰা ...