বন্দীত্ব
বন্দীত্ব @#Begum Asma এতিয়া মই জেলত বন্দী হাত ভৰিত লোৰ শিকলি মোৰ প্ৰহৰী মাত্ৰ জেলৰ আন্ধাৰ আন্ধাৰৰ হাতত কাইটীয়া চাবুক চাবুকৰ কোবত দেহত অঙ্কিত মোৰ পৃথিৱীৰ নিৰ্মমতাৰ প্ৰতিচ্ছবি । মোক সাক্ষাৎ কৰিবলৈ ইয়াত নাহিব উশাহ -নিশাহ আৰু এখন অদৃশ্য যুদ্ধৰ বাহিৰে জেলত আনৰ প্ৰৱেশ নিষিদ্ধ আনকি খাবলৈ খাদ্যও দিয়া নিষিদ্ধ খাদ্য বুলি নিজৰ মাংস আৰু হাড়বোৰকে চবাই খাওঁ তৃষ্ণাত চকুলোকে চেলেকি খাওঁ চকুলো শুকাই গলে হৃদয়ৰ তেজ হুহি খাওঁ দেহত বস্ত্ৰ বুলিবলৈ একোয়েই নাই বিবস্ত্ৰত দেহেৰে অদৃশ্য যুদ্ধ যুজি ভাগৰি শুই পঢ়ো কংক্ৰিটৰ মজিয়াখনত নিজৰে মল মূত্ৰৰ গোন্ধত নাড়ীভূৰি ওলাই আহে তথাপি দুচকু মুদি থাকোঁ। চকুযুৰি জোপালেই সৰু সৰু পোকবোৰ মোৰ নাকে মুখে দি সোমাই গৈ কলিজা কুটি কুটি খায় প্ৰথমে যন্ত্ৰণাত চটফটাইছিলোঁ, চিঞৰিছিলোঁ এতিয়া যন্ত্ৰণাবোৰ অভ্যস্ত হৈ পৰিছে। আপুনি সুধিব কি অপৰাধত জেলত বন্দী ? এৰা ! অপৰাধেই অপৰাধ , কিমান অপৰাধৰ কথা কম? অৰণ্যময়ী হোৱাৰ অপৰাধ, আচঁল ভৰাই তৰাবোৰ বুটলাৰ অপৰাধ আপুনি নাভাবিব এয়াই মোৰ প্ৰথম জেল ইয়াৰ আগতেও বহুবাৰ জেলত বন্দী আছিলোঁ বহুবাৰ ফাঁচীও দিয়া হৈছিল অন্যায়ৰ বিৰুদ...