চতুৰ চৰাই আৰু বুৰ্বক ৰজাৰ সাধু

 

চতুৰ চৰাই আৰু বুৰ্বক ৰজাৰ সাধু

এক দেশত এক ৰজা আছিল। ৰজাজন কিছু বৰ্বক আছিল যদিও ধন সম্পত্তিৰ লোভীয়া আছিল। এদিনাখন ৰজাই সাঁচি থোৱা টকাৰ চন্দুক এটা উলিয়াই টকাখিনি গণিবলৈ ধৰিলে। ওচৰতে গছ এটা আছিল । সেই গছত থকা চৰাই এটাই ৰজাৰ টকা গণি থকা দেখা পাই কলে-' ৰজাতকৈ মোৰ ধন বেছি, ৰজাতকৈ মোৰ ধন বেছি, ----' এনেকৈ বাৰ বাৰ ক'বলৈ আৰম্ভ কৰিলে। তাকে শুনি ৰজাৰ খং উঠি গ'ল। লগে লগে ৰজাই সৈন্য সামন্তক মাতি আনি গছৰ চৰাইটোৰ বাহত কি ধন সম্পত্তি আছে সেয়া লৈ আহিবলৈ আদেশ দিলে। ৰজাৰ আদেশমতেই সৈন্য দুজনে গছত উঠি দেখিলে চৰাইৰ বাহত এটা নুপুৰ। কোনো ৰানী বা ৰাজকুমাৰী গা ধুৱতে হয়তো খুলি পৰিছিল , সেইটোকে নি নিজৰ বাহত ৰাখিছে। সৈন্যই নুপুৰটো পাৰি আনি ৰজাক দিলে । চৰাইটিয়ে নিজৰ বাহত আহি নুপুৰ নাপাই ৰজাৰ হাতত দেখি আকৌ কলে - ' ৰজাৰ ধন কম পৰিছে

মোৰ ধন চুৰ কৰিছে ---।'
এনেকৈ বাৰ বাৰ ক'বলৈ আৰম্ভ কৰিলে । তেতিয়া ৰজাৰ আৰু খং উঠি গ'ল। আকৌ সৈন্যক মাতি আনি চৰাইটোকে ধৰি আনি দিবলৈ আদেশ কৰিলে । চৰাইটোক ধৰি আনিলে ৰজাই ভাজি খাব বুলি জনালে। আদেশ পোৱাৰ লগে লগে সৈন্যই বুদ্ধি পাতি ৰাতিৰ অন্ধকাৰত গছত উঠি গৈ চৰাইটোক ধৰি আনিলে। চৰাই ধৰি আনি ৰাতিপুৱা ৰজাক দিলে। ৰজাই ৰান্ধনীক মাতি চৰাইটো ভাজি দিবলৈ আদেশ কৰিলে । ৰান্ধুনীয়ে চৰাইটোক পাকঘৰলৈ লৈ গ'ল। ৰজাৰ আছিলে তিনিজনী ৰানী। তিনিও ৰানী খুব ধুনীয়া আছিল। সিহঁতে ধুনীয়া চৰাইটোক দেখি হাতত লৈ চাবলৈ তিনিও ৰানীয়ে কবলৈ ধৰিলে - প্ৰথমে মই চাম , প্ৰথমে মই চাম- বুলি তিনিজনী ৰানীয়ে চৰাইটো ধৰোতেই হাতৰ পৰা চুটি উৰি গুচি গ'ল। এতিয়া উপায়? এই কথা ৰজাই জানিলে সিহঁতক সুদাই নেৰে। তিনিও ৰানী ভয়ত কম্পমান । এনে সময়তে সন্মুখেদি এটা ডাঙৰ ভেকুলি গৈ থকা দেখিলে। লগে লগে ৰানী তিনিজনে বুদ্ধি পাঙি ভেকুলিটো ধৰি ৰজাৰ বাবে ৰান্ধি দিবলৈ কলে। সেইমতেই ৰান্ধুনীয়ে ভেকুলীটো কাটি ধুই ধুনীয়াকৈ ভাজি ৰজাক খাবলৈ দিলে। ৰজাই বৰ তৃপ্তিৰে খাবলৈ ধৰিলে । খাই থাকোতেই ভাবিলে - চৰাইৰ মাংস ইমান সোৱাদ লগা ! এতিয়াৰ পৰা হাবিলৈ চৰাই চিকাৰ কৰিবলৈ যাব নাইবা সৈন্যক চৰাই ধৰি আনিবলৈ ক'ব। কথাবোৰ ভাবি ভাবি খোৱা শেষ কৰি ৰজাই আৰাম কৰিবলৈ ধৰিলে। তেতিয়া চৰাইটোৱে গছৰ পৰা আকৌ মাত লগালে-' ছি: ছি: ৰজাই বেং ভজা খায় , ছি: ছি: ৰজাই ভেং ভজা খায় --।' - এনেকৈ চৰাইটোৱে একেৰাহে কবলৈ ধৰিলে । তেতিয়া ৰজাই দেখিলে চৰাইতো গছতে আছে তেন্তে সি সচাঁকৈয়ে বেং ভজা খাইছে। লগে লগে ৰজাৰ বমি হ'বলৈ ধৰিলে । বমি কৰি ৰজাই কিছু সুস্থ হ'ল তেতিয়া ৰান্ধুনীক মাতি আনি সচাঁ কথাটোনো কি সুধিলে। ৰান্ধুনীয়ে সকলো ভাঙি পাতি কলে। চৰাইটোৰ প্ৰতি আৰু দুগুণ খং বাঢ়ি গ'ল।
সৈন্যবোৰক মাতি আনি চৰাইটোক আকৌ ধৰি আনিবলৈ আদেশ দিলে। এইবাৰ ৰজাই চৰাইটোক জীৱন্তে গিলি খাব বুলি কলে । সেই মতে সৈন্যই চৰাইটো ধৰি আনি ৰজাক দিলে। ৰজাই চৰাইটোক গিলি খাবলৈ পানী বিচাৰিলে । ৰজাক এক ঘটি পানী দিলে। পানী ঘটি লৈ ৰজাই পানীৰে চৰাইটোক গিলি পেলালে । চৰাইটোও কম নহয়। ৰজাৰ পেটত গৈয়ে ঠোটেৰে নাড়ী ভুৰীত খুটিবলৈ ধৰিলে। ৰজাৰ পেট বিষ আৰম্ভ হৈ গ'ল । ৰজাই সহ্য কৰিব নোৱাৰা অৱস্থা। চৰাইটো উলিয়াই নানিলে ৰজাৰ মৃত্যু হ'ব । মন্ত্ৰীপৰিষদে চৰাইটো উলিয়াৰ অনাৰ ব্যবস্থা একো ভাবি নাপালে । ইফালে ৰজা অসুস্থ হৈ পৰিল । উপায়ন্তৰ হৈ ৰজাক গোবৰৰ পানী খুৱাই দিলে। বমি হলে পেটৰ পৰা চৰাইটো ওলাই আহিব । তাৰ আগতে সৈন্যবোৰে তৰোৱাল লৈ সাজু হৈ থাকিল চৰাইটো ওলোৱাৰ লগে লগে তৰোৱালেৰে দুচেও কৰিব। ৰজাই আদেশ দিছিল । সেইমতে সিহঁতেও সাজু। গোবৰৰ গোন্ধ সহিব নোৱাৰি ৰজাই বমি কৰিলে। লগে লগে সৈন্যই তৰোৱাল চলাই দিলে। চৰাইটো বমিৰ তলেদি ওলাই উৰি গুচি গ'ল কিন্তু তৰোৱালৰ আগ লাগি ৰজাৰ ওঁঠ কাটি গ'ল। ৰজা এনেই অসুস্থ হৈ পৰিছিল ওঁঠ কটি আৰু অসুস্থ হ'ল। ৰজাক চিকিৎসা কৰিবলৈ ৰাজবেদ আহিল। ওঁঠত ঔষদ পাতি লগাই দিলে। তেনেকৈ কিছুদিন পিছত ৰজা ঠিক হ'ল । এনে সময়তে সকলো ৰাজ্যৰ ৰজাক মুখ্য মহাৰাজে ৰাজ অধিবেশনলৈ মাতি পঠিয়ালে। ৰজাই সৈন্য সামন্ত লৈ ৰাজ অধিবেশনলৈ গ'ল । অধিবেশন আৰম্ভ হোৱাৰ লগে লগে চৰাইটোৱে কবলৈ ধৰিলে-' ছিঃ , ছিঃ ওঁঠ কটা ৰজা , ছিঃ , ছিঃ ওঁঠ কটা ৰজা ---।' এনেকৈ বাৰ বাৰ কবলৈ ধৰিলে । অধিবেশনত এনেকৈ বিৰক্তি কৰাৰ বাবে মহাৰাজৰ খং উঠি গ'ল। মহাৰাজে সৈন্যক আদেশ দিলে সকলো ৰজাৰ ওঁঠ পৰিক্ষা কৰি চাবলৈ। সৈন্যই সকলোৰে ওঁঠ চাই একো নাপালে , শেষত ওঁঠকটা ৰজাৰ মোচ দাঙি চোৱাত দেখা পালে তাৰ ওঁঠ কটা আছে। মহাৰাজে ঘটনাটোনো কি বুলি জানিব বিচৰাত ৰজাই সকলো ভাঙি পাতি কলে। তেতিয়া মহাৰাজে কলে - এটা চৰাইৰ সতেই যি হাৰি গৈছে সি কেনেকৈ ৰাজ্যৰ সুৰক্ষা প্ৰদান কৰিব? সভাত থকা সকলো ৰাজ্যৰ ৰজা মন্ত্ৰী একে কথাই ক'বলৈ ধৰিলে । শেষত মহাৰাজে সেই ৰজাৰ পৰা ৰাজ্য কাঢ়ি নি বেলেগ এজন যোগ্য ব্যক্তিক দিলে। ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু