ডাঙৰ উপহাৰ আৰু ভিক্ষাৰীৰ সাধু

 ডাঙৰ উপহাৰ আৰু ভিক্ষাৰীৰ সাধু 

এখন গাঁৱত এজন ব্যৱসায়ী আছিল। এদিনাখন ব্যৱসায়ীজনে হাতত মোনালৈ বজাৰলৈ গৈ আছিল। বাটেৰে অলপ দূৰ যোৱাৰ পিছতে এজন ভিক্ষাৰী লগ পালে। ভিক্ষাৰীজন বৰ ভোকাতুৰ আছিল। দেহত কাপোৰ কানিও ফটা চিটা আছিল। ব্যৱসায়ীজনক দেখি ভিক্ষাৰীজনে কিবা খাবলৈ টকা বিচাৰিলে ।ব্যৱসায়ীজনে অলপ টকা দি বজাৰলৈ গ'ল। পিছদিনাও সেই একে ঠাইতে একে সময়তে ব্যৱসায়ীজনে ভিক্ষাৰীজনক লগ পালে। সিদিনাও অলপ টকা দি গুচি গ'ল। এনেকৈ কেইবাদিনো অলপ অলপকৈ টকা দি সহায় কৰিলে যদিও ভিক্ষাৰীজনৰ কোনো পৰিৱৰ্তন দেখা নগল।
আনদিনৰ দৰে ব্যৱসায়ীজনে আকৌ বজাৰলৈ গৈ আছিল । তেনেতে একে ঠাইতে সেই ভিক্ষাৰীজনকে লগ পালে। ব্যৱসায়ী আগৰ দৰেই অলপ টকা দিলে আৰু কলে -' কাইলৈ মোৰ লগত ওলাবা , কাইলৈ মই তোমাক ডাঙৰ উপহাৰ দিম।' কথা মতেই কাম । পিছদিনা ব্যৱসায়ীজনে ভিক্ষাৰীজনক লগতলৈ লাহে লাহে নদীৰ পাৰলৈ গ'ল। নদীৰ পাৰলৈ গৈ ভিক্ষাৰীজনে কলে - কি ডাঙৰ উপহাৰ দিব দিয়ক। ব্যৱসায়ীজনে হাতত থকা জালখন নদীত ফেলালে। পলকতে জালখন নদীৰ পৰা উঠাই আনি ভিক্ষাৰীজনৰ হাতত জালখন দি কলে - জালখন নদীত ফেলোৱা চাবা তোমাৰ ডাঙৰ উপহাৰটো পাই যাবা। ভিক্ষাৰীয়ে জালখন হাতত লৈ নদীত পেলালে।
কিন্তু জালখন ভালকৈ ফেলাব নোৱাৰিলে। ব্যৱসায়ীজনে কলে - আকৌ ভালকৈ পেলোৱা। বাৰ বাৰ জাল পানীলৈ দলিয়াই দিয়ে কিন্তু জানখন থুপহৈ পৰে , মেলি নপৰে।আকৌ দলিয়াই দিয়ে ।এনেকৈ কেইবাবাৰো জাল পানীলৈ দলিয়াই দিয়াৰ পিছত জালখন ভালকৈ পৰিল আৰু জালত বহুত মাছ উঠিল। ভিক্ষাৰীয়ে আকৌ কলে - ক'ত মোৰ ডাঙৰ উপহাৰ ? আপুনি মোক ডাঙৰ উপহাৰটো দিয়ক। ' তেতিয়া ব্যৱসায়ীজনে মাছবোৰ দেখুৱাই কলে -' এইবোৰেই তোমাৰ ডাঙৰ উপহাৰ।'
ভিক্ষাৰীয়ে একো বুজি নাপালে। মাছ কেনেকৈ ডাঙৰ উপহাৰ হ'ব ? ভাবি ভিক্ষাৰীজনে কলে- এই মাছ দি মই কি কৰিম?'
তেতিয়া ব্যৱসায়ীজনে হাঁহি হাঁহি বুজাই কলে- শুনা, এই জালখনেদি আজিৰ দৰে প্ৰত্যেকদিনাই মাছ মাৰি মাছবোৰ বজাৰলৈ লৈ গৈ বিক্ৰী কৰিলে বহুত টকা পৰা, সেই টকাৰে নিজৰ পৰিয়ালৰ বাবে বজাৰ কৰি লৈ সপৰিয়ালে ভালকৈ চলিব পাৰিবা। ভিক্ষাৰীজনে কথাটো বুজি পাই তাৰ ডাঙৰ উপহাৰটো লৈ ঘৰমূৱা হ'ল। সেইদিনাৰ পৰাই ভিক্ষাৰীজনে ভিক্ষা কৰিবলৈ এৰি দিলে। সদায় মাছ মাৰি বজাৰলৈ লৈ গৈ বিক্ৰী কৰি বহুত টকা পাবলৈ আৰম্ভ কৰিলে আৰু পৰিয়ালৰ সৈতে সুখ শান্তিতে থাকিবলৈ ললে।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু