শূণ্য
শূণ্য
ডাইৰীৰ উকা কাগজত শুই আছোঁ
অলপ দূৰৈত তুমিও
(কেতিয়া শুইছাহি নাজানো)
দুয়োৰে বুকু চেঁচা
কোনেও কাৰো বুকু চুই চাব পৰা নাই।
খুব সহজ সকলো এৰি গুচি যোৱা
খুব কঠিন সকলো সামৰি
একে ঠাইতে অপেক্ষা কৰা
সহজ পথটোৱে বাচি লৈছিলা
আৰু মই কঠিনটো
সহজ কাম কোনোটোৱেই নোৱাৰো
চকুলোৰে কষ্ট ধুই দিয়া সহজ
অথচ নোৱাৰিলোঁ
চকুলো মচি আঘাতৰ শলিতা জ্বলাই
ক্ৰমে চেঁচা পৰা হৃদয়ক জ্বলাওঁ
তোমাৰ একো এটাও জ্বলোৱা নাই
খাম এটাত ভৰাই ডাকত দিছোঁ
অচলপ্ৰায় পিঞ্জিৰাৰ পৰা
স্মৃতিৰ চিলনীটোকো বিদায় দিছোঁ
সিও তুমি যোৱা বাটে উৰি গ’ল
এতিয়া মই এটা মহা শূণ্য।
Comments
Post a Comment