মৌন স্বাধীনতা
মৌন স্বাধীনতা @বেগম আছমা মৌন ব্ৰতৰ ট্ৰেণ্ড চলিছে আপুনি মই জনতা সকলোৱে মৌন দেশত মৌনতাৰে লুণ্ঠণ চলে জনতা মৌন হৈ দৰ্শকৰ শাৰীত বহে । জনতাৰ কন্ঠত শব্দ নাই ৰাষ্ট্ৰ নেতাৰ মন কি বাত জনতাই চুপচাপ শুনে আৱাজ দিলেই ৰাষ্ট্ৰনেতা মৌন । পেটৰ ভোকৰ বাবে চাউল -ডালি , তেল-নিমখ কিমান কি প্ৰয়োজন অথচ বজাৰ যুদ্ধক্ষেত্ৰ মোনাত বুলেট এটা ভৰাই পিতৃ মৌন হৈ পৰে । দেশ বিক্ৰী হয় , ভেটি মাটি বিক্ৰী হয়, এই দেশত কি বিক্ৰী হোৱা নাই ? স্বাধীনতাৰ নামত দেশৰ স্বভিমান তিৰঙ্গাও বিক্ৰী হয় অথচ জনতা মৌন। ন্যায় বিচাৰি ক'ত যাব ? অফিচ, আদালত, চৰকাৰ সকলোতে ভ্ৰষ্টাচাৰ সঁচাক মিছা সজাই মিছাক সঁচা সজাই বিক্ৰী কৰা হয় আমি সকলো জানোঁ সকলো বুজোঁ অথচ আমি মৌন । উগ্ৰবাদে, সাম্প্ৰদায়িকতাবাদে মিছিল পাতে হত্যা, সন্ত্ৰাস আৰু বৰ্ণবাদে ৰাজপথ দখল কৰে গায়ক ,লেখক, সুৰকাৰ সকলোৱে মৌন । সাম্যবাদ , সমাজবাদ ,জাতীয়তাবাদ সমন্বয় আৰু সহাৱস্থানক তলাবদ্ধ কৰি প্ৰশাসন আৰু প্ৰশাসকে তেজ ৰঙা পতাকাবোৰ জ্বলাই দি...