নাট্যশাল

     নাট্যশাল

দুৱাৰবিহীন,কলৰোৱবিহীন
অন্ধকাৰাচ্ছন্ন এক নাট্যশাল
তাত মই নিজে দৰ্শক
নিজেই কৰো অভিনয়
বাকীবোৰ সহশিল্পী

বিষাদৰ ভায়লীনখন বাজি থাকে
মই হাঁ‌হিৰ মুখা পিন্ধি
এটুকুৰা মাংসপিণ্ডৰ ওপৰত ভৰ দি
বৰফৰ পাহাৰখন
সেউজীয়াৰে আৱৰাৰ আখৰা কৰোঁ‌

আজৰি পালেই চাই থাকোঁ‌
খিৰিকীৰে আকাশ নীলা
গণি থাকো মৃত নক্ষত্ৰবোৰ
নক্ষত্ৰবোৰ চক্ষুপল্লৱত বহি
ওৰে ৰাতি উচপি থাকে

পুৱালীৰ জন্মক্ষণত
মোৰ আঙুলিত ধৰি
নক্ষত্ৰবোৰ নামি যায় শ্বশানলৈ
সকোলোৱে চিতাগ্নিত জাপ মাৰে
সিহঁ‌তৰ জ্বলা গোন্ধত
উজ্জাপিত হয় বিবৰ্তনৰ উৎসৱ।..






Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু