সমন্বয়ৰ সেঁতু

         সমন্বয়ৰ সেঁতু



সমন্বয়ৰ সেঁতু বুলিয়ে আৰম্ভ কৰিলোঁ যদিও সেই বিষয়ে পিছলৈ আলোচনা কৰিম। কাবেন্দ্ৰ চক্ৰৱৰ্তী ছাৰ নানকাৰগাঁও হাই স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল । সেইখন স্কুলতে মই হাইস্কুলীয়া শিক্ষাৰ পাতনি মেলি ছাৰক প্ৰধান শিক্ষক হিচাপে তিনিবছৰ পাইছোঁ । কাবেন্দ্ৰ চক্ৰৱৰ্তী অকল এটা নামেই নাছিল সেই স্কুলৰ  মৰ্য্যদা আছিল । এই নাম শুনিলেই সন্মানত ছাত্ৰ ছাত্ৰীৰ শিৰ নত ( এই নত হোৱাটো লাজ অপমানত নহয় । ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ সন্মুখত শিৰ নত কৰি থিয়  হোৱা বা সন্মান দিয়াটো বুজোৱা হৈছে ।) হৈছিল । ছাৰ এজন ব্যক্তিত্ব সম্পূৰ্ণ ব্যক্তি আছিল। ভাল ব্যক্তিত্বৰ বাবেই হয়তো  স্কুলখন এক নীতি নিয়মৰ মাজত সুচাৰুৰূপে চলাই নিব পাৰিছিল । ছাত্ৰ ছাত্ৰীৰ লগত কোনো খং বা বেয়া ব্যৱহাৰ কেতিয়াও কৰা নাই তথাপিও  ছাৰৰ অনুশাসন  প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মানি চলা দেখিছোঁ । স্কুলখন উন্নত কৰি  তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ সপোন ছাৰৰ সপোন আছিল । এই ক্ষেত্ৰত সফলতাও পাইছিল ।
কাবেন্দ্ৰ চক্ৰৱৰ্তী  ছাৰক স্কুলত গৈ ছাৰ হিচাপে পোৱাৰ আগতেই ঘৰুৱা সম্পৰ্ক হিচাপে লগ পাইছিলোঁ বহুবাৰ । মোৰ দেউতা (আব্দুল হুছেইন ) একেখন স্কুলত আৰম্ভণিৰ পৰাই একেলগে চাকৰি কৰি থাকোতেই দুয়োৰে মাজত ভাই ককাইৰ সম্পৰ্ক গঢ় লৈ উঠে । দেউতাৰ পৰাই শুনিছোঁ স্কুলখন আৰম্ভণিতে একো নাছিল । এটা সময়ত ছাৰ আৰু দেউতা মিলি কান্ধত বাঁহ আনি স্কুলৰ কাম কৰিছিল । দুয়ো মিলি বহু ৰাতিলৈকে সেই অঞ্চল সমূহত বৰঙণি উঠাই স্কুলৰ কাম কৰিছিল । অফিচ কাছাৰীত ঘূৰি ঘূৰি স্কুলখন চৰকাৰী কৰণ কৰাৰ লগতে শেষলৈ স্কুলখন উচ্চ শিক্ষাৰ বাবে হায়াৰ চেকেণ্ডাৰীলৈকে উন্নত কৰিলে । ছাৰ আৰু দেউতা ভাল সহকৰ্মী , ভাল বন্ধু আৰু ভাই ককাইৰ দৰে আছিল।
ছাৰৰ মাকে (আইতা) দেউতাক নিজৰ ল'ৰাৰ দৰেই মৰম কৰিছিল । আমাকো আইতাই আন নাতিনী সকলোৰ দৰে মৰম কৰিছিল । সৰু কালৰ কথাবোৰ ভালকৈ মনত নাই যদিও ঘটনা এটা মনত পৰে । ছাৰৰ কৰ্মস্থল ধনতোলা হোৱা বাবে ধনতোলাতে ঘৰ কৰিছিল যদিও বন্ধ পালে প্ৰায়েই গাঁওৰ ঘৰ আমগুৰিলৈ গৈছিল ।  ছাৰৰ লগত দেউতাও গৈছিল মাজে মাজে ।  ছাৰে দেউতাসহ আমাকো লৈ গৈছিল গাঁৱৰ ঘৰলৈ । ঘৰখন কেনেকুৱা আছিল ঠিক মনত নাই কিন্তু ঘৰত বাৰী এখন আছিল ।  নেমু , শাক, পাচলি, ফল মূল আদি । টকৌ গছ এটাও আছিল ।  আইতাই আমাক দেখুৱাইছিল, মৌচুমী নে নেমু ছিঙি মোক দিছিল ।
। আমাৰ দুয়োঘৰৰ মাজত প্ৰায়ে আদান প্ৰদান চলিছিল । আইতাই ছাৰৰ হতুৱাই  মাজে মাজে  বাৰীৰ পৰা নেমু , কচুৰ ঠাৰি আদি ইটো সিটো পঠিয়াই দিছিল । সেইদিনা আমগুৰিৰ ঘৰত আৰু এটা ঘটনা মনত পৰে । ঘৰত ছাৰ বাইদেউহঁতে  ঘৰৰ মন্দিৰত সেৱা কৰিবলৈ সোমাইছিল , লগতে অৰ্চনা বা । অৰ্চনা বাক  চাই ময়ো পিছে পিছে সোমাই গৈছিলোঁ । মোক বাহিৰলৈ যাব নকৈ মৰমেৰে ভিতৰলৈ হে মাতি নিছিল ।
আন এটা কথা বৰ্তমান হয়তো এনে ঘটনা পাবলৈ টান কিন্তু তেতিয়া সাধাৰণ আছিল । মোৰ মা দেউতা আগৰে পৰা ধাৰ্মিক আছিল । পাঁচ ৱক্ত নামাজ পঢ়ে আগৰ পৰাই । ছাৰহঁতো  বামুণ আছিল । পাক্কা ধাৰ্মিক । তেনে এখন ঘৰত  মাক নামাজ পঢ়িবলৈ ব্যৱস্থা কৰি দিছিল । সেইখন ঘৰতে মা - দেউতাই নামাজ পঢ়িছে। এনে এক মধুৰ সম্পৰ্ক আছিল । আমাৰ দেউতাকেও ছাৰক বহুত ভাল পাইছিল , যথেষ্ট সন্মান কৰিছিল ডাঙৰ ভায়েকৰ দৰে কিন্তু দুয়ো ভাল বন্ধুও আছিল। ছাৰহঁতে আমাৰ ঘৰত কেতিয়াবা যাব বুলি শুনিলেই ফূৰ্ত্তি পাইছিল । যা যোগাৰ কৰিছিল , মাক কৈছিল চাহ মিঠাই বনাবলৈ । আমাক কৈছিল। সেইদিনা ফূৰ্ত্তিৰ মহল এটা হৈছিল । সেই দিনবোৰ কথা আজিও মনত পৰে।
আইতা ইহলীলা সম্বৰণ কৰাৰ পিছত একপি ফটো দেউতাই দেখুৱাই কৈছিল - 'তোৰ আইতা ই মোক নিজৰ ল'ৰাৰ দৰেই ভাবিছিল যাৰ বাবে শ্ৰাদ্ধৰ দিনাখন দুই পুতেকৰ লগত মোকো থাকিব কৈছিল । সেইমতেই ----- । '  সচাঁকৈ ফটো কপি চাই মোৰ অন্তৰে কান্দিছিল । ইমান উদাৰ মনৰ মানুহ  আজিকালি হয়তো কমে ওলাব । উদাৰ মনৰ  মানুহবোৰ নোহোৱা হৈ গৈ আছে । ফটো কপি মই নাম দিছোঁ সমন্বয়ৰ সেতু । মোৰ ফেচবুকত এই নামেৰেই সাঁচি ৰাখিছোঁ।  ফটোখনে বহু কথাই কৈ যায় । অতীতলৈ এনেবোৰ কথা সাধুকথা হৈ যাব যেন লাগে কিন্তু মই নিজ চকুৰে দেখিছোঁ সমন্বয়ৰ সেতুখন ।
ছাৰৰ লগত আমাৰ সম্পৰ্ক বেলেগ আছিল । মামা বুলি মাতিছিলোঁ। অৱশ্যে স্কুলত যোৱাৰ পিছত মামা কোৱাতে লাজ লাগিল । মামাৰ হোৱাৰো এটা কাহিনী আছে । ছাৰে মোৰ আম্মাক  (মাক )ক ভনী বনাইছিল । আচলতে এদিন মা দেউতাৰ লগত কাজিয়া লাগিছিল, সেইদিনা আকৌ ছাৰ আমাৰ ঘৰত আহিছিল । তেতিয়া ছাৰে মাক কৈছিল -' আজিৰ পৰা তই মোৰ সৰু ভনী । মোৰ সৰু ভনী নাই । তয়ে মোৰ সৰু ভনী এতিয়াৰ পৰা । ' সেই মতে দেউতাকো কৈছিল ' আজিৰ পৰা তাই মোৰ সৰু ভনী ।মোৰ ভনীক কেতিয়াও দুখ নিদিবি। '
তেতিয়াৰ পৰা সচাঁকৈ ডাঙৰ ভায়েকৰ দায়িত্ব পালন কৰিছিল । মাজে মাজে খবৰ লৈছিল । এবাৰ নে দুবাৰ ঈদত সকলোকে কাপোৰ দিয়াৰ কথাও মনত পৰে ।
এনেকি দেউতাই যেতিয়া প্ৰথম মাটি কিনিছিল তেতিয়া মামাই মাটিৰ দাম দিছিল, পিছলৈ অৱশ্যে সেই টকা পৰিশোধ কৰিছে কিন্তু সেইখিনি উপকাৰ কোনে কৰে ? নিজৰ ভাই ককাইয়ো সেইখিনি সহায় নকৰে । অকল সহায়ৰ ক্ষেত্ৰতে নহয় বহুত ভাল উপদেশ দিছিল , ভাল ভাল কথা কৈছিল। কথা কম কৈছিল যদিও অৰ্থপূৰ্ণ কথা কৈছিল। ছাৰে প্ৰায়ে কৈছিল-' সদায় সঁচা কথা ক'ব লাগে । মিছা কথাৰ ঠেং চুটি । ' আৰু বহুত কথা কৈছিল কিন্তু এই মুহুৰ্তত মন পৰা নাই । ছাৰ এজন উদাৰ মনৰ , ভাল ব্যক্তিত্বৰ মানুহ  আছিল । কোনো এজন ছাত্ৰ ছাত্ৰী বা কোনো মানুহে ক'ব নোৱাৰে  ছাৰৰ কোনো ধৰণৰ বেয়া ব্যৱহাৰৰ কথা  ।  মই কেতিয়াও দেখাও নাই, শুনাও নাই । আচলতে ভাল শিক্ষক এজন ছাত্ৰ ছাত্ৰী ভাগ্যৰ বলতহে পায় । মোৰ ভাগ্য ভাল আছিল কিজানি। আজিকালি শিক্ষকৰ সেই গুৰু গম্ভীৰ ভাৱ নোহোৱা হৈ গৈছে । সকলোৱে প্ৰফেচন্যাল । অৱশ্যে তাৰ মাজতো আজিও বহুত ভাল শিক্ষক আছে । আজিও কিছু শিক্ষকে সেৱাৰ মনোভাৱ লৈ শিক্ষকতা কৰে । সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ হকে কাম কৰে । এজন মাতৃৰ যেনেকৈ নিজৰ সন্তানৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে ঠিক তেনেকৈ এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ হাত ধৰি সিহঁতৰ ভৱিষ্যত পোহৰাব পাৰে । শিক্ষক এজন সমাজৰ অভিভাৱক স্বৰূপ । অভিভাৱকে পৰিয়ালৰ দায়িত্ব পালন কৰাৰ লগতে উন্নতিৰ হকে কাম কৰে । ঠিক তেনেকৈ শিক্ষক এজনে সমাজৰ দায়িত্ব পালন কৰিব লাগে । তেওঁ বিচাৰিলে সমাজ পৰিবৰ্তন কৰিব পাৰে । সেই শক্তি শিক্ষক এজনৰ হাতত থাকে ।  শিক্ষকৰ ইচ্ছা শক্তি থাকিলে সকলো কৰিব পাৰে।
ছাৰ এজন দায়িত্বশীল শিক্ষক আছিল । তেখেতক হেৰুৱাই সমাজে বহু ক্ষতিৰ সন্মুখিন । শিক্ষকতাৰ পৰা অৱশৰ ল'লেও মূৰব্বী হিচাপে চোতাল এখনত বৃহৎ গছ এডালৰ  ছাঁৰ দৰে আছিল ।
সৰুতে দেউতাই প্ৰায়ে মোক চাইকেলৰ পিছত তুলি স্কুললৈ বা বজাৰলৈ লৈ গৈছিল । বন্ধৰ দিন হ'লে বজাৰৰ কৰি যাওঁতে ছাৰহঁতৰ ঘৰত সোমাইছিল । দেউতাই গেট খুলি ভিতৰলৈ সোমাই ছাৰক মাত দিওঁতে ছাৰে হাঁহি মুখে ওলাই কৈছিল - 'অ হুছেইন আহিছে , আহক আহক --  । লগতে ডাঙৰ মায়ো আহিছে । আহা আহা -- । ' ছাৰৰ মাত বহুত মিঠা আছিল । সদায় মুখত মিচিকীয়া হাঁহি লৈ কথা পাতিছিল । অৱশ্যে স্কুলত গুৰু গম্ভীৰ ভাবে কথা পাতিছিল । ছাৰে খং কৰা নাছিল যদিও ছাৰক চাই সকলোৱে ভয় কৰিছিল ।  এই ভয় অকল সন্মুখৰ পৰা নহয় । আচলতে ছাৰৰ ব্যক্তিত্ব এনে আছিল যে ছাৰক সকলোৱে ভয় কৰাৰ লগতে যথেষ্ট  সন্মান কৰিছিল । ঘৰুৱা পৰিৱেশত যেতিয়া লগ পাইছিলোঁ তেতিয়া গুৰু গম্ভীৰ ভাৱ টো নাছিল । মোক বহুত মৰম কৰিছিল । দেউতাই গ'লেও বহুত ভাল পাইছিল ।  মই সদায়ে লক্ষ্য কৰিছিলোঁ ছাৰৰ চকু মুখত আনন্দৰ লহৰ । দেউতাৰ চকু মুখতো । যেন বহুদিনৰ মূৰত দুই অন্তৰঙ্গ বন্ধু একলগ হৈছে । অথচ ছাৰ আৰু দেউতা দুয়ো একেলগে কাম কৰিছিল । কেইবছৰ মান আগতে এদিন দেউতাৰ লগত এবাৰ গৈছোঁ ছাৰে কথা বাৰ্তা পাতি শেষত ভাত নোখোৱাকৈ আহিব নিদিয়ে । ছাৰ -  বাইদেউ ( মামা -মামীয়ে) দুয়ো আমাৰ বাবে পাকঘৰতে ডালি , তিলৰ বৰ , কলৰ বৰ আদিৰে ভাত যতনাই দিয়া আজিও  মনত পৰে । ছাৰহঁতে নিৰামিষ ভোজী আছিল । আমিষতকৈ বাইদেউৰ হাতৰ সেই নিৰামিষ সোৱাদ লগা আছিল । আজিও সেইবোৰ চকুৰ আগত ভাহি উঠে । চাৰি পাঁচ বছৰ আগত নেকি ঠিক মনত নাই ছাৰ অৱশৰ লোৱাৰ পিছত মই কেইদিনমানৰ বাবে আমাৰ ঘৰলৈ গৈছিলোঁ । তেতিয়া দেউতাক লগত লৈ ছাৰৰ ওচৰলৈ গৈছিলোঁ । মোৰ উদ্দেশ্য আছিল ছাৰ বাইদেউৰ লগত দেখা কৰা লগতে ছাৰ বাইদেউ আৰু দেউতাৰ পৰা ভিতৰুৱা অঞ্চল এটাত কেনেকৈ দুয়ো মিলি স্কুল গঢ়ি তুলিছে , বন্ধুত্বৰ কথা, সেই অঞ্চলৰ  অতীতৰ কথা , অতীতৰ অৰ্থনীতি কেনেকুৱা আদি কাহিনীবোৰ শুনিম। সেইবোৰ সমল লৈ ভাল উপন্যাস এখন লিখিম । মোৰ 'বাইচাল ' উপন্যাসখন লিখি থকাৰ সময়তে হ'ব ।  মা দেউতাৰ  পৰা বহু কথাই  শুনিছো যদিও দুয়ো পক্ষৰ পৰা শুনিলে ভাল হ'ব বুলি গৈছিলোঁ । সেইদিনাও ছাৰে আমাক চাই বৰ ভাল পাইছিল । বাইদেউ স্কুলত আছিল । ছাৰে নিজ হাতে জলপান যতনাই দিছিল । আগতেও আমি গলে ছাৰে নিজ হাতে দৈ চিৰা মিঠৈ যতনাই দিছিল । অৱশ্যে ইয়াৰ আগত বাইদেউ ঘৰত আছিল । বাইদেউ লগতে সহযোগিতা কৰিছিল । এইবাৰ  বাইদেউ ঘৰত নাই বাবে একো বনাব পৰা নাই বাবে আফচোচ কৰিছিল । বাৰ বাৰ কৈছিল আকৌ যাব'লৈ । ল'ৰাক থৈ গৈছিলোঁ কাৰণে আকৌ লগত লৈ যাব কৈছিল । সেইদিনা বহু কথাই হ'ল কিন্তু আচল কথাবোৰেই নহ'ল কাৰণ সেইদিনা ছাৰ ক'ৰবালৈ যাবলৈ সাজু হৈ আছিল ,  পূজা বিষয়ক কিবা প্ৰ'গ্ৰাম আছিল আগৰ পৰা । সেইবাবে সেইবোৰ কথা উলিওৱা নহ'ল । ভাবিছিলোঁ আকৌ কেইবাদিন থকাকৈ যেতিয়া ঘৰত যাম তেতিয়া আকৌ যাম । লগতে ছাৰক লগত লৈ আমগুৰিলৈও যাম কিন্তু সময়ৰ অভাৱত সেই সুযোগ আৰু নাপালোঁ । আচলতে মানুহ সময় আৰু পৰিস্থিতিৰ দাস। 'বাইচাল ' উপন্যাসখন নিজে গৈ ছাৰৰ হাতত দিবলৈ বৰ হেঁপাহ আছিল কিন্তু সেয়াও নহ'ল । এই দুখ মনত ৰৈ যাব।
শেষত ক'ও জীৱন আছে মানে মৃত্যুৰ সোৱাদ ল'বই লাগিব কিন্তু কিছুমান মৃত্যু মানি লোৱা বিধৰ নহয় । মনত বৰ আঘাত দিয়ে । ছাৰৰ অসুখৰ কথা মই জনা নাছিলোঁ । হয়তো কেঞ্চাৰ বেমাৰটোৰ কাৰণে দেউতা ক'ব বিচৰা নাই । আজিও বহুতেই এই বেমাৰৰ বিষয়ে ক'বলৈ সংকোচ কৰে । কিছুমানেতো মুখত আনিবলৈও ভয় কৰে । আচলতে এইবোৰ ভয় আৰু সংকোচ কৰাৰ বিষয় নহয় । সজাগতা সৃষ্টি কৰিব লাগে । এই বেমাৰো আন বেমাৰৰ দৰেই । বৰ্তমান খোৱা খাদ্য বস্তুত ৰাসায়নিক দ্ৰব্য আৰু পৰিৱেশ ইমান প্ৰদূষিত হৈছে যে যিকোনো মানুহ এই বেমাৰত পৰিব পাৰে । বহুতে ভাবে চাধা চিগাৰেট খালে অকল কেঞ্চাৰ হয় । সেইবোৰ খালেতো হয়েই কিন্তু কিছুমানৰ নাখালেও হয় । এজন মানুহ চিগাৰেট নাখালেও তাৰ ওচৰে পাজৰে খোৱা মানুহৰ পৰাই ধোৱা আনৰ ভিতৰলৈ যায় । বহুতে কয় - অমুকে ইমান চিগাৰেট খায় তথাপিও একো নহয় কিন্তু যি জনে নাখায় তাৰ হৈছে । আচলতে কথাটো সেইটো নহয় । কথাটো হ'ল ইমুউনিটি চিষ্টেম। ইমুউনিটি ভাল থাকিলে সেইবোৰ দেহে এবজোৰ্ব কৰি ল'ব পাৰে কিন্তু ইমুউনিটি কম থাকিলে নোৱাৰে । এতিয়া চাঁওক- এজন মানুহ দিনটো বোকাত কাম কৰে বা ধূলি বালিৰ মাজত কাম কৰে কিন্তু একো নহয় । আন এজন মানুহ ঘৰৰ ভিতৰত থাকি ঘৰৰ ধূলি মাকতি দেহত লাগিলে এলাৰ্জি হয় । ঠিক এই বেমাৰো একেই । যি কাৰণে নহওঁক কিয় মই জনা নাছিলোঁ । এদিন আম্মাই কৈছিল ছাৰে আমাক দেখিব খুজিছে , আমাৰ ল'ৰা ছোৱালীক চাবলৈ বিচাৰিছে । ময়ো ভাবিছিলোঁ মা দেউতা বঙাইগাঁও আহিলে ছাৰৰ লগত দেখা কৰিবলৈ যাম।  যিহেতু মই বঙাইগাঁও ৰ ঘৰখন ভালকৈ চিনি নাপাওঁ । বহু বছৰ আগতে এবাৰ গৈছিলোঁ । তেতিয়া ছাৰ বাইদেউ একেবাৰে ইয়াত অহা নাছিল, কিবা কাৰণত ছাৰ আহিছিল । সেইকথা মোৰো মনত নাই । যাৰ বাবে যোৱা নাছিলোঁ । লগতে মা দেউতাক লগত গৈ ভাল লাগিব বুলি ভাবিয়ে পিছত যাম বুলি ভাবিছিলোঁ । কেইমাহমান আগতে এদিন মই ফোন কৰিছিলোঁ । ছাৰৰ সেই একেই মিঠা মাত - ডাঙৰ মাই নে ? মই কলোঁ - হয় । ছাৰ- মা ভালে আছা ?--- ।' তাৰ পিছত আৰু কথা নহ'ল । তাৰ পিছত ফোন কৰিম বুলিও কৰা হোৱা নাই ।  ইমান সোনকালে সুস্থ সবল মানুহজন আমাক এৰি যাব বুলি ভবাই নাছিলোঁ । মৃত্যুৰ দুদিনমান আগতে হঠাৎ আমাৰ ঘৰলৈ দেউতা আহিল । বেলেগ দিনা আহোঁতে ফোন কৰে সেইদিনা হঠাৎ আহিছে । ক'ৰবালৈ গৈছিল বুলি ভাবিছিলোঁ । মই সোধাত ক'লে লোৱাৰ আছাম হচপিটালত আহিছে । মই আচৰিত হলোঁ । তেতিয়া দেউতাই জনালে ছাৰৰ অসুখ । খুব বেয়া অৱস্থা । দেউতাৰ চকু মুখত কষ্টৰ ছাঁ । সেইদিনা দেউতাই বেছি পলম নকৰি ঘৰলৈ গ'ল । যাওঁতে ক'লে- ' তুমি গৈ এবাৰ চাই আহিবা ।'
তথাপিও মই কল্পনা কৰা নাই ছাৰৰ ইমান বেয়া অৱস্থা । আচলতে কিছু বছৰ আগতেও কিবা অসুখত লোৱাৰ আসাম ত ছাৰ এডমিট হৈছিল । তেতিয়াও দেউতাই তেনেকৈ কৈছিল । সেইবাৰ হচপিটালত ছাৰক দেখা কৰি আহিছিলোঁ । কেইদিনমান চিকিৎসা হোৱাৰ পিছত ভাল হৈছিল ।  এইবাৰো এনেধৰণৰ কিছু হোৱা বুলি ভাবিছিলোঁ । তথাপি মনত কিবা এটা টান আছিল । সেইদিনাই সন্ধিয়া কাপোৰ পিন্ধি ৰেডি হৈছোঁ যাম বুলি কিন্তু গাড়ী লৈ আহোতে পলম হোৱা বাবে যাব নোৱাৰিলোঁ । পিছদিনা দেখা কৰিবলৈ যাম বুলি ওলাবলৈ লওঁতে ল'ৰাই বিচনাৰ পৰি কঁকালত দুখ পালে । পিছদিনা ৰাতিপুৱা ওলাম ইতিমধ্য খবৰ আহিল ছাৰ নাই । খবৰ পাইয়ে হাত ভৰি কপিবলৈ ধৰিলে । কি কৰিম কি ন কৰিম ভাবি শেষবাৰৰ বাবে এবাৰ চাই আহোঁ বুলি ভাবি ওলাবলৈ লওঁতে খবৰ পালোঁ পুৱাতেই বঙাইগাঁও ৰ পৰা লৈ গৈছে । শেষত এবাৰ চাব বিচৰা আশাও পূৰণ নহ'ল । শেষবাৰৰ বাবে চাব নোৱাৰা কষ্টটো গোটেই জীৱন ৰৈ যাব । আচলতে মানুহ কেতিয়াবা  সময় আৰু পৰিস্থিতিৰ দাস হৈ পৰে । মৃত্যুও ঠিক একেই ক'ত কেতিয়া কাৰ বাবে আহে ঠিক নাই । ছাৰক আমাৰ মাজৰ পৰা  মৃত্যুয়ে লৈ গৈছে যদিও ছাৰৰ নীতি আদৰ্শ চিৰদিন আমাৰ মাজত থাকিব । কিছুমান মানুহৰ মৃত্যু হয় ঠিকেই কিন্তু পৃথিৱীত জীয়াই থাকে । অমৰত্ব পায় । শেষত ছাৰৰ নীতি আদৰ্শ চিৰদিন আমাৰ জীয়াই থাকক তাৰে কামনা কৰিলোঁ । ছাৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ । 



Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু