ভাৰতত প্ৰথম স্বাধীনতা বিপ্লৱ
ভাৰতৰ প্ৰথম স্বাধীনতা বিপ্লৱ । ১৫৯৯ খ্ৰীষ্টাব্দ । "ইষ্ট-ইণ্ডিয়া কোম্পানী" প্ৰতিষ্ঠা কৰে ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা প্ৰাচ্যৰ সতে বেহা-বেপাৰ কৰিবলৈ ১৫ বছৰৰ বাবে অনুমতি পত্ৰ লাভ কৰিছিল । কিন্তু, ভাৰতত বেহা-বেপাৰৰ বাবে মোগল সম্ৰাটৰ অনুমতিৰ প্ৰয়োজন আছিল । ১৬০৯ খ্ৰীষ্টাব্দত তেনে এক অনুমতি লাভৰ বাবে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও পৰ্টুগীজ সকলৰ প্ৰভাৱত সম্ৰাটৰ পৰা অনুমতি নাপালে । ১৬১৩ খ্ৰীষ্টাব্দত আন এজন ইংৰাজ ছাৰ থমাচ ৰোৱে জাহাংগীৰৰ দৰবাৰত তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি লাভ কৰিছিল । ১৬১৩ খ্ৰীষ্টাব্দতেই প্ৰথম কুঠী স্থাপিত হয় সুৰটত । সেই সময়তে ফ্ৰান্সিস্ ডেই নামৰ এজন ইংৰাজ বেপাৰীয়ে মাদ্ৰাজ চহৰখন কিনি লৈ তাত ফোৰ্ট চেন্ট জৰ্জ নামৰ এটা কাৰখানা স্থাপন কৰিছিল । পিচে চাৰ্লছে সেইখন আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক পঞ্চাশ হাজাৰ ঋণৰ বিনিময়ত হস্তান্তৰ কৰিছিল । ১৬১৬ খ্ৰীষ্টাব্দত টমাছ ৰো নামৰ এজন ইংৰাজ ৰাজনীতিজ্ঞ ইংলেণ্ডৰ দূত হিচাপে ১৬১৬ খ্ৰীষ্টাব্দত উপস্থিত হয় সম্ৰাট জাহাঙ্গী...