ভেকুলী আৰু ৰাজকুমাৰৰ বিয়া
ভেকুলী আৰু ৰাজকুমাৰৰ বিয়া
এক দেশত আছিল ৰজা । ৰজাজনৰ এজনেই ল'ৰা আছিল । দেখা শুনাত বৰ ধুনীয়া । ৰাজ উত্তৰাধিকাৰী হিচাপেও তেওঁ ভৱিষ্যতৰ এজন যোগ্য ৰজা । ৰাজকুমাৰৰ সৌন্দৰ্য্য দেখি নানা ৰাজ্যৰ ৰাজকুমাৰীবোৰ স্বামী হিচাপে পাবলৈ আশা কৰে । কাষৰীয়া ৰাজ্যৰ ৰজাবোৰেও হবু ৰজা এজনক জোৱাই হিচাপে পাবলৈ বৰ হেঁপাহ । তাৰ বাবেই বিভিন্ন ৰাজ্যৰ পৰা ৰাজকুমাৰলৈ বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে । এতিয়া ৰজা বিমোৰত পৰি গ'ল । কাক হা ক'ব কাক না ক'ব ভাবি নাপালে । ৰজাই বহুত ভবা চিন্তা কৰিলে কিন্তু ভাবি একো নাপালে । তেনেকৈ এসপ্তাহ গ'ল । ৰজাৰ চিন্তা বাঢ়ি গৈ থাকিল । তেনেকৈ এদিন ৰাতি ৰজাই শুই শুই ভাবি থাকোতেই হঠাৎ বুদ্ধি এটা মনলৈ আহিল । বুদ্ধিটো মনলৈ অহাত সেই ৰাতি শান্তিত টোপনি আহিল । পিছদিনা ৰাতিপুৱাই ৰজাই ৰাজদৰবাৰ মাতি ৰজাৰ সিদ্ধান্ত জনালে যে ৰাজকুমাৰৰ বিবাহৰ বাবে সয়ম্ভৰ পতা হ'ব । সেই সিদ্ধান্ত মতে ৰজাই প্ৰত্যেক ৰাজ্যত এই খবৰ প্ৰচাৰ কৰিবলৈ মন্ত্ৰীসকলোক ব্যৱস্থা কৰিবলৈ ক'লে । সেইমতে মন্ত্ৰী সকলে ঢোল নাগাৰা বজাই ৰাজকুমাৰৰ সয়ম্ভৰৰ জাননি দিলে। দূৰৰ ৰাজ্যবোৰলৈ দূত পঠিয়াই দিলে । সয়ম্ভৰৰ নিৰ্ধাৰিত দিন মতে প্ৰত্যেক ৰাজ্যৰ ৰজাই নিজৰ জিয়েকক লৈ ৰাজকুমাৰৰ সয়ম্ভৰত হাজিৰ হ'ল । বিভিন্ন ৰাজ্যৰ পৰা বহু ৰূপৱতী ৰাজকুমাৰী আহিছে । সেই সকলো ৰাজকুমাৰী এটা শাৰীত থিয় দিলে । প্ৰত্যেকজন ৰাজকুমাৰীৰে আশা ধুনীয়া ৰাজকুমাৰজনে যাতে তাইকে পছন্দ কৰে । মনে সকলোৱে এইটোৱে প্ৰাৰ্থণা কৰি থাকিল ।সেই সময়তে ৰজাই ৰাজকুমাৰক এটা ধেনু আৰু কাঁড় দিলে আৰু ক'লে এই কাঁড়পাত যাকে লাগিব তাৰ লগতে ৰাজকুমাৰৰ বিয়া পাতি দিয়া হ'ব। এতিয়া কথা হ'ল কাঁড় লাগিলে মানুহ মৰে কিন্তু সেইপাত কাঁড় সয়ম্ভৰৰ বাবেই বেলেগকৈ বনোৱা হৈছে যাতে কোনেও দুখ নাপায় । ৰাজকুমাৰে এজন এজনকৈ প্ৰত্যেকজন ৰাজকুমাৰীলৈ লক্ষ্য কৰিলে। প্ৰত্যেকজনকে ভালকৈ চাই শেষত ধেনুৰ পৰা কাঁড় এপাত এৰিলে । কাঁড়পাত গৈ এটা ভেকুলীৰ গাত লাগিল । সেই দেখি সকলোৱে যোৰকৈ হাঁহিবলৈ ধৰিলে । ৰজাই বিমোৰত পৰিল । এতিয়া কি কৰিব ? ৰজাই আগতেই প্ৰতিজ্ঞা কৰিছিল যে যাৰ ওপৰত কাঁড় পঢ়িব তাইৰ লগতে বিয়া পাতি দিব । কথা দিয়াৰ পিছত কথা সলাব নোৱাৰে গতিকে উপায় নাপাই ৰজাই সেই ভেকুলীৰ লগতে ৰাজকুমাৰৰ বিয়া পাতি দিলে । ৰাজকুমাৰ দেউতাকৰ আজ্ঞাকাৰী পুত্ৰ ।
ৰাজকুমাৰে ভেকুলীকে বিয়া পাতি ঘৰলৈ লৈ গ'ল ।
ভেকুলীৰ লগত বিয়া পতা দেখি ৰাজকুমাৰক সকলোৱে ইতিকিং কৰিলে , ৰাজ্যজুৰি ঠাট্টা মস্কৰা চলিলে ।
ইপিনে ৰাতি যেতিয়া সকলো মানুহ শুই পৰিল তেতিয়া সেই ভেকুলীৰ ভিতৰৰ পৰা ৰূপৱতী যুৱতী এজনী ওলাই আহি ৰাজকুমাৰৰ সেৱাত লাগিল । ৰাজকুমাৰৰ কোঠা পৰিস্কাৰ পৰিচ্ছন্ন কৰি কাপোৰ কানি থান থিত কৰি ৰাখিলে । তাৰপিছত ৰাজকুমাৰৰ ভৰি টিপি থাকোঁতেই ৰাজকুমাৰ সাৰ পাই গ'ল । তাৰ কাষত এনে অপূৰ্ব ধুনীয়া যুৱতী চাই সি আচৰিত হৈ পৰিল । যুৱতীৰ মুখলৈ চাই তথা লাগি চাই ৰ'ল । চাওঁতে চাওঁতে সেই ৰাতিপুৱাবৰ সময় হৈছে । এনেতে যুৱতীজনী খৰধৰকৈ ৰাজকুমাৰৰ কোঠাৰ পৰা ওলাই অন্তৰ্ধান হৈ পৰিল । ৰাজকুমাৰে যুৱতী গৰাকীক বহুত বিচাৰিলে কিন্তু ক'তো নাপালে । কাৰো ওচৰত প্ৰকাশো কৰিব নোৱাৰিলে। এনেকৈয়ে ৰাতি যুৱতী গৰাকী ৰাজকুমাৰৰ কাষলৈ আহে আৰু ৰাতিপুৱাৰ আগতে অন্তৰ্ধান হৈ যায় । কিবা সুধিলেও একো নকয় । এদিন ৰাতি ৰাজকুমাৰে বুদ্ধি কৰি টোপনিৰ ভাও জুৰি থাকিল । ৰাতি যুৱতী গৰাকী আকৌ আহিল । ৰাজকুমাৰে গভীৰ নিদ্ৰাত থকাৰ অভিনয় কৰিলে । যুৱতী গৰাকীয়ে কিছুসময় ৰাজকুমাৰৰ ভৰি টিপি দি ৰাজকুমাৰৰ কাষতে শুই টোপনি গ'ল । যেতিয়া ৰাতিপুৱাবৰ সময় হ'ল তেতিয়া যুৱতী গৰাকী গুছি যাবলৈ ধৰিলে । সেই সময়তে ৰাজকুমাৰে বিচনাৰ পৰা চুপচাপ উঠি যুৱতী গৰাকী ক'লৈ যায় সেয়া চাই থাকিল । যুৱতী গৰাকীয়ে খৰধৰকৈ গৈ চুক এটাত পৰি থকা ভেকুলী খোল এটাত সোমাই পৰিল । ৰাজকুমাৰে ভালকৈ লক্ষ্য কৰিলে সি বিয়া পতা ভেকুলীটোয়ে সেইটো । ৰাজকুমাৰ যুৱতী গৰাকীৰৰ অজানীতে সকলো চালে । ৰাজকুমাৰে কাকো একো নকলে । পিছদিনা আকৌ ৰাজকুমাৰে টোপনিৰ ভাওঁ ধৰিলে । আজিও যুৱতী গৰাকীয়ে দৈনন্দিন কাম কাজ কৰি ৰাজকুমাৰৰ কাষত টোপনি গ'ল । ৰাজকুমাৰে চুপচাপ উঠি গৈ ভেকুলীৰ খোলটো জ্বলাই দিলে । যেতিয়া ৰাতিপুৱাবৰ সময় হ'ল যুৱতী গৰাকী উঠি গৈ ভেকুলীৰ খোলাটো বিচৰাত লাগিল তেতিয়া ৰাজকুমাৰে সকলো ভাঙি পাতি কলে কেনেকৈ খোলাটো জ্বলাই দিলে । যুৱতী গৰাকীয়ো নিজৰ সকলো কথা ভাঙি পাতি ক'লে । তাই পুৰ্বে এজনী ৰাজকুমাৰী আছিল কিন্তুম এজন দুষ্ট ৰজাৰ চকুত তাইৰ ৰূপে অভিভূত কৰি তোলে । ৰজাজনে তাইক পাবলৈ বহুত চেষ্টা কৰে কিন্তু তাই সেই দুষ্ট ৰজাৰ লগত বিয়া হ'বলৈ অমান্তি হয় । এই খঙতে ৰজাজনে কিবা মন্ত্ৰ মাতি মানুহৰ পৰা ভেকুলী বনাই দিয়ে । আগৰ দৰে মানুহ বনাই দিবলৈ তাই ৰজাজনক বহুত কাকতি মিনতি কৰাত কৈছিল যদি কোনো যুৱকে বিয়া পাতি ভেকুলীৰ খোলটো জ্বলাই দিয়ে তেন্তে আকৌ আগৰ দৰে হ'ব। আগৰ দৰে হ'বলৈ ৰাজকুমাৰীয়ে ৰজাজনক ৰিয়া পাতিব বুলি চালাকি কৰি এনে বৰ দিছিল কিন্তু ৰাজকুমাৰীয়ে দুষ্ট ৰজাৰ লগত বিয়া হোৱাতকৈ ভেকুলী হৈয়ে থাকিল। ৰাজ্যজুৰি ৰাজকুমাৰৰ বিবাহৰ সয়ম্ভৰৰ কথা শুনি তাইয়ো মনত আশালৈ আহিছিল । অৱশেষত তাইৰ ওপৰতে কাঁড় পৰাত ৰাজকুমাৰৰ লগত বিয়া হ'ল। সকলো ঘটনা শুনি ৰাজকুমাৰ বৰ সুখী হ'ল । কথাটো গোটেই ৰাজ্যত বিয়পি গ'ল । ৰজায়ো আনন্দতে সিহঁতক ৰজা ৰানী পাতি দিলে । সেইদিনাৰ পৰাই ৰজা -ৰাণী সুখে সন্তষে সংসাৰ কৰিবলৈ ধৰিলে।
Comments
Post a Comment