দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা
আমি সদায় সুস্থ আৰু যৌৱনময় হৈ থাকিব বিচাৰোঁ । প্ৰকৃতিৰ নিয়ম মতে সকলোৱে বৃদ্ধ/ বৃদ্ধা হ'বই কিন্তু আমি ইয়াৰ গতিটো নিয়ন্ত্ৰণ কৰিব পাৰি । বয়সৰ চাপ পৰা বিষয়টো পৃথিৱীৰ কোনেও হয়তো নিবিচাৰে । সকলোৱে বিচাৰে নিৰোগী সুস্থ আৰু যৌৱনময় দেহ । ইয়াৰ বাবে নিয়মিত ব্যয়ামৰ লগতে আমাৰ খাদ্যাভাস সলনি কৰা । কিছুমান খাদ্য আমি সহজতে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰি যিবোৰ খালে দেহক সুস্থ আৰু যৌৱনময় কৰি ৰাখিব পাৰি । দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা- ১) খেজুৰ - খেজুৰৰ গুনাগুণৰ বিষয়ে আমি সকলোৱে অৱগত । খেজুৰত কেলছিয়াম , পটাছিয়াম , প্ৰটিন, কাৰ্বহাড্ৰেইট আদি পোৱা যায় । ইয়াৰ ওপৰিও খেজুৰে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰিব পাৰে । দেহ সুস্থ ৰাখিবলৈ প্ৰতিদিনে তিনিটা বা চাৰিটা কৈ খেজুৰ খাব । 2) বেদেনা /ডালিম - ডালিমত যথেষ্ট পৰিমাণে আইৰণ আৰু এন্টি-অক্সডেন্ট ভৰপূৰ । ডালিমে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰাৰ লগতে কলেজেন সৃষ্টি হোৱাত সহায় কৰে যাৰ বাবে চামৰা সদায় উজ্জ্বল আৰু যৌৱনপ্ৰাপ্ত কৰি ৰাখে । 3) তৰমুজ- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্স...