চৰ চাপৰিৰ মুছলমান সকলোৰ খাদ্যাসম্ভাৰ ৪
যোৱা সংখ্যাৰ পিছৰ পৰা ২) গাখীৰ পিঠা- প্ৰয়োজনীয় উপকৰণ- আতপ/ আৰৈ চাউল ১ কেজি , নিমখ- ১ চা চামুচ, পানী জোখমতে , গাখীৰ দুই বা তিনি লিটাৰ, খেজুৰ গুড় দুকাপ ( চেনী ও দিপ পাৰে) , ইলাচী ২ টা, নাৰিকল ৰোকা ১ কাপ । প্ৰণালী- চাউল ধুই চাৰি পাঁচ ঘন্টা তিয়াই থৈ পটাত বটি নাইবা ঢেঁকীত খুন্দি পিঠাগুৰি তৈয়াৰ কৰি ল'ব । পিঠাগুৰিত নিমখ আৰু প্ৰয়োজন মতে কুহুমীয়া গৰম পানী দি এটা বেটাৰ তৈয়াৰ কৰিব । বেটাৰটো বেছি পাতলো নহয় ঘনো নহয় । তাৰ পিছত অলপ সময় ঢাকি থ'ব । এতিয়া এটা পাত্ৰত গাখীৰ গৰম হ'বলৈ দিব । এলাইচি আৰু দাৰচিনিও দিব পাৰে । চৰ চাপৰিত আগতে ভোগপাত ব্যৱহাৰ কৰিছিল । ভোগপাত নাথাকিলে একো দিয়া নাই । এতিয়া কিছুমানে ভোগপাতৰ ঠাইত ইলাচী দিয়ে । গাখীৰ অলপসময় উতল আহিলে তাতে চেনী আৰু অলপ নিমখ দিয়ে । গুড় দি বনালে আন এটা পাত্ৰত অলপ পানী দি গুড় গৰম কৰিব লাগিব, গুড় গলি গ'লে অলপ ঠাণ্ডা কৰি গাখীৰত দি মিহলাই ল'ব । (গৰম গুড় আৰু গৰম গাখীৰ মিহলাই দিলে গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা থাকে । ) তাৰ পিছত নাৰিকল ৰোকা দিব লাগে । নাৰিকল নিদিলেও হয় । এতিয়া খোলা গৰম কৰি তাতে এচামুচকৈ বেটাৰ দি ঢাকনীৰে ঢাকি দি...