বিষ
ৰুণাৰ কথাবোৰ ভাবি ভাবি ইবাই জীয়েকক লগত লৈ আৰবক আহিবলৈ কোৱা ঠাইলৈ খোজকাঢ়ি গৈ আছে । নিজৰ ঘৰৰ কেকুৰীটো পাৰ হওঁতেই হঠাৎ চিঞৰ বাখৰ শব্দ পাই সেইফালে চালে । কেকুৰীটোৰ পাৰা আৰু দুঘৰ উত্তৰ ফালৰ পৰা কান্দোনৰ শব্দ শুনা গৈ আছে । ইবাই ভালকৈ লক্ষ্য কৰিলে নাহিদহঁতৰ ঘৰৰ পৰা আৰ্তনাদ শুনা গৈছে । সিহঁতৰ ঘৰলৈ মানুহেও জুম বান্ধি গৈ আছে । তাইৰ মনৰ কৰোবাত খুন্দা মাৰি ধৰিলে । তাইৰ ভৰিৰ খোজবোৰ নিজে নিজে নাহিদহঁতৰ ঘৰলৈ আগবাঢ়িল । চোতালত সোমাইয়ে দেখিলে কেইজনমান মহিলাই আৰ্তনাদ কৰি কান্দি আছে । ইবাই উৎকন্ঠা সামৰিব নোৱাৰি ওচৰৰে মহিলা এজনী ক সুধিলে ।
' নাহিদ আত্মহত্যা কৰিছে ।'
ইবাৰ ভৰিৰ তলৰ পৰা মাটি সৰকি যোৱা যেন অনুভৱ কৰিলে । ইমান অমায়িক, ভদ্ৰ, মৰমিয়াল ছোৱালী আত্মহত্যা কৰিব পাৰেনে ? কিহৰ যন্ত্ৰণাত তাই আত্মহত্যা কৰিলে ? কি অভাৱ আছিল তাৰ ?
নানান প্ৰশ্ন তাৰ মনত আউল লগালে । একো উত্তৰ নাপাই আকৌ মহিলাজনীক সুধিলে ' তাই কিহৰ বাবে এনে কৰিলে ?'
মহিলাজনীয়ে ইফাল সিফালে চাই ইবাৰ কানৰ কাষত ফুচফুচাবলৈ ধৰিলে ।
' ইমান সহজেই কোনেও আত্মহত্যা নকৰে । এই পৰিয়ালৰ মানসিক অত্যাচাৰৰ পৰিণতি এয়া । ইমান বছৰ পিছত তাই অন্তঃসত্বা হৈছিল । ছয়মাহ মান হৈছে । কিন্তু মাকৰ ঘৰত যোৱাই তাইৰ কাল হ'ল । ঘৰৰ পৰা অহাৰ দুদিন পিছতে গৰ্ভ নষ্ট হ'ল । তাৰ বাবেই যোৱা ৰাতি কাজিয়া হ'ল । শাহুয়েকে কৈছে তাইয়ে নিজ সন্তানক মাৰিলে বোলে । স্বামীৰ কুল বংশ শেষ কৰিলে । এই ঘৰত তাইৰ কোনো অধিকাৰ নাই - এনেধৰণৰ কথা কৈছিল । কথাবোৰ তাই হ'বলা সহ্য কৰিব পৰা নাছিল । '
' ইচ !'
ইবাৰ মুখেৰে আপোনা-আপুনি ওলাই গ'ল । দুচকু সেমেকি উঠিল । দুমাহমান আগতে ল'গ পালেও যেন কালি পাহৰিয়ে লগ পাইছিল । সেইদিনা তাইৰ চকু মুখ উজ্বল আছিল । তাইক লগ পাইয়ে ইবাই সুধিলে - ' কিবা ভাল খবৰ আছে নে ? চকু মুখত আনন্দ প্ৰকাশ পাইছে ।'
' হয় বাইদেউ , এতিয়া মই বহুত আনন্দিত । ইমান বছৰ অপেক্ষাৰ অন্তত মোৰ গৰ্ভত উশাহ লৈ আছে । প্ৰতিটো পল অনুভৱ কৰি আছোঁ । কেইমাহমান পিছতেই মোৰ কোলাত মোৰ সন্মান খেলিব, সেই অনুভৱ কৰিয়েই মই বহুত সুখী ।'
সেইদিনা তাইৰ চকুত হেজাৰ চাকিৰ দীপ্তি দেখা গৈছিল আৰু আজি ফৰ্মলিন দিয়া মৰা মাছৰ দৰেই দেখা গৈছে । তাইৰ চকুত দেখা গৈছে হেজাৰ বিষাদ কাহিনী । তাইৰ চকুয়ে ইবাক মনত পেলাই দিলে এবছৰমানৰ আগৰ কথা
' আৰে নাহিদ দেখোন ক'ত যোৱা? '
ইবাহঁতৰ ঘৰৰ সন্মুখেৰে পাৰ হওঁতে নাহিদক দেখা পাই মাত লগালে ।
' নাই বাইদেউ এনেই ভাল লগা নাই বাবে খোজকাঢ়ি আছোঁ ।'
' ঘৰৰ ভিতৰলৈ আহা ।'
' আজি নাযাওঁ, পিছত কেতিয়াবা যাম ।'
তাই নিজকে যেন লুকাবলৈ বিচাৰিছে । ষন্ত্ৰণাই তাইক হেচি ধৰি ৰাখিছে । তাইৰ উদাস চাওঁনিয়ে কৈ আছে তাই নিসংগ অনুভৱ কৰি আছে ।
' আহাচোন , বহা অলপ । কথা পাতিলে ভাল লাগিব ।'
ইবাই যোৰ কৰি কোৱাত নাহিদ ভিতৰলৈ সোমাল । দুয়ো চোতালত থকা চকীতে বহিলে ।
' কি হৈছে তোমাৰ ? কিয় ভাল লগা নাই ।'
' এনেই ।'
যোৰ কৰি ভেটি থকা চকুলোবোৰ নিজে নিজে বাট বিচাৰি ল'লে । ইবাই একো নকলে । কিছুসময় মৌন কান্দোন কান্দি ল'লে ।
' ঘৰত কাজিয়া হৈছে নেকি ? '
' আল্লাহ তালাই নাৰী হিচাপে সৃষ্টি কৰিলে কিন্তু নাৰী হিচাপে সম্পূৰ্ণ নকৰিলে । কোনোবা জনমৰ পাপ আছিল হ'বলা ।'
নাহিদে সৃষ্টিকৰ্তা ৰ ওপৰত ক্ষোভ আৰু আক্ষেপ কৰি আৱেগ উজাৰিলে ।
' তেনেকৈ কিয় কৈছা ? আল্লাহ তালাই তোমাক ইমান ধুনীয়া কৈ সৃষ্টি কৰিছে চালে চাই থাকিবৰে মন যায় । '
'ঈশ্বৰে সকলো দিলে কিন্তু মাতৃত্ব সুখটো নিদিলে । নিজৰ মাজত তিল তিল কৈ ডাঙৰ হোৱা সন্তান এটিৰ অনুভৱ কৰিব বিচাৰোঁ । সৰু ল'ৰা ছোৱালীৰ কোমল ওঁঠৰ হাঁহি কিমান ধুনীয়া নহয় নে ? মই মোৰ সন্তানৰ ওঁঠৰ হাঁহি চুই চাব বিচাৰো । সন্তানে কোমল হাতেৰে মোক স্পৰ্শ কৰক । মোৰ হাত ধৰি থুনুকথানাক কৈ খোজ কাঢ়ক মাতৃৰ এটা এটা মূহুৰ্ত অনুভৱ কৰিব বিচাৰোঁ । মই মোৰ সন্তান বিচাৰোঁ । কিন্তু পাঁচ - ছয় বছৰৰ পৰা চেষ্টা কৰি আছোঁ , নহয় । ইয়াত মোৰ কি দোষ ? মোৰ সন্তান নাই মোৰো কষ্ট হয় সেই বুলি তেখেত আকৌ বিয়া পাতিব লাগিব নে ? '
নাহিদে একে উশাহে কথাবোৰ ক'লে । তাইৰ কথাত দুখ শোক ক্ষোভ মিশ্ৰিত ।
' বিয়া? তোমাৰ গিৰিয়েকে বিয়া পাতিব বিচাৰে নে ? '
' ঘৰৰ পৰা তাকেই কৈ আছে । লাগিলে মোক তালাক দি হ'লেও বিয়া পাতিব লাগে বুলি শাহুয়েকে কৈ আছে ।'
' সি একো উত্তৰ দিয়া নাই কিন্তু সিও মাকৰ মতেই আগবাঢ়ি যাব । মই জানোঁ । তাৰো সন্তান লাগে ।'
' সংসাৰ এখনত সন্তান থাকিবই লাগিব সেইটো কথা নহয় । বহু সুখী সংসাৰ আছে যাৰ সন্তান নাই । তাৰোপৰি অনাথ শিশু তুলি লৈ নিজ সন্তানৰ দৰে ডাঙৰ দীঘল কৰা মানুহো আছে ।
মাক হ'বলৈ অকল নিজৰ গৰ্ভাৱস্থ সন্তান হ'ব লাগিব যে সেইটো নহয় । মমতাৰে যিকোনো শিশুকে বুকুত আকোঁৱালি লৈ ডাঙৰ দীঘল কৰিলেও মা । সন্তান নহলেই নাৰী সম্পূৰ্ণ নহয় এয়া আমাৰ সামাজে মূৰত সোমাই দিছে । নাৰী সদায় সম্পূৰ্ণ ।
' শিশু এটি তুলি লোৱাৰ কথা মই কেতিয়াবাই তেওঁক কৈছিলোঁ কিন্তু আনৰ সন্তান সিহঁতে নানে । নিজৰ সন্তান লাগে । নিজৰ সন্তানেহে বংশ কুল ৰক্ষা কৰিব পাৰিব ।'
' আমাৰ জীৱনৰে এটা মূহুৰ্ত ভৰষা নাই । জীয়াই থকা লৈকে সকলো হাঁহি আনন্দ, সুখ দুখ , বংশ পৰিয়াল । মৃত্যুৰ পিছত কোনে কাৰ হ'ব ? সেইবোৰ ধৰি লৈ জীৱনটো কষ্টকৰ কৰি তোলাটো উচিত নহয় । এইবোৰ তোমাৰ গিৰিয়েকক বুজাবা ।'
' বহুত বুজালোঁ । এতিয়া আৰু নুবুজাও । যি কৰিব মন যায় কৰি থাকক । '
' ডক্টৰে কি কয় ? '
' সকলো ঠিকে আছে । মই মা হ'ব পাৰিম বুলি কয় কিন্তু গৰ্ভত সন্তান হোৱাৰ দুই তিনিমাহ যোৱাৰ পিছতে নষ্ট হয় ।'
' আজিকালি চিকিৎসা বিজ্ঞান বহুত উন্নত হৈছে, ভালকৈ চিকিৎসা কৰা হৈ যাব । '
সেইদিনা ইবাই তাইক বহুত বুজনি দিছিল ।ইবাৰ বুজনিত হতাশাৰ মাজত অলপ আশা পাই তাই ঘৰলৈ আহিছিল । কেইমাসমান পিছতেই ভাল খবৰটো পাইছিলোঁ । তাইৰ চকুত আনন্দ ভাহি উঠিছিল । আৰু আজি ! ফৰ্মলিন দিয়া মৰা মাছৰ চকুৰ দৰে নিঠৰ হৈ আছে । মৃত চকুত জীৱিত যন্ত্ৰণাৰ কাহিনী । গলধন বিষপানৰ বাবে নীলা পৰি আছে । এই বিষে হয়তো তাইক ইমান যন্ত্ৰণা দিয়া নাই যিমান যন্ত্ৰণা তাইৰ আপোন মানুহবোৰে দিছে । সাধাৰণ বিষতকৈ আপোন মানুহে ঢালি দিয়া বিষ অধিক মাৰাত্মক । এই বিষে তাইক মুক্তিহে দিছে । এটি পাখিৰ মুক্তি । সন্তানে যোৱা বাটেদি তাইয়ো গৈছে । এতিয়া তাই সন্তানৰ লগত একেলগে খেলিব , হাঁহিব—-।
এম্বুলেঞ্চৰ শব্দ শুনি ইবাই তাৰ পৰা সেই ঘৰৰ পৰা ওলাই আহিল । তাই সেইবোৰ সহ্য কৰিব নোৱাৰে । নাহিদৰ নিঠৰ দেহটো এতিয়া লৈ যাব । শৱ কটা মানুহজনে তাইক কাটিব । তাৰ পিছত বিষ খাই মৃত্যু হোৱা বুলি ৰিপৰ্ট লিখিব । কিন্তু অন্তৰৰ বিষৰ কথা কেতিয়াও ধৰা নপৰে ।
Comments
Post a Comment