চৰ চাপৰিৰ জন - জীৱন আৰু অৰ্থ সামাজিক উন্নয়ন

 চৰ  চাপৰিৰ জন - জীৱন আৰু অৰ্থ সামাজিক উন্নয়ন

চৰ চাপ ৰিৰ মিয়া জনগোষ্ঠীৰ জন জীৱন আৰু অৰ্থ সামাজিক দিশটো আলোচনা কৰিবলৈ হ’লে প্ৰথমে এই জন গোষ্ঠীৰ ইতিহস বা পটভূমিৰ বিষয়ে জানিব লগিব। 

     বৰ্তমান অসমত চৈধ্যখ্ন জিলাত 2251 খ্ন চৰ চাপৰি আছে । এই 2251 খ্ন চৰাঞ্চলত 434758 টা পৰিয়াল আছে। উক্ত পৰিয়ালত 24,90,397 জন লোক বসবাস কৰে । বৰ্তমান বসতি  কৰি থকা এই অঞ্চলসমুহ হাবি বননি আৰু পিতনিৰে ভৰা আছিল । অঞ্চলবোৰত দিন দুপৰতে বাঘ ভালুক উলাইছিল। নামনি অসমৰ ৰজা আৰু জমিদাৰ সকলোৰ চিকাৰৰ কাহিনি বোৰত তাৰেই প্ৰমাণ । 

কুৰি শতিকাৰ প্ৰথ্ম দশকৰ পৰা এই অঞ্চল সমুহত বসতি আৰম্ভ হয়। 1826 খৃষ্টাব্দত অসম ইংৰাজৰ অধিনলৈ যায়। অসমত উপনিৱেশ পাতি থকা অত্যাচাৰি মান সকল অসমৰ ৰাজহাড় প্ৰায় ভাঙি থৈ গুচি যায়। ইংৰাজ সকলে অসম দখ্ল কৰাৰ পিছতে অসমৰ নানা সম্পদ যেনে চাহ , তেল , কয়লা, কৃষিভূমি আদিলৈ নজৰ দিয়ে। ইংৰাজ সকলে প্ৰথমেই চাহ খেতিৰ ওপৰত গুৰুত্ব দিয়ে। অসমত চাহ খেতি কৰিবৰ বাবে ওপযুক্ত শ্ৰমিক আৰু ৰাজ কৰ্মচাৰী নাপাই বহিঃ ৰাজ্যৰ পৰা আমদানি কৰে। সিসতে প্ৰচুৰ শ্ৰমিক আনে । যদিও সিহতৰ বাবে খাদ্যৰ নাটনি হয়।আসমত বহুত পতিত মাটি আছিল । যদিও কৃষিকৰ্ম কৰা মানুহ আছিল নগন্য। এই সমস্যা সমাধানৰ বাবে লৰ্ড জেনকিন্সৰ পৰামৰ্শ মতে ইংৰাজে Collection Scheme গ্ৰহণ কৰে। এই আচনি মতে অভিভক্ত ভাৰতৰ পূৰ্ববংগৰ পৰা মুছ্লমান খেতিয়কক আনি ব্ৰ্হ্মপুত্ৰ উপত্যকাৰ পতিত মাটি (চৰাঞ্চলত) খেতি কৰিবলৈ দিয়ে। 

   এই খেতি মাটিৰ বাবদ চৰকাৰে তিনি বছৰ লৈকে কোনো ধৰণৰ খাজন লোৱা নাছিল । 1847 চনত ভাপৰ দ্বাৰা জাহাজ চলাচল আৰম্ভ হোৱাত ইংৰাজে এই জাহাজৰ দ্বাৰা কৃষক শ্ৰমিক বোৰক আনি ব্ৰ্হ্মপুত্ৰৰ পাৰত নমাই দিয়ে কৃষি কৰিবলৈ । 1891-1892 চনৰ পৰা ঢাকাৰ পৰা ৰেল চলাচল আৰম্ভ হয় । কৃষক শ্ৰমিক বোৰক ইংৰাজ পচটকিয়া টিকট দিয়ে। ইয়াৰ ফলত ভাৰত স্বাধীন হোৱাৰ প্ৰাককালিন সময়ত পূৰ্ব বঙ্গৰ মৈমনসিং , ৰ্ংপুৰ, পাবনা , খুলনা আদি জিলাবোৰৰ পৰা বহু স্ংখ্যক কৃষক পৰিয়াল আহি চৰাঞ্চলৰ পতিত মাটিত বসতি স্থপন কৰে। এই প্ৰব্ৰজনকাৰী আকল মুছ্লমানেই নাছিল । ভাল জীৱন জাপনৰ বাবে হিন্দু প্ৰব্ৰ্জকাৰীও আহিছিল। তেওলোক আহি কষ্ট কৰি কৃষি কৰ্ম কৰাতকৈ অসমৰ বিভিন্ন ঠাইত সিচৰিত হৈ নানা কামত নিয়োজিত হৈছেল। প্ৰব্ৰ্জন কৰা এই হিন্দু মুছ্লিম মানুহ বোৰ কোনেও বিদেশী নছিল। নিজ দেশৰ এখ্ন ৰাজ্যে পৰা আন এখ্ন ৰাজ্যলৈ গৈ বসবাস  কৰাৰ অধিকাৰ সকলোৰে আছে। ই স্ংবিধান প্ৰদত্ত । 

   মুছ্লমান শ্ৰমিকবোৰ অত্যান্ত কষ্ট সহিস্নত পৰিশ্ৰমী দুৰ্দান্ত আৰু সাহসী আছিল। অত্যান্ত প্ৰতিকুল পৰিৱেশতো নিজৰ জীৱন নিৰ্বাহৰ পথ সুচল কৰি লৈছিল। অত্যান্ত কষ্ট আৰু পৰিশ্ৰমৰ ফলত হাবি বননি আৰু পিতনিৰ পৰা পথাৰবোৰ শশ্য শ্যমলা হৈ পৰিছিল। মানুহবোৰে জীৱনটো সুখেৰে কাটিব বুলি ভাবি কিন্তু কালৰ গ্ৰ্যসত লাহে লাহে সপ্নোবোৰ চূর্ণ-বিচূর্ণ হোৱা দেখিলে । ব্রহ্মপুত্র এই নইপরিয়া মাটি বোৰ নিজৰ মাজত সামৰি লবলৈ ধৰিলে। । দ্বিতীয় তৃতীয় প্ৰজন্মৰ সতি সন্ততিলৈ জনসংখ্যাও বাঢ়ি গ’ল।  লাইন প্ৰথাই ইহঁতক এঘৰীয়া কৰি কৰি ৰখাৰ বাবে অৰ্থনৈতিক উন্নয়নৰ বাবে বিকল্প একো ব্যৱস্থা কৰিব নোৱাৰিলে। কৃষিটোৱেই যিহেতু চৰাঞ্চলৰ অৰ্থনৈতিক ভেটি তেনে ক্ষেত্ৰত কৃষকবোৰে নিজৰ মাটি হেৰুৱাই ৰাজহাড় ভাঙি যোৱাৰ সাদৃশ্য হ'ল। চৰকাৰী সুযোগ সুবিধাৰ পৰাও বঞ্চিত হ'ল। যি অলপ মাটি থাকিল তাতে কৃষি কৰি কৃষক সকল একো লাভমান হ'ব নোৱাৰিলে। চৰাঞ্চলত ভাল যাতায়ত ব্যৱস্থা নাই। কৃষিজাত সামগ্ৰীৰ ভাল বজাৰ নাই, সংৰক্ষণৰ ব্যৱস্থা নাই আদিবোৰ কাৰণত চৰ চাপৰিৰ মানুহৰ আৰ্থিক অৱস্থা দূৰ্বল হৈ পৰে। মিয়া জনগোষ্ঠীৰ অতিকৈ ক্ষতিকাৰক লাইন প্ৰথাই মানুহবোৰক এখন ৰাজ্যত ভিন্ন প্ৰান্তৰ মানুহ কৰি ৰাখিলে। চৰাঞ্চলৰ মানুহবোৰে কৃষিকৰ্ম আৰু নিবনুৱাৰ বাহিৰে কোনো কামেই কৰিবলৈ সক্ষম নহ'ল।  শিক্ষা ব্যবস্থা তেনেই নিম্ন আছিল, এক প্ৰকাৰ নাছিল বুলিয়েই কব পাৰি। যাৰ বাবেই মিয়া মানুহৰ জীৱন ধাৰণৰ মানদণ্ড একেবাৰে নিম্নমানৰ হৈ থাকিল। অৱশ্যে বৰ্তমান কিছুসংখ্যক মানুহ চৰাঞ্চলৰ পৰা উলাই আহি শিক্ষিত হৈ চহৰ অঞ্চল বা কাইম অঞ্চলত বসতি স্থাপন কৰিছে। এওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড কিছু উন্নত হৈছে যদিও চৰাঞ্চলত থকা মানুহ বোৰৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নমানৰে হৈ থাকিল। মানুহ এজনৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ হলে শিক্ষা, পৰিবেশ, সম্মত ঘৰ , পুষ্টিকৰ আহাৰ, স্বাস্থ্যকাৰ বস্ত্ৰ, চিকিৎসা ব্যৱস্থা আদিৰ প্ৰয়োজন কিন্তু চৰাঞ্চলত আজিও প্ৰাচীন কালৰ দৰেই জীয়াই থাকিবলৈ অন্য, বস্ত্ৰ, বাসস্থান, কৰাটোহে প্ৰোযোজ্য । জীয়াই থাকিবলৈ ইয়াতকৈ বেছি আৰু একো ভাবিব নোৱাৰে। যিহেতু চৰাঞ্চলত ছোৱালীবোৰক কম বয়সত বিয়া দিয়া হয়, তেনে ক্ষেত্ৰত ছোৱালীজনীৰ বৃদ্ধি আৰু বিকাশ মন্থৰ হৈ পৰে। তেনে ক্ষেত্ৰত সেই বোৱাৰী জনী গৰ্ভৱতী হ’লে স্বাস্থ নষ্ট হ’বলৈ ধৰে। ভগ্ন স্বাস্থলৈ যি সন্তান জন্ম দিয়ে সেই সন্তানো দূৰ্বল হৈ পৰে। শিশু মাতৃ দুয়োৰে বোধ শক্তি আৰু স্মৃতি শক্তি দূৰ্বল হৈ পৰে। শিশুটিৰো বৃদ্ধি বিকাশ কমি যায়। তাৰোপৰি বোৱাৰী এগৰাকী অপৈন অৱস্থাত গৰ্ভধাৰণ কৰি সন্তান জন্ম দিলে অপৈনত সন্তান জন্ম দিয়াৰ সম্ভাৱনা। আনহাতে গৰ্ভাৱস্থাত পুষ্টি আৰু আইনৰ অভাৱ থাকিলে প্ৰসৱৰ সময়ত শিশু আৰু মাতৃ দুয়োগৰাকীৰ জীৱনলৈ ভাবুকি আহে। এনে ক্ষেত্ৰত জীৱন ধাৰণৰ মানদণ্ড উন্নত কেনেকৈ হ’ব । আজিও চৰাঞ্চলত ভাল মেডিকেলৰ সুবিধা নাই। খোৱা পানীৰ অভাৱ, কৃষিৰ বাবে উন্নত মানৰ সজুঁলি নাই, যোগাযোগ বা যাতায়ত ব্যৱস্থা সুচল নহয়। কৃষিজাত খাদ্য সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা নাই।‌ কৃষিজাত শস্য বা সামগ্ৰীৰ ভাল বজাৰ নাই । ইয়াৰ উপৰিও চৰাঞ্চলত কিছু সংখ্যক যুৱক যুৱতী শিক্ষিত হ’লেও চৰাঞ্চলত নিয়োগ ব্যৱস্থা নাই। চাকৰি বাকৰি নাপাই বহুতেই হতাশ হৈ ঘুৰি ফুৰে। চৰাঞ্চলত কোনো উদ্যোগৰ ব্যাৱস্থা যেনে মৰাপাট উদ্যোগ, চিনি, নিমখ আদি হ’লেও নিবনুৱা যুৱক যুৱতীবোৰ কৰ্মস্থাপন পালেহেতেন।‌ এইবোৰ নোহোৱাৰ ফলত বহুতেই উচ্চশিক্ষাৰ প্ৰতি উদাসীনতা দেখুওৱায় । কিছুমান নিজৰ পৰিয়াল এৰি চহৰলৈ যায় কৰ্ম সংস্থানৰ বাবে। কিছুমান পৰিয়াল এৰি যাব নোৱাৰে। তেনেকৈয়ে সিহঁতৰ ৰাজহাড় ভাঙি যায়। 

আনহাতে চৰাঞ্চলত কৃষি কৰ্মই অধিক গুৰুত্বপূৰ্ণ যদিও কৃষি কৰ্মৰ ব্যাৱহাৰ হোৱা সাৰ বিজ কীট নাশক আদিৰ দাম অত্যাধিক হোৱাৰ বাবে বৰ্তমান কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ কমি গৈছে। তাৰোপৰিও কৃষি কৰ্মত অত্যাধিক পৰিশ্ৰম আৰু খৰচৰ হাৰ বেচি হোৱাত নব প্ৰজন্মই কৃষি কৰাতকৈ দিন হাজিৰা কৰাটোৱে ভাল বুলি ভাবে। যাৰ ফলত বহু নিবনুৱা চহৰমুখি হৈছে। তেওঁলোক বেলেগ বেলেগ ৰাজ্যত গৈ দিন হাজিৰা কৰে। 

মধ্যম আৰু উচ্চ পৰ্যায়ৰ আয় কৰা পৰিয়ালৰ হাততে চৰ চাপৰিৰ প্ৰায়ভাগ কৃষি ভূমি আবদ্ধ। অতি নিম্ন পৰ্যায়ৰ পৰিয়ালবোৰৰ কোনো কৃষি ভূমি নাই। কিছুমানৰ ভেটি মাটিও নাই। নিম্ন পৰ্যায়ৰ পৰিয়ালবোৰে উচ্চ পৰ্যায়ৰ পৰিয়ালৰ কৃষি ভূমি আধিয়াৰি লৈ খেতি কৰে নাইবা দিন হাজিৰা কৰে।‌


চৰাঞ্চলত নিম্ন আৰু অতি নিম্ন পৰিয়ালৰ বোৰে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰায়ভাগে দিন হাজিৰা কৰি খায়। ইয়াত অকল পুৰুষেই নহয় মহিলা আৰু নাবালক শিশুও মজদুৰি কৰি খায়। কিছুমানে কৃষি ক্ষেত্ৰত মজদুৰিৰ বাবে আৰু বাকীবোৰে বাহিৰলৈ গৈ উদ্যোগ, কয়লাখনি বা মত্তি, কয়াৰি আদিত কাম কৰে।‌ এনেকি চহৰ বা বহিঃৰাজ্যলৈ গৈ ঠেলা চলোৱা, ৰিক্সা চলোৱা, ৰাজমন্ত্ৰী, কাঠমিস্ত্ৰী, অট্টালিকা নিৰ্মাণ কামত মজদুৰি , আনৰ ঘৰত কাম, বন, পেলনি বস্তু যেনে, প্লাষ্টিক, কাচৰ বটল আদি বুটলি বিক্ৰী কৰা আদি কামত লিপ্ত হৈছে। কিছুমানে কৰ্মত অসমৰ্থ হৈ ভিক্ষা কৰিবলৈও লৈছে। ই চৰ চাপৰিৰ অৰ্থসামাজিক উন্নতিত এক মোক্ষম আঘাত ।


অৰ্থ সামাজিক উন্নয়ন হ’বলৈ সমাজ এখনৰ অৰ্থনৈতিক আৰু সামাজিক দুয়োটা দিশ উন্নয়ন হোৱাটো প্ৰয়োজনীয়। এই দুয়ো দিশত উন্নয়ন হ’বলৈ হ’লে প্ৰথমতে শিক্ষাৰ দিশটো উন্নত হ’ব লাগিব।‌ শিক্ষাই হ’ল আৰ্থিক সামাজিক উন্নয়নৰ মূল ভেটি। শিক্ষাই মানুহৰ নৈতিক, শাৰীৰিক মানসিক কৰ্মনিপুতা, বৌদ্ধিক আদি দিশত উন্নত কৰাৰ লগতে আচাৰ ব্যৱহাৰ উন্নত কৰে। শিক্ষাৰ ক্ষেত্ৰত যিবোৰ ঠাই পিছপৰি থকা দেখা যায়। অসমত চৰ চাপৰিৰ মিয়া অঞ্চল সমূহ, চাহজশ গোষ্ঠী আৰু আন আন ট্ৰাইবেল অঞ্চল আদিও শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা, যাৰ বাবে বাবে এই জনগোষ্ঠীবোৰৰ অৰ্থ সামাজিক ক্ষেত্ৰতো পিছপৰা। শিক্ষাই মানুহৰ কৰ্মনিপনুতা বঢ়াই সমাজ এখন উন্নয়নৰ দিশে আগবঢ়াই নিয়ে। হজৰত মহম্মদ ( ছাঃ) এই কৈছে “ শিক্ষিত মানুহৰ কলমৰ চিয়াঁহী চহিদৰ তেজতকৈও পৱিত্ৰ ”

 শিক্ষাই ব্যাক্তিৰ কৰ্ম দক্ষতা আত্মনিৰ্ভৰশীলতা আৰু সৃষ্টিশীল ক্ষমতা বঢ়ায়। কোন ক্ষেত্ৰত কি উপাদান আৰু উন্নয়নৰ বাবে কি কৌশল প্ৰয়োগ কৰিব লাগে সেইবোৰ জ্ঞানৰ উৎসৰ্গ হয়। যেতিয়া শিক্ষাই নাথাকিব তেতিয়া সেই মানুহ আৰু সমাজৰ উন্নতি কল্পনাও কৰিবও নোৱাৰি।

শিক্ষাহীন জাতি শিপা নথকা গছৰ দৰে। চৰ চাপৰিত প্ৰায়বোৰ পুৰুষ মহিলা শিক্ষাৰ ক্ষেত্ৰত পিছপৰা। বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত কিছু আগবাঢ়িছে যদিও সেয়া যথেষ্ট নহয়।  প্ৰায়বোৰ শিশু এল পি, এম ই স্কুলৰ দেউনা পাৰ হৈয়ে পড়া শুনা বাদ দিয়ে। তাৰে ৯০ শতাংশ নানা ধৰণৰ বৃত্তিত লাগি পৰে। চৰ চাপৰিৰ মানুহৰ মাজত কৃষি কামটোৱে প্ৰধান। বৰ্তমান  চৰ চাপৰিৰ সৰহভাগ (৬০-৭০) শতাংশ মানুহ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল। তাৰ পৰাও দিনে দিনে মাটি নৈ গোৰাহত পৰি মানুহ সৰ্বহাৰা হৈ দিন হাজিৰাৰ বিনে কোনো বিকল্প নাপায় । শিক্ষিতও নহয় । তেনে ক্ষেত্ৰত বাহিৰত গৈ ভাল কাম বা চাকৰিও কৰিব নোৱাৰে । নাৰী সকল এই বিষয়ে অধিক পিছপৰা । চৰাঞ্চলত নাৰী শিক্ষাৰ হাৰ একেবাৰে নিম্ন তেনে ক্ষেত্ৰত কেনেকৈ সমাজৰ উন্নয়ণ আৰু প্ৰগতি সম্ভৱ ।

সমাজ এখনত অর্থ সামাজিক উন্নতি কৰিবলৈ হলে  নাৰী শিক্ষাৰ বিশেষ দৰকাৰ বিশেষকৈ নাৰী শিক্ষাৰ প্রতি গুরুত্ব দিব লাগে কিন্তু চৰাঞ্চলত নাৰী শিক্ষাৰ হাৰ একেবাৰে কম । এজন নাৰীক যদি শিক্ষা দিয়া যায় সেই নাৰীয়ে  শিক্ষিত পৰিয়াল দিব পাৰে , শিক্ষিত সমাজ দিব পাৰে ।' শিক্ষিত পৰিয়াল আৰু শিক্ষিত সমাজৰ বাবে নাৰীক শিক্ষা দিয়াটো দৰকাৰ । শিক্ষাইহে সমাজ বা দেশক প্ৰগতিৰ দিশে আগুৱাই লৈ যায় । কিন্তু দেখা যায় চৰাঞ্চলত নাৰী শিক্ষাৰ প্ৰতি কোনো গুৰুত্ব নাই । চৰাঞ্চলত এতিয়াও নাৰীৰ জীৱন যাপনৰ মানদণ্ড নিম্ন । সিহঁতক অকল ভাত ৰন্ধা,  সংসাৰৰ কাম কৰা আৰু সন্তান জন্ম দিয়া মেচিনেই ভবা হয় ।  সিহঁতক লৈ এক কিছু কথা এতিয়াও  প্রচলিত আছে সেইবোৰ হল “মেয়াৰ  কপাল হৈল বান্দীর কপাল | পৰলেও পাইল্লাৰ কালি ধুয়া খাবা  লাগবো, নাপাঢ়লেও পাইল্লাৰ কালি ধুয়া খাবা লাগবো ।"  

" মেয়াৰ কপাল হৈল বন্দিীৰ কপাল পঢ়লেও হাইসাল চুলা)খচায়া  খাৱা লাগবো নাপঢ়লেও হাইসাল খচায়া খাবা লাগব ।”

এনে এক ধ্যান-ধাৰনাৰ মানসিকতা লৈ জীয়াই থকা মানুহ কেনেকৈ উন্নতির পথত আগবাঢ়ির ?

মানুষ এজন বা সমাজ এখন উন্নতি হ’বলৈ হলে মানুহজন বা সমাজৰ মানুহবোৰৰ মানসিকভাবে উন্নত হোৱা প্রয়োজন।  মানুহ এজন মানসিকভাবে উন্নত নহ’লে নিজেই নিজৰ শত্রু হৈ পৰে । ঠিক তেনেদকে চৰাঞ্চলৰ নাৰী শিক্ষাৰ প্রতি থকা মানসিকতাই চৰাঞ্চল বাসীৰ শত্রু। চৰাঞ্চলত মানুষে নিজকে শিক্ষিত কৰিব বিচাৰিলে কোনেও বাধা দি ৰাখিব নোৱাৰে । কিছূ সংখ্যক মানুহৰ শিক্ষাৰ প্রতি ধাউতি বাঢ়ি যোৱাত সিহঁতে যিকোনো প্রকারে উচ্চ শিক্ষা গ্রহণ করিছে আৰু কৰি আছে, কিন্তু সমাজৰ উন্নতিৰ বাবে  এই কিছু সংখ্যাবোৰে নহয় । সমাজৰ  প্রত্যেকজন ব্যক্তি শিক্ষিত হ’ব লাগিব । কোনেও আপোনাক জোৰ কৰি শিক্ষা নিদিয়ে, শিক্ষা নিজে ইচ্ছা কৰি গ্রহণ কবিব লাগিব । কোনেও কাকো ঠেলি উন্নতিৰ জখলাত বহুৱাই দিব নোৱাৰে । প্রথম ঢাপত উঠাই, দিব পারে যা পৰামর্শ দিব পাৰে। বাকী জখলাত উঠা কাম নিজৰ ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু