Posts

Showing posts from June, 2024

সুস্থ চিন্তা

  এক ঘৰৰ মাজত থাকিও তাক নোপোৱাৰ আক্ষেপ আৰু অপেক্ষাই অন্তৰ জ্বলি ছাঁই হয় ।  এই পৃথিৱীত কৌটি কৌটি মানুহ আছে তাৰ পিছতো কোনো এজনৰ প্ৰতি তীব্ৰ হাহাকাৰ জাগে মনত ,  অলপ কথা কোৱাৰ ইচ্ছা জাগে , এপলক চোৱাৰ বাসনা জাগে । তাৰ বাবেই নিজৰ মাজত আন এক জগত গঢ়ি লওঁ , তাৰ বাবে চকুলোঁ , তাৰ বাবেই ওঁঠত হাঁহি । এয়াই ভালপোৱা ।

সুস্থ চিন্তা

  আমি কাৰোবাক ইমান ভাল পাই পেলাও তেতিয়া নিজক  পাহৰি যাওঁ  , অথচ দিনৰ পৰ দিন তাক ভাল পোৱাৰ পিছত যেতিয়া শূণ্য হাতত ঘূৰি আহিব লাগে তেতিয়া  বুজি পাওঁ নিজৰ বাহিৰে কোনেও কাকো ভাল পাব নোৱাৰে । এই যুগত  প্ৰচণ্ড ভালপোৱা, আবেগ অনুভূতি ,  আবদাৰ এইবোৰৰ একো মূল্য নাই । বৰ্তমান বিজ্ঞাপনৰ যুগ , যিয়ে মাত্ৰ প্ৰেমৰ বিজ্ঞাপন ভালকৈ দিব পাৰে তেওঁ আবেগ অনুভূতিৰ মূল্য পায় । 

আমাৰ মুছলমান সমাজত নাৰীৰ সম্পত্তিৰ অধিকাৰ

  আমাৰ মুছলমান  সমাজত নাৰীৰ সম্পত্তিৰ  অধিকাৰ -------@ বেগম আছমা আমাৰ মুছলমান সমাজত নাৰীৰ অধিকাৰ সম্পৰ্কে সচেতনতা বা আলোচনা কৰাটো দেখা নাযায় । এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যদিও এই বিষয়টো গুৰুত্ব নাপায় । ইছলাম কিন্তু নাৰীৰ অধিকাৰ সম্পৰ্কে সচেতন । ইচলাম ধৰ্মত নাৰীৰ অধিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয় অথচ আমাৰ সমাজত সেই বিষয়টো তল পৰি থাকে বা তল পেলাই থোৱা হয় । ইচলামত নাৰীৰ অধিকাৰ দিয়াটো কল্যাণকৰ কৰিছে । যিয়ে নাৰীৰ( মা , পত্নী, পুত্ৰী , ভগ্নী) লগত ভাল সম্পৰ্ক ৰাখে , তাৰ বাবে অৰ্থ ব্যয় কৰে তাৰ বাবে আল্লাহ তালাই ৰিজিক আৰু ৰুজি প্ৰশস্থ কৰিছে, কিন্তু আমাৰ সমাজত ইয়াৰ ওলোটা চবিহে দেখা যায় । আল্লাহ তালাই কাৰ ভাগ্যত কি লিখিছে কোনেও ক'ব নোৱাৰে । তেনে ক্ষেত্ৰত ছোৱালীৰ গোটেই জীৱন অনিশ্চয়তা থাকি যায় । আৰ্থিক ভাৱে স্বাৱলম্বি ছোৱালীৰ কথাটো বেলেগ । হাউচ অৱাইফ অৰ্থাৎ গৃহিণীৰ জীৱন বেলেগ । আমাৰ সমাজত  কিন্তু  হাউচ অৱাইফে বেছি । এই ক্ষেত্ৰত বৃহৎ অংশই অনিচ্ছয়তাত দিন কটাব লগীয়া হয় । আল্লাহ তালাই প্ৰত্যেকজন নাৰীকে অৰ্থনৈতিক আৰু সম্পত্তিৰ অধিকাৰ দি ৰাখিছে কিন্তু সমাজত ইয়াৰ ওলোটা ৰূপহে দেখা যায় । ছোৱালী বিয়ালৈকে এখন

সুস্থ চিন্তা

  নিৰৱতা সকলোতকৈ শ্ৰেষ্ঠ । মানুহ চিনিবৰ বাবে  নিৰৱ থাকি মানুহৰ গতিবিধি লক্ষ্য কৰি থাকক , প্ৰত্যেকৰে আচল পৰিচয় পাই যাব । সত্যটো পাই যাব ।

আমি হারিয়ে যাবার আগে

  আমি হারিয়ে যাবার আগে  @বেগম আছমা আমি হারিয়ে যাবার আগে  তুমি হাত ধরতে পারতে সেই বিন্দুতে যেখানে  কোনো দিন নেই কোনো রাত নেই  রাতজাগা পাখির কোলাহল নেই  এখন আর এখানে ঋতুরা রং বদলায় না আকাশ ঝরে বৃষ্টি পরেনা এখানে সুধু এক বৃত্তাকার পথ।

তোমাৰ চাওঁনিয়ে মোক প্ৰেমিক কৰি তুলিছিল

 তোমাৰ চাওঁনিয়ে মোক প্ৰেমিক কৰি তুলিছিল @বেগম আছমা  বতাহে যৌৱনৰ গান গাই থকা সেই সন্ধিয়া  তৰাবোৰে আগলি বাহত ঝুলুনা ঝুলি থকা সেই মূহুৰ্তত  মোক থৈ আহিছিলোঁ  অন্তহীন বাটত  সেইদিনা তোমাৰ মোৰ খোজবোৰ একেলগে আগবাঢ়িছিল নিশব্দে বাৰ্তালাপবিহীন গল্পবোৰ  বাঁ‌হী বজাই আছিল নৈখনে শিলবোৰত  আমাৰ ছদ্মনামৰ উপন্যাসখন লিখি গৈছিল তোমাৰ উশাহৰ কোমল কুৱলীত ঠাই লৈছিলো সোমাই গৈছিলো  তোমাৰ আত্মালৈ চুই চাইছিলোঁ তোমাৰ আত্মাৰ পবিত্ৰতাক, প্ৰেম হ'ল আত্মাৰ জ্ব্যোতি আন্ধাৰতো পোহৰ যোগায় দুখতো সুখ বিলায় তোমাৰ চাওঁনিয়ে মোক দূৰ্দান্ত প্ৰেমিক কৰি তুলিছিল তেতিয়াৰ পৰাই  পথাৰ, সাগৰ আৰু জুই বুকুত লৈ উৰিবলৈ শিকিলোঁ।