তোমাৰ চাওঁনিয়ে মোক প্ৰেমিক কৰি তুলিছিল
তোমাৰ চাওঁনিয়ে মোক প্ৰেমিক কৰি তুলিছিল
@বেগম আছমা
বতাহে যৌৱনৰ গান গাই থকা
সেই সন্ধিয়া
তৰাবোৰে আগলি বাহত
ঝুলুনা ঝুলি থকা সেই মূহুৰ্তত
মোক থৈ আহিছিলোঁ
অন্তহীন বাটত
সেইদিনা তোমাৰ মোৰ
খোজবোৰ একেলগে
আগবাঢ়িছিল
নিশব্দে
বাৰ্তালাপবিহীন গল্পবোৰ
বাঁহী বজাই আছিল
নৈখনে শিলবোৰত
আমাৰ ছদ্মনামৰ
উপন্যাসখন লিখি গৈছিল
তোমাৰ উশাহৰ কোমল কুৱলীত
ঠাই লৈছিলো
সোমাই গৈছিলো
তোমাৰ আত্মালৈ
চুই চাইছিলোঁ
তোমাৰ আত্মাৰ পবিত্ৰতাক,
প্ৰেম হ'ল আত্মাৰ জ্ব্যোতি
আন্ধাৰতো পোহৰ যোগায়
দুখতো সুখ বিলায়
তোমাৰ চাওঁনিয়ে
মোক দূৰ্দান্ত প্ৰেমিক কৰি তুলিছিল
তেতিয়াৰ পৰাই
পথাৰ, সাগৰ আৰু জুই
বুকুত লৈ
উৰিবলৈ শিকিলোঁ।
Comments
Post a Comment