আমাৰ মুছলমান সমাজত নাৰীৰ সম্পত্তিৰ অধিকাৰ

 আমাৰ মুছলমান  সমাজত নাৰীৰ সম্পত্তিৰ  অধিকাৰ


-------@ বেগম আছমা
আমাৰ মুছলমান সমাজত নাৰীৰ অধিকাৰ সম্পৰ্কে সচেতনতা বা আলোচনা কৰাটো দেখা নাযায় । এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যদিও এই বিষয়টো গুৰুত্ব নাপায় । ইছলাম কিন্তু নাৰীৰ অধিকাৰ সম্পৰ্কে সচেতন । ইচলাম ধৰ্মত নাৰীৰ অধিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয় অথচ আমাৰ সমাজত সেই বিষয়টো তল পৰি থাকে বা তল পেলাই থোৱা হয় । ইচলামত নাৰীৰ অধিকাৰ দিয়াটো কল্যাণকৰ কৰিছে । যিয়ে নাৰীৰ( মা , পত্নী, পুত্ৰী , ভগ্নী) লগত ভাল সম্পৰ্ক ৰাখে , তাৰ বাবে অৰ্থ ব্যয় কৰে তাৰ বাবে আল্লাহ তালাই ৰিজিক আৰু ৰুজি প্ৰশস্থ কৰিছে, কিন্তু আমাৰ সমাজত ইয়াৰ ওলোটা চবিহে দেখা যায় ।
আল্লাহ তালাই কাৰ ভাগ্যত কি লিখিছে কোনেও ক'ব নোৱাৰে । তেনে ক্ষেত্ৰত ছোৱালীৰ গোটেই জীৱন অনিশ্চয়তা থাকি যায় । আৰ্থিক ভাৱে স্বাৱলম্বি ছোৱালীৰ কথাটো বেলেগ । হাউচ অৱাইফ অৰ্থাৎ গৃহিণীৰ জীৱন বেলেগ । আমাৰ সমাজত  কিন্তু  হাউচ অৱাইফে বেছি । এই ক্ষেত্ৰত বৃহৎ অংশই অনিচ্ছয়তাত দিন কটাব লগীয়া হয় । আল্লাহ তালাই প্ৰত্যেকজন নাৰীকে অৰ্থনৈতিক আৰু সম্পত্তিৰ অধিকাৰ দি ৰাখিছে কিন্তু সমাজত ইয়াৰ ওলোটা ৰূপহে দেখা যায় । ছোৱালী বিয়ালৈকে এখন ঘৰৰ আপোন থাকে বিয়াৰ পিছত পৰ হৈ যায় । ছোৱালীক কোৱা হয় এতিয়াৰ পৰা গিৰিয়েকৰ ঘৰে ই তোৰ আপোন ঘৰ । সেই যে ছোৱালী এজনী বেঘৰ হ'ল তেতিয়াৰ পৰা আৰু তাইৰ কোনো ঘৰ নাথাকে । গিৰিয়েকৰ ঘৰটো নিজৰ ঘৰ কৰোঁতে কৰোঁতে ল'ৰাৰ ঘৰ হৈ পৰে ।  বিয়াৰ পিছত যেতিয়া ছোৱালী এজনীক পৰৰ দৰে বা আলহীৰ দৰে ব্যৱহাৰ কৰা হয় তেতিয়া তাইৰ বাবে সেয়া হজম কৰাটো বহুত কষ্টকৰ । মা দেউতাৰ বাবে সকলো ল'ৰা ছোৱালী সমান বুলি কলেও যেতিয়া সেই ঘৰখনৰ আৰু বংশৰ উত্তৰাধিকাৰী অকল ল'ৰাক কৰা হয় তেতিয়া ছোৱালীজনী অনুভৱ কৰে তাই কেতিয়াও সমান নহয় । মানসিকভাৱে ভাঙি পৰে । অৰ্থ সম্পত্তিৰ বাবে নহয় মাক দেউতাকে যে ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য কৰিলে তাৰ বাবে । আল্লাহ তালাই ছোৱালীৰ অধিকাৰ সম্পৰ্কে চুৰা নিসাত স্পষ্ট বিধান দিছে ।  আল্লাহৰ বিধানৰ স্বত্তেও বহু অভিভাৱককে  আৰ্থিক সা সম্পত্তি অকল ল'ৰাৰ নামত দি দিয়ে । বৰ্তমান সা সম্পত্তিবোৰৰ বিষয়ে ছোৱালীৰ অধিকাৰৰ বিষয়ে চৰ্চিত হোৱাৰ বাবে কিছুমান অভিভাৱক আগতেই সম্পত্তি ল'ৰাৰ নামত কৰি দিয়ে । মাকৰ নামত অলপ থৈ দিয়ে সেয়া ভৱিষ্যতে ছোৱালীয়ে পাব ।  এক গুলি দুই শ্বিকাৰ । অৱশ্যে এই প্ৰথা বহু আগৰ পৰা চলি আহিছে । দহবিঘা যদি ল'ৰাৰ  বাবে থাকে তেন্তে এক বিঘা মাকৰ নামত থাকে যাতে ভৱিষ্যতে ছোৱালীয়ে পায় । এনে ক্ষেত্ৰত দেখা যায় ছোৱালী বৃদ্ধা হৈ যায় তথাপিও তাইৰ নামত নাপায় পালেও সতি সন্ততিয়েহে উপভোগ কৰে । এয়াও কিছুমানৰ ক্ষেত্ৰতহে হয় । বেছিভাগ নাৰী সম্পত্তিৰ নামত একো নাপায় ।
ছোৱালীৰ বিয়াৰ ওপৰত ভৰষা কৰি অভিভাৱকে ছোৱালীক বিদায় দি দিয়ে গোটেই জীৱনৰ বাবে । দুৰ্ভাগ্য ক্ৰমে এনে বহু নাৰী আছে যাৰ গিৰিয়েক ঢুকায়, স্বামীয়ে এৰি দিয়ে  । বেমাৰ আজাৰৰ কথাতো আছেই । এনে ক্ষেত্ৰত ল'ৰা ছোৱালী লৈ যাবলৈ ক'তো নাথাকে । কিছুমানে ভিক্ষা কৰি খোৱা দেখা যায় । মজদুৰি কৰি খোৱা দেখা যায় । ইয়াৰ বাবে দায়ী কোন ? আমাৰ সমাজ ব্যৱস্থা নে অভিভাৱক ?  
ছোৱালী এজনী বিপদত পৰি যেতিয়া ঘৰত আশ্ৰয় ল'বলৈ যায় ভাইয়েকে অনুভৱ কৰায় বা প্ৰকাশ্যে কয় সেইখন ঘৰ তাইৰ নহয় । বহু নাৰী আছে যিসকলে অভাৱত থাকিলেও পিতৃৰ সম্পত্তিৰ ভাগৰ কথা মুখেৰে নকয় কাৰণ আজিকালি বেছিভাগ ভায়েকেই সম্পৰ্ক নহয় সম্পত্তিৰ প্ৰতিহে গুৰুত্ব দিয়ে । স্বামী গৃহতো নাৰীৰ সন্মান নাই । স্বামীয়ে যিমানেই ডাঙৰ চাকৰি নকৰক কিয় পত্নীৰ হাতত তুলি নিদিয়ে বা হাত খৰচৰ বাবে মাহেলী নিদিষ্ট টকা এটাও নিদিয়ে । সংসাৰৰ কিবা প্ৰয়োজন প্ৰয়োজন হ'লে খুজিলেহে দিয়ে । গোটেই দিনটো কাম কৰি থকা মানুহজনীৰো কোনো প্ৰয়োজন থাকিব পাৰে , যেনে ধৰক- কিবা খাবলৈ মন গ'ল , হঠাৎ কিবা কিনিবলৈ মন গ'ল , দান কৰিবলৈ মন গ'ল , ল'ৰা ছোৱালী, নাতি নাতিনিয়েকক দিবলৈ মন কিন্তু হাতত টকা নথকাৰ বাবে মনৰ আশা মনতে দবাই ৰাখে । এতিয়া ক'ব স্বামীৰ পৰা খুজিব পাৰে কিন্তু নাৰীৰো আত্মসন্মান আছে । বহু নাৰী খুজিবলৈও বিৰক্তিবোধ কৰে । বহু পুৰুষে নিজৰ কৰ্ম আৰু অৰ্থোপাৰ্জন কৰাৰ বাবে নাৰীক ইতিকিং কৰি কথা কয় ( যিসকলে ইতিকিং কৰে তেওঁলোকে জনা উচিত, পুৰুষৰ তুলনাত নাৰীৰ দিনযোৰা কামৰ হিচাপ কৰিবলৈ গ'লে পুৰুষতকৈ নাৰী দুগুণ বেচিকৈ দৰমহা পাব ।) তেনে ক্ষেত্ৰত নাৰীয়ে তাৰ পৰা টকা বিচৰি মনৰ আশা পূৰণ কৰাতকৈ মনৰ আশা মনতে মাৰি দিয়া ভাল বুলি ভাৱে । স্বামীয়ে দৰমহা পোৱাৰ পিছত হাত খৰচ বাবদ কিছু টকা দিলে কোনো ক্ষতি নহয় বৰং জমাহে থাকিব । এটা হাদিছ শুনিছিলোঁ কিন্তু  ৰেফাৰেঞ্চ ভালকৈ মনত নাই বাবে লিখিব নোৱাৰোঁ । হাদিচটো আছিল - নবী (ছঃ) মে হাত খৰচ বাবদ প্ৰতি মাহত প্ৰত্যেকজন স্ত্ৰীক সম পৰিমাণৰ খেজুৰ দিছিল । যি খেজুৰৰ মূল্য  হিচাপ কৰিলে বৰ্তমান দুহেজাৰ টকা হয় ।
বৰ্তমান কোনো পুৰুষে নাৰীৰ হাতত দুহেজাৰ কৈ টকা দিয়েনে? 
কোনে জানে কাৰ বাবে কেনে সময় ৰৈ আছে ? অসুখ বিসুখ ,
আপদ বিপদ আছেই ।  সেয়েহ নাৰীয়ে  ভয় কৰে যে মই সম্পত্তিৰ ভাগ আনিলে বিপদ আপদত ভায়েকে ঘৰত ঠাই নিদিব ।
বৰ্তমান এই ভয়টো অমূলক নহয় । ভনীতো দূৰৰে কথা আজিকালি সম্পত্তি নাথাকিলে মাক দেউতাককে সন্মান নকৰে । ইয়াৰো কাৰণ আছে বৰ্তমান যুৱ প্ৰজন্মই ইছলামে দিয়া বিধান অনুকৰণ নকৰে । ইয়াৰ বাবে দায়ী অকল যুৱ প্ৰজন্মই নহয় । সিহঁতে পূৰ্ব পুৰুষৰ পৰা কিছু অনুকৰণ কৰিছে আৰু কিছু নিজে যোগ দিছে । আল্লাহ তালাই কোৰাণ শ্বৰীফত নাৰীক সম্পত্তিৰ অধিকাৰ দিয়াৰ পিছতো আমাৰ সমাজত নাৰীক সেই অধিকাৰ দিয়া দেখা নাযায় । সিহঁতে আল্লাহ তালাৰ কথা সম্পূৰ্ণ অৱমাননা কৰি আহিছে । প্ৰচলিত এই ব্যৱস্থা সমূহো উত্তৰাধিকাৰ সূত্ৰে পাইছে ।
কোৰাণ শ্বৰীফত দিয়া সকলো বিধান মানি চলাৰ নামে ইছলাম কিন্তু নামাজ আৰু কোৰাণ পঢ়ি বাকীবোৰ অমান্য কৰি ইছলাম ধৰ্ম পালন কৰা হয়নে ? আগৰ মানুহ বেছিভাগ নিৰক্ষৰ আছিল । কোৰাণ শ্বৰীফ বা কোৰাণ শ্বৰীফৰ অৰ্থ পঢ়িব নোৱাৰিছিল । এতিয়া পঢ়িব পাৰে তাৰ পিছতো একেই অৱস্থা !
আল্লাহ তালাই নাৰীক সম্পত্তিৰ অধিকাৰ দিছে যদিও অভিভাৱকে সেই সম্পত্তিৰ ভাগ নিদিয়ে । ছোৱালী এজনীক বিয়া দিয়াটোয়ে দায়িত্ব বুলি ভাৱে । তাৰ পিছত সকলো ঝামেলা শেষ বুলি ভাৱে । ইছলামে ছোৱালীক ভালকৈ  ভোৰণ পোষণ আৰু ভৱিষ্যত সুৰক্ষি কৰা ।
অথচ ছোৱালীৰ অভিভাৱকে ছোৱালীজনীক বিয়া দিয়াৰ পিছতে সম্পত্তি লুকাবলৈ ধৰে  অৰ্থাৎ পুতেকৰ নামত দিয়া আৰম্ভ কৰে । নিজৰ পিতৃৰ এনে কাণ্ড চাই জীয়েকৰ বহুত কষ্ট হয় যদিও একো নকয় কাৰণ ক'লেই ভাবিব সম্পত্তিৰ লোভ । কিন্তু ইয়াত সম্পত্তিৰ কথাটো পিছত আহে প্ৰথমে আহে লিঙ্গ বিভেদ । সমাজত ল'ৰাক যে উচ্চ স্থান দিয়ে আৰু ছোৱালীক নিম্ন স্থান দিয়ে সেই কথা প্ৰমাণ কৰি দিয়ে ।
ভাৰা ঘৰত থাকোতে ভাৰা ঘৰৰ মালিকিনী বাইদেৱে এদিন কথা পাতোতে গৰ্বৰে ক'লে  ' মোৰ দেউতা হজত যোৱাৰ বাবে এক লাখ টকা দিছোঁ ।'
মই আচৰিত হৈ পৰিলোঁ কাৰণ বাইদেউ চাকৰিও নকৰে আৰু দাদাৰ পৰাও টকা খুজি নলয় বুলি বিশ্বাস । সেয়েহ  সুধিলোঁ ' ক'ৰ পৰা দিলে  ? দাদাই দিছে নেকি ? '
' নাই নাই , এখেতৰ পৰা লোৱা নাই । মই মোৰ পৰাই দিছোঁ ।'
' ক'ত পালে ?'
' আমাৰ তিনি ভনী বিয়া হোৱাৰ  পিছত দেউতাই মাটি সম্পত্তিৰ হাদিচ মতে যিয়ে যিমান পায় সেইমতে ভাগ কৰি দি কৈছিল
"মই যি কৰিছোঁ সকলো তোমালোকৰ বাবে , আজি তোমালোকৰ আমানত তোমালোৰ হাতত তুলি দিলোঁ ।''
তাৰে একবিঘা বিক্ৰী কৰি দিছোঁ । '
' বৰ্তমানো আমাৰ সমাজত নাৰীয়ে সম্পত্তিৰ অধিকাৰ নাপায় আৰু আপোনাৰ দেউতা ইমান পুৰণি মানুহ তথাপিও  --
' মোৰ দেউতা আগৰ যুগৰ হ'লে কি হ'ব  হাদিছ কোৰাণৰ  বিষয়ে জ্ঞান আছিল । সমগ্ৰ অঞ্চলৰ মুৰব্বী মানে দেৱানী আছিল । দেউতাই  ন্যায় বিচাৰৰ বিষয়ে সেই অঞ্চলত এতিয়াও জনাজাত । তেনে ক্ষেত্ৰত দেউতাই নিজৰ বুদ্ধি জ্ঞান থাকোতেই সকলো ভগাই দিছে । এজনী ভনীৰ অভাৱ বাবে প্ৰতিবছৰে ধান মলি লৈ যায় । আল্লাহ তালাৰ ৰহমতত আমাৰ কোনো অভাৱ নাই বাবে মই অনা নাই ।  তথাপিও ভায়েকে মাজে মধ্যে আতপ চাউল লৈ আহে , ডালি লৈ আহে । বৌয়েকে চাউল গুৰি কৰি পঠিয়াই দিয়ে । যাব নোৱাৰাৰ বাবে পিঠা বনাই দি দিয়ে । দাদাই লৈ আহে । আমাৰ দেউতা যেনে আছিল আমাৰ দাদায়ো একে । আমাক বহুত মৰম কৰে । এতিয়াও বেমাৰ আজাৰ হ'লে ভাত খুৱাই দিব বিচাৰে । কিবা হ'লেই দৌৰি আহে । '
বাইদেৱে গৰ্বৰে কথাবোৰ কৈ গ'ল ।  বাইদেৱৰ মুখত এক প্ৰশান্তিৰ ছবি দেখিলোঁ ।
এই ছবিৰ পৰিৱৰ্তে আন এক ছবি দাঙি ধৰোঁ ।
কেইদিনমান আগতে বোৰ্খা পিন্ধা বয়োজেষ্ঠ  ভদ্ৰ মহিলা এগৰাকী ভিক্ষা কৰিবলৈ আহিছে ।
মই সুধিলোঁ- আপোনাক দেখি তো ভিক্ষাৰী ল'গা নাই । '
' মা , ভাগ্যৰ লিখন । কি ক'ম ! মই এটা সময়ত ধনী ঘৰৰ জীয়ৰী আছিলোঁ । বিয়াও হ'ল ধনী ঘৰত । ঘৰত  দুই তোলাৰ বিল্ডিং দিছিলোঁ কিন্তু  বানপানীয়ে ভাঙি লৈ গ'ল । এতিয়া স্বামীহাৰা মহিলা , এটা কিডনি নষ্ট হৈছে ।   চিকিৎসা কৰিবলৈ টকা নাই বাবেই ঘৰে ঘৰে খুজি আছোঁ । এটা সময়ত মহিলাগৰাকীৰ দেউতাকৰো সম্পত্তি আছিল আৰু গিৰিয়েকৰো আছিল কিন্তু কোনেও তেখেতৰ নামত একো নিদিলে । আজি যে মানুহৰ ঘৰে ঘৰে ভিক্ষা কৰিব লগীয়া হৈছে তাৰ বাবে কোন দায়ী ? তাৰ বাবে প্ৰথম তেখেতৰ দেউতাকে দায়ী । দেউতাকে ল'ৰা সন্তানক আত্মনিৰ্ভৰশীল বনাবলৈ সকলো চেষ্টা কৰে , ল'ৰা আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষমতাও ৰাখে তাৰ পিছতো ল'কৰাকেই সকলো সম্পত্তিৰ গৰাকী বনাই দিয়ে ।
আৰু এগৰাকী বৃদ্ধাৰ বিষয়ে ক'ব বিচাৰোঁ । তেখেত ভিক্ষা কৰি খায় । বয়স হৈছে । কানেৰে শুনা নাপায় । আনৰ ঘৰত থাকি ভিক্ষা কৰি খায় । মহিলাগৰাকীৰ অৱস্থা চাই দুখ লগাত তেখেতৰ বিষয়ে জানিব বিচৰাত সকলো ভাঙিপাতি ক'লে । দেউতাক খেতিয়ক আছিল যদিও আৰ্থিক অৱস্থা ভালে আছিল । দেখাত অলপ ক'লা বাবে দুখীয়া ঘৰতে বিয়া হৈছিল । দুখীয়া হ'লেও খেতি মাটি আছিল । কিন্তু ব্ৰহ্মপুত্ৰ নদীয়ে নিজৰ মাজত ল'লে । তাৰ পিছত ভেটি মাটিৰে সৈতে গিৰিয়েকে কাম কৰি সংসাৰ চলাই আছিল । কেইবছৰমান পিছতে গিৰিয়েকজনৰ মৃত্যু হ'ল । সেই সুযোগতে দেৱেৰেক আৰু ননদে মাটি দখল দিলে । শেষত মহিলাজনী বেঘৰ ।কিন্তু কিয়? 
আল্লাহ তালাই নাৰীৰ নিৰাপত্তাৰ বাবে দেউতাক আৰু স্বামী দুয়োৰে তৰফৰ পৰা সম্পত্তিৰ অধিকাৰ দিছে । সম্পত্তিৰ অধিকাৰ সয়ং আল্লাহে কোৰাণ শ্বৰীফৰ সুৰা নিসাত স্পষ্ট  উল্লেখ কৰিছে ।  তাৰ পিছতো ইছলাম মানি চলা ব্যক্তি সকলে এইটো কথা অমান্য কৰে কিয় । আল্লাহ তালাৰ কথা অমান্য কৰা মানে তেওঁ মুনাফিক । কোনো ব্যক্তি পাঁচ ৱক্ত নামাজ আদায় কৰাৰ পিছতো তেওঁ এইবোৰ কাৰণত জাহান্নামলৈ যাব লগা হ'ব পাৰে ।
সম্পত্তিৰ ভাগ দিয়াটো ডাঙৰ কথা নহয় কিন্তু সম বিচাৰ কৰাৰ মানসিকতাটোহে ডাঙৰ কথা । ছোৱালী এজনীৰ বাবে স্বামী কাষৰ ব্যক্তি হ'লেও দেউতাক হ'ল  আটাইতকৈ প্ৰিয় আৰু মৰমৰ ব্যক্তি । যেতিয়া প্ৰিয় ব্যক্তিজনে অকল পুতেকৰ কথা ভাবিবলৈ আৰম্ভ কৰে তেতিয়া ছোৱালীজনী নিজকে নিঃকিন ভাবিবলৈ ধৰে । তাইৰ এনে লাগে যেন পৃথিৱীত কোনো নাই । ছোৱালী এগৰাকী যিমানেই ডাঙৰ নহওক কিয় নিজকে পিতৃ মাতৃৰ সৰু জীয়েকজনীয়ে হৈ থাকিব বিচাৰে । দেখা যায় ছোৱালীৰ বিয়াৰ পিছত সকলো পৰিৱৰ্তন হৈ যায় । কিছুমান অভিভাৱকে ল'ৰাই আৰু বোৱাৰীয়ে বেয়া পাব বুলিয়েই  ছোৱালীক অনিচ্ছা সত্বেও দূৰৈত ৰাখে বা সম্পত্তিৰ ভাগ জীয়েকক নিদিয়ে ।  উপায়তো নাই ! কলি যুগৰ পুত্ৰ । মাক দেউতাকৰ প্ৰতি শ্ৰদ্ধা থকাতকৈ মাক দেউতাকৰ সম্পত্তিৰ প্ৰতিহে শ্ৰদ্ধা ।কিছুমান সন্তানে দেউতাকৰ সম্পত্তি নাথাকিলে মাক দেউতাকক  বৃদ্ধাশ্ৰম পোৱাবগৈ ।
বৰ্তমান প্ৰায় ভাগ যুৱকে মাক দেউতাকৰ ভাল গুণ সমূহ আয়ত্ব কৰাতকৈ মাক দেউতাকৰ সম্পত্তি কেনেকৈ আত্মসাৎ কৰিব সেইটোহে ভাবে ।  সম্পত্তি পোৱা টোৱে আটাইতকৈ ভাগ্যবান বুলি ভাৱে । প্ৰকৃততে সৌভাগ্যবান সেইজন যিজনে দেউতাকৰ ভাল গুণবোৰ আয়ত্ব কৰে । যেনে সৎ হোৱা, ধাৰ্মিক হোৱা, সমাজ সেৱা কৰা , আত্মসন্মান লৈ জীয়াই থকা আদি। তাকে নকৰি দেউতাকৰ সম্পত্তিৰে ঘূৰা ফূৰা, পাৰ্টি আদি কৰি ফুৰে । দেউতাকৰ  নামাজ পঢ়ি পঢ়ি ভৰিৰ গাঁঠি ক'লা দাগ হৈ যায় অথচ এনে বহুত ল'ৰা আছে  তেওঁলোক মছজিদৰ ভিতৰত নোসোমায় । মাক দেউতাকৰ মৃত্যুৰ সময়ত কালিমা এটা শুদ্ধকৈ ক'ব নোৱাৰে । তাৰ পিছতো পিতৃ মাতৃ পুতেকৰ প্ৰতিটো কথাতে হয়ভৰ দিয়ে । মাক দেউতাকৰ মৃত্যুৰ পিছত কোনোবাই যদি চকুপানী পেলায় বা খাচ মনে দান কৰে সেইজন হ'ব ছোৱালী ।কিছুমান ল'ৰাই দেউতাকৰে সম্পত্তিৰ পৰা কিছু অংশ খৰচ কৰি দুই এজন মানুহ খুৱাই দায়িত্ব সামৰে । তাৰ পিছতো মাক দেউতাকে পুত্ৰ সন্তানকে নিজৰ অৱাৰিচ হিচাপে ৰাখে ।
সন্তানক সন্তান হিচাপেই আদৰ যত্ন কৰক । য'ত ছোৱালীক বেছি আদৰ যত্ন কৰিব লাগে তাত ল'ৰাকহে বেছি আদৰ যত্ন কৰে । সকলো ক্ষেত্ৰতে ল'ৰাক প্ৰাধান্য দিয়ে । ইয়ে এগৰাকী নাৰীৰ মন মানসিকতাত বৰকৈ আঘাত হানে । সেইবাবেই নাৰীয়ে নিজক অকলসৰীয়া, ঘৰহীন ভাবিবলৈ বাধ্য হৈ পৰে । এই ভাৱনাবোৰে ছোৱালী এজনী ক হীনমান্যতাত ভোগায়, ছোৱালীজনী খিংখিঙীয়া স্বভাৱৰ হৈ পৰে , কিছুমানে বিপথেও খোজ দিয়ে । গতিকে সেই ভাবনাবোৰ নোহোৱা কৰিব'লৈ ল'ৰা - ছোৱালীক পাৰ্থক্য কৰা বাদ দিয়ক ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু