সুস্থ চিন্তা Get link Facebook X Pinterest Email Other Apps - June 14, 2024 নিৰৱতা সকলোতকৈ শ্ৰেষ্ঠ । মানুহ চিনিবৰ বাবে নিৰৱ থাকি মানুহৰ গতিবিধি লক্ষ্য কৰি থাকক , প্ৰত্যেকৰে আচল পৰিচয় পাই যাব । সত্যটো পাই যাব । Get link Facebook X Pinterest Email Other Apps Comments
সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল - March 19, 2019 বিকশিত ৰাষ্ট্ৰ বা সুস্থ জাতি গঢ়ি তুলিবলৈ প্ৰয়োজন সুস্থ, শিক্ষিত নাগৰিক৷ সুস্থ আৰু শিক্ষিত নাগৰিকৰ কথা কলে আমাৰ মনলৈ আহে মাতৃৰ কথা, কাৰণ মাতৃয়েহে পাৰে শিশুক সুস্থ, শিক্ষিত আৰু বিকাশগামী নাগৰিক গঢ়ি তুলিবলৈ৷ গতিকে প্ৰতিগৰাকী মাতৃ শিক্ষিত হলেহে আমি বিকশিত ৰাষ্ট্ৰৰ আশা কৰিব পাৰোঁ৷ প্ৰখ্যাত দাৰ্শনিক নেপোলিয়নে কৈছিল ‘ এটা সুস্থ জাতি পাবলৈ প্ৰয়োজন এজন শিক্ষিত মাতৃ৷ এ. পি.জে. আব্দুল কালামে কৈছিল-‘ নাৰী শক্তিশালী হ’লে সুস্থ সমাজ এখন নিশ্চিত হয়৷’ কিন্তু আমাৰ ভাৰৰতত এতিয়াও প্ৰায়ভাগ নাৰীসকল শিক্ষাৰ পৰা বঞ্চিত, ইয়াৰ প্ৰধান কাৰণ হ’ল বাল্যবিবাহ৷ অনাগত প্ৰজন্ম সুস্থভাৱে বাঢ়ি অহা আৰু সুনাগৰিক হিচাপে গঢ়ি উঠাত বাল্যবিবাহ এক প্ৰাচীৰ হৈ আছে৷ বিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সমাজত এগৰাকী নাবালিকাক সাধাৰণতে ১৮ বছৰৰ তলৰ এজন প্ৰাপ্তবয়ষ্ক বা অ প্ৰাপ্তবয়ষ্ক পুৰুষলৈ বিয়া দিয়া হয়৷ বৰ্তমান ভাৰতৰ ভিতৰত আমাৰ অসমত বাল্যবিবাহৰ প্ৰচলন বেচি৷ অসমৰ ভিতৰত চাহ বাগান আৰু চ’ৰ চাপৰিত বাল্য বিবাহ বেচিকৈ হোৱা দেখা যায়৷ অসমত ২২৫১ খন চৰ আছে৷ তাতে প্ৰায় ৫০ লাখ মানুহৰ বসতি৷ এই মানুহখিনি দৰিদ্ৰতা আ... Read more
সমন্বয় আৰু বহাগ বিহু - March 06, 2019 অসমৰ জাতীয় উৎসৱ বিহু হৈছে প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ স্পন্দন ।বিহু মানেই অসমীয়াৰ প্ৰাণ,হিয়াৰ আমঠু৷পৃথিৱীৰ আটাইবোৰ লোক সংস্কৃতিৰ উৎস হ’ল কৃষিভিত্তিক৷প্ৰাক ঐতিহাসিক যুগৰ পৰাই মানুহে জীয়াই থকাৰ সংগ্ৰাম কৰি আহিছে৷কঠোৰ জীৱন সংগ্ৰামত মানুহে প্ৰাকৃতিৰ অধিক শক্তিৰ সৈতে ফেৰ মাৰিব নোৱাৰি প্ৰাকৃতিক বশিভূত কৰাৰ বাবে নৃত্যগীত, পুজা-পাতলৰ আশ্ৰয় ললে৷ তাৰোপৰিও নাৰীক সতে অদ্ভুদ সাদৃশ্য পালে,যেনে - নাৰীৰ সন্তান জন্ম দিয়াৰ লগত পৃথিৱীৰ শস্য উৎপাদনৰ সাদৃশ্য৷ এনে ধৰণৰ ধাৰণাৰ বাবেই পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে বিভিন্ন উৎসৱ৷অসমৰ লোক উৎসৱ বিহুও তাৰ ব্যতিক্ৰম নহয়৷বিহু অসমৰ উমৈহতীয়া উৎসৱ যদিও অসমৰ প্ৰায় জনগোষ্ঠীযে ভিন ভিন নামেৰে পালন কৰা দেখা যায়৷কচাৰীসকলোৰ‘ বহুৱা নাচ’, বড়ো সকলোৰ‘ বৈচাগু’,আহোমসকলোৰ‘ চাংকেন’ , দেউৰী আৰু তিৱা সকলোৰ‘বিছু’,মিছিং সকলোৰ ‘ আলি আয় লৃগাং’ আদি৷ ঠিক তেনেকৈ বিভিন্ন জিলাত বিভিন্ন নামেৰে বহাগ বিহু পালন কৰে৷যেনে নলবাৰী জিলাত সমগ্ৰ মাহ জুৰি পালন কৰা হয় বসন্তোৎসৱ৷ যাক ‘ভথেলি’ বুল্ কয়৷ বৰপেটা জিলাত ‘ পাউৰা তোলা বা দহৰ ফুৰোৱা উৎসৱ’ পালন কৰে৷ আনহাতে অবি... Read more
কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ? - April 02, 2021 সামাজিক মূল্যবোধৰ আধাৰত সামাজত তিনিধৰণৰ শ্ৰেণী বিভাজন আছে ৷ সেয়া হৈছে ধনী শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ শ্ৰেণী ৷ সেইদৰে সামাজিক নেতৃত্বৰ ক্ষেত্ৰতো তিনিধৰণৰ শ্ৰেণীৰ মানুহ আছে ৷ প্ৰথম শ্ৰেণীটো নেতৃত্বকাৰী , দ্বিতীয়টোয়ে অনুসৰণ কাৰী আৰু নিৰপেক্ষ ৷ প্ৰথম শ্ৰেণীটোয়ে নেতৃত্বপ্ৰদান কৰে , দ্বিতীয়টোয়ে অনুসৰণ কৰে আনটো অৰ্থাৎ তৃতীয়টো নেতৃত্বও নকৰে আৰু অনুসৰণো নকৰে , মাত্ৰ জীয়াই থাকিবলৈ সংগ্ৰাম কৰে ৷ অৱশ্যে এই শ্ৰণীটোৱে পৰিস্থিতি অনুযায়ী অনুসৰণো কৰিব পাৰে ৷ নেতৃত্বপ্ৰদানকাৰী শ্ৰেণী হিচাপে জীৱন যাপন কৰাটো গৌৰৱৰ কথা , সেইবাবে এইটোও নহয় যে অনুসৰণকাৰী শ্ৰেণী হৈ থকাটো লাজৰ কথা ৷ এয়া ভৱাটো অনৰ্থক মাথোঁ, কিয়নো এজন ভাল অনুসৰণকাৰীয়ে এজন উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হ’ব পাৰে ৷ সাধাৰণতে এজন বুদ্ধিমান মানুহে প্ৰথমে অনুসৰণ কৰে , তাৰ পৰা ভাল বেয়া বিশ্লেষণ কৰি চায় , তাৰ পিছতহে ভাল গুণবোৰ গ্ৰহণ কৰে আৰু এটা সময়ত উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হৈ উঠে ৷ অনুসৰণ নকৰা কোনো মানুহ উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হ’ব নোৱাৰে ৷ এয়াও সত্য যে সকলো অনুসৰণকাৰীয়ে নেতৃত্বপ্ৰদানকাৰী শ্ৰেণীৰ সমকক্ষ হ’ব নোৱাৰে ৷ নেতৃত্ব প্ৰদান কৰিবলৈ সেই ... Read more
Comments
Post a Comment