Posts

Showing posts from July, 2024

সুস্থ চিন্তা

  ট্ৰেক ১ মানুহ আৰু মানুহৰ মন দুয়োটাই কেতিয়া পৰিৱৰ্তন হয় ধৰিবই নোৱাৰি । এদিন মই তাৰ ভালপোৱা আছিলোঁ আৰু আজি মাত্ৰ  প্ৰয়োজনত সীমাবদ্ধ । এদিন হয়তো এই প্ৰয়োজনখিনিও নাথাকিব । ট্ৰেক ২ আপোন সম্পৰ্কবোৰৰ আচল ৰূপবোৰ দেখাৰ পিছত মনত সম্পৰ্কৰ প্ৰয়োজন নাথাকে, আনন্দ নাথাকে  মাত্ৰ দায়িত্ব থাকে । ট্ৰেক ৩ মানুহ অকল (অনুকম্পাতেই) জীয়াই থাকিব নোৱাৰে , ভোক নিবাৰণ কৰিব লাগিব । অকল পেটৰ ভোকেই নহয়  তন মন ধন সকলোৰে সঠিক অনুপাত ভোক নিবাৰণ কৰিব লাগিব । প্ৰত্যেকজন মানুহৰে ভোক আছে । এয়াই বাস্তৱ কিন্তু মানুহে মানিবলৈ টান পায় । ট্ৰেক ৪ বিশ্বাস এনেকুৱা এটা ঋণ যাক মাত্ৰ বিশ্বাসেৰেই পৰিশোধ কৰা যায় । যিয়ে এই ঋণ পৰিশোধ কৰিব নোৱাৰে তেওঁলোক আজীৱন ঋণী হৈ থাকে । এনেকি মৃত্যুৰ পিছতো কাৰণ এই ঋণ আন কোনেও পৰিশোধ কৰিব নোৱাৰে

সুস্থ চিন্তা

  1)মনৰ জোৰত দেহ চলে , মানেই য'ত মৃত তাত দেহ সজীৱ কেনেকৈ থাকিব । এবাৰ মন মৰি গ'লে পৃথিৱীৰ কোনো সুখেই তাক সুখী কৰিব নোৱাৰে । সেয়েহ কাৰোবাৰ মনক হত্যা কৰাটো পৃথিৱীৰ আটাইতকৈ ঘৃণনীয় অপৰাধ  যদিও এই  অপৰাধৰ শাস্তি নাই । 2) আমি সীতাৰ উদাহৰণ বহুত দিওঁ, কিন্তু আমাৰ চকুৰ সন্মুখতে প্ৰায় সকলো ঘৰতে একোজনকৈ  সীতা আছে । যিসকলে পোন্ধৰ বিশ বছৰ অথবা গোটেই জীৱন বনবাস খাটি , অগ্নি পৰিক্ষা দিব লগা হয় । এই অগ্নি পৰিক্ষাৰ পিছত কোনোবাই হয়তো পাছ কৰে কিন্তু যেতিয়ালৈ পাছ কৰে তেতিয়া তাইৰ সেই মন নাথাকে । মন মৰি যায় ।  মোৰো একেই হ'ল । অৱশ্যে এতিয়া মোৰ কষ্ট নহয়  কাৰণ যিয়ে অগ্নি পৰিক্ষা লৈ থাকে তাকেই ৰিজেক্ট কৰি দিলোঁ । মানে তেওঁ দিয়া দুখ সুখ একো মনত কৰিব নিবিছাৰোঁ । তেওঁ ওলাই গৈছে মোৰ মনৰ পৰা । তেতিয়াই সেই ঘৰত তলা এটা লগাই থৈ গৈছে যি কেতিয়াও নোখোলে ।

নৈ আৰু মৰাসুঁতি

Image
 নৈ আৰু মৰাসুঁতি কাইলৈৰ পৰা আকৌ বুকুত পাহাৰ লৈ  ঘুৰিম, টোপনি যাম, সচাঁই মিচাই সপোন দেখিম, দৈনন্দিন কাম সামৰি নিজৰ মগজুক পাগুলিয়াই থাকিম  ৷ . পাহাৰখনৰো হৃদয় আছে উত্তাপ পালেই গলি  নৈ হৈ বয় সাগৰ বিচাৰি সাগৰো যে বহু দূৰ  বতাহে কাণে কাণে কয় ।  . নদীখনো আজি শান্ত কলিজাও চেঁচা ক্লান্ত দেহ এৰি দিলো নৈৰ বুকুত . মৰাসুঁতি হোৱাৰ আগতেই জোনৰ পোহৰত দুখবোৰ একাত্ম হওঁক, . নৈ আৰু মৰাসুঁতি দুয়ো  আপোন নৈখনে নিৰৱছিন্নভাৱে ইতিহাস সামৰে আৰু মৰাসুঁতি. . .! সুখৰ সাগৰত যন্ত্ৰণাৰ ঢৌবোৰ শুহি লয়৷