নৈ আৰু মৰাসুঁতি

 নৈ আৰু মৰাসুঁতি



কাইলৈৰ পৰা আকৌ বুকুত পাহাৰ লৈ 

ঘুৰিম, টোপনি যাম,

সচাঁই মিচাই সপোন দেখিম,

দৈনন্দিন কাম সামৰি

নিজৰ মগজুক পাগুলিয়াই থাকিম  ৷

.

পাহাৰখনৰো হৃদয় আছে

উত্তাপ পালেই গলি 

নৈ হৈ বয় সাগৰ বিচাৰি

সাগৰো যে বহু দূৰ 

বতাহে কাণে কাণে কয় ।

 .

নদীখনো আজি শান্ত

কলিজাও চেঁচা

ক্লান্ত দেহ

এৰি দিলো নৈৰ বুকুত

.

মৰাসুঁতি হোৱাৰ আগতেই

জোনৰ পোহৰত দুখবোৰ একাত্ম হওঁক,

.

নৈ আৰু মৰাসুঁতি

দুয়ো  আপোন

নৈখনে নিৰৱছিন্নভাৱে ইতিহাস সামৰে

আৰু মৰাসুঁতি. . .!

সুখৰ সাগৰত যন্ত্ৰণাৰ ঢৌবোৰ শুহি লয়৷

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু