সুস্থ চিন্তা

 ট্ৰেক ১

মানুহ আৰু মানুহৰ মন দুয়োটাই কেতিয়া পৰিৱৰ্তন হয় ধৰিবই নোৱাৰি ।
এদিন মই তাৰ ভালপোৱা আছিলোঁ আৰু আজি মাত্ৰ  প্ৰয়োজনত সীমাবদ্ধ । এদিন হয়তো এই প্ৰয়োজনখিনিও নাথাকিব ।
ট্ৰেক ২
আপোন সম্পৰ্কবোৰৰ আচল ৰূপবোৰ দেখাৰ পিছত মনত সম্পৰ্কৰ প্ৰয়োজন নাথাকে, আনন্দ নাথাকে  মাত্ৰ দায়িত্ব থাকে ।
ট্ৰেক ৩
মানুহ অকল (অনুকম্পাতেই) জীয়াই থাকিব নোৱাৰে , ভোক নিবাৰণ কৰিব লাগিব । অকল পেটৰ ভোকেই নহয়  তন মন ধন সকলোৰে সঠিক অনুপাত ভোক নিবাৰণ কৰিব লাগিব । প্ৰত্যেকজন মানুহৰে ভোক আছে । এয়াই বাস্তৱ কিন্তু মানুহে মানিবলৈ টান পায় ।
ট্ৰেক ৪
বিশ্বাস এনেকুৱা এটা ঋণ যাক মাত্ৰ বিশ্বাসেৰেই পৰিশোধ কৰা যায় । যিয়ে এই ঋণ পৰিশোধ কৰিব নোৱাৰে তেওঁলোক আজীৱন ঋণী হৈ থাকে । এনেকি মৃত্যুৰ পিছতো কাৰণ এই ঋণ আন কোনেও পৰিশোধ কৰিব নোৱাৰে

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

সমন্বয় আৰু বহাগ বিহু

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?