সুস্থ চিন্তা

 1)মনৰ জোৰত দেহ চলে , মানেই য'ত মৃত তাত দেহ সজীৱ কেনেকৈ থাকিব । এবাৰ মন মৰি গ'লে পৃথিৱীৰ কোনো সুখেই তাক সুখী কৰিব নোৱাৰে । সেয়েহ কাৰোবাৰ মনক হত্যা কৰাটো পৃথিৱীৰ আটাইতকৈ ঘৃণনীয় অপৰাধ  যদিও এই  অপৰাধৰ শাস্তি নাই ।

2) আমি সীতাৰ উদাহৰণ বহুত দিওঁ, কিন্তু আমাৰ চকুৰ সন্মুখতে প্ৰায় সকলো ঘৰতে একোজনকৈ  সীতা আছে । যিসকলে পোন্ধৰ বিশ বছৰ অথবা গোটেই জীৱন বনবাস খাটি , অগ্নি পৰিক্ষা দিব লগা হয় । এই অগ্নি পৰিক্ষাৰ পিছত কোনোবাই হয়তো পাছ কৰে কিন্তু
যেতিয়ালৈ পাছ কৰে তেতিয়া তাইৰ সেই মন নাথাকে । মন মৰি যায় ।  মোৰো একেই হ'ল । অৱশ্যে এতিয়া মোৰ কষ্ট নহয়  কাৰণ যিয়ে অগ্নি পৰিক্ষা লৈ থাকে তাকেই ৰিজেক্ট কৰি দিলোঁ । মানে তেওঁ দিয়া দুখ সুখ একো মনত কৰিব নিবিছাৰোঁ । তেওঁ ওলাই গৈছে মোৰ মনৰ পৰা । তেতিয়াই সেই ঘৰত তলা এটা লগাই থৈ গৈছে যি কেতিয়াও নোখোলে ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু