হৃদয়ত প্ৰেমৰ দিন শেষ নহয়

 

প্ৰেমৰ দিন শেষ হয় বুলি ভাবিলেও

হৃদয়ত প্ৰেমৰ দিন শেষ নহয়।

দুপৰীয়া নেমুৰ ফুলৰ সুবাসেই

এই পৃথিৱীত আনে প্ৰেমৰ আহ্বান। 


প্ৰেম কি—

এক ৰাশি নিস্তব্ধতাৰ মাজত

বন ফৰিঙৰ গান,

আকাশ ভৰা চিমলুৰ ৰঙা ৰং,

বুকু ভৰা অনুভৱৰ স্পন্দন । 


গভীৰ ৰাতি কাঁচি  জোনৰ পোহৰত

বুকুৰ সোনালি খেতিপথাৰৰ পৰা

কোনোৱে মুঠি মুঠি ধান কাটি নিয়ে,

এফালে পৰি থাকে নিৰৱ নদী। 


প্রেমৰ  সুবাস ভৰা সেউজী ঘাঁসত

শুই পৰোঁ মই,

সি কাষত বহি  চাই থাকে একে থৰে ,

আৰু মই অভিমানী চকুত হেৰাই গৈ থাকো  ।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

সমন্বয় আৰু বহাগ বিহু

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?